সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ক’ৰোনা : ১ লাখৰ সংখ্যা অতিক্ৰম কৰাৰ দিশে ভাৰত

ভাৰতত যোৱা দুদিন ধৰি ১০.৫ % হাৰত ক’ৰোনাৰ সংক্ৰমণ বৃদ্ধি পাইছে৷ আজি পুৱাৰ ভাগলৈ দেশত মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হৈছে ৮১,৯৭০ ৷ যোৱা বুধবাৰে এই সংখ্যা আছিল ৭৪,২৮১ ৷কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে আজি পুৱা এই তথ্য প্ৰকাশ কৰিছে৷ যদি একেই হাৰত সংক্ৰমণ অব্যাহত থাকে তেনেহ’লে অহা মঙলবাৰ পৰ্যন্ত ভাৰতত ক’ৰোনা আক্ৰান্তৰ সংখ্যাই ১ লাখৰ সংখ্যা অতিক্ৰম কৰিব৷ বৰ্তমান মহাৰাষ্ট্ৰত সৰ্বাধিক চিকিৎসাধীন ৰোগী আছে ,এই সংখ্যা হ’ল ২০,৪৬৬৷ তামিলনাডুত ৭,৩৬৮ গৰাকী , দিল্লীত ৫,৩১০ গৰাকী ,গুজৰাটত ৫,২৫২ গৰাকী আৰু মধ্যপ্ৰদেশত ২,০১৮ গৰাকী চিকিৎসাধীন ক’ৰোনা ৰোগী আছে৷ সমগ্ৰ দেশত এই সংখ্যা হ’ল ৫১,৪০১৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.