সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

চলাচল আৰম্ভ হ’ব যাত্ৰীবাহী ৰেলৰ ! কৰপৰা কেনেকৈ পাব টিকট ?

চলাচল আৰম্ভ হ’ব যাত্ৰীবাহী ৰেলৰ
কৰপৰা কেনেকৈ পাব টিকট
কেতিয়া আৰম্ভ হ’ব বুকিং
ভাৰতীয় ৰেলৱে আৰম্ভ কৰিব লৈছে যাত্ৰীবাহী ৰেল সেৱা ৷
১২ মে’ৰ পৰা চলিব বিশেষ ৰেল ৷ প্ৰথম ১৫ খন ৰেল চলিব নিউ দিল্লী ষ্টেচনৰ পৰা ৷ ট্ৰেইন চলিব ক্ৰমে ডিব্ৰুগড় , আগৰতলা , হাওৰা , পাটনা , বিলাসপুৰ , ৰাচী , ছেকেন্দ্ৰাবাদ , বেংগালুৰু ৷ চেন্নাই , থিৰুৱনন্তপুৰম , মাদগাও , মুম্বাই চেন্ত্ৰেল , আহমেদাবাদ আৰু জন্মু টাৱৈলৈ ৷ কাইলৈ ১১ মে’ৰ বিয়লি ৪ বজাৰ পৰা আৰম্ভ হ’ব বুকিং ৷ irctc ৰ নিজা ৱেবচাইটত কেৱল উপলব্ধ হ’ব টিকট ৷ উপযুক্ত টিকট থকা যাত্ৰীহে প্ৰৱেশ কৰিব পাৰিব প্লেটফৰ্মত ৷ মাস্ক আৰু স্বাস্থ্য পৰীক্ষা বাধ্যতামূলক হ’ব লগতে কেৱল ক’ৰোণা উপসৰ্গবিহীন যাত্ৰীয়েহে ভ্ৰমণ কৰিব পাৰিব এই ট্ৰেইনত ৷

Leave A Reply

Your email address will not be published.