সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কথা আছিল এবছৰত এক লাখক চাকৰি দিয়াৰ,কিন্তু চাৰি মাহত বাঢ়িল আঢ়ৈ লাখ নিবনুৱা?

গণি গণি একলাখ লোকক চাকৰি দিম কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই৷কিন্তু এবছৰত এক লাখৰ চাকৰি দূৰৰ কথা,চাৰি মাহত অসমত জন্ম হল আঢ়ৈ লাখ নিবনুৱা৷হিমন্ত বিশ্ব শর্মা অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত বিগত ছেপ্টেম্বৰ মাহৰ পৰা জানুৱাৰী মাহলৈ ৰাজ্যত জন্ম হৈছে আঢ়ৈ লাখ নিবনুৱা৷
অসম চৰকাৰে আয়োজন কৰিছিল জব মেলা৷জব মেলাত ৰাজ্যৰ ভিন্ন প্ৰান্তত উবুৰি খাই পৰিছিল অগনন নিবনুৱা যুৱক যুৱতী৷কিন্তু যোগ্যতা অনুসৰি চাকৰি নাপাই নিৰাশ হৈ ঘুৰি গৈছিল অসমৰ লাখ লাখ নিবনুৱা৷তাৰ মাজতে এতিয়া দক্ষতা,নিয়োগ আৰু উদ্যমিতা বিভাগে প্ৰদান কৰিছে এক উদ্দেগজনক তথ্য৷এই তথ্য অনুসৰি,বিগত চাৰিটা মাহত ৰাজ্যত জন্ম হৈছে নতুন আঢ়ৈ লাখ নিবনুৱা৷প্ৰাগ নিউজ ডিজিটেলৰ এক বাতৰি অনুসৰি,২০২১ চনৰ ২৭ ছেপ্তেম্বৰৰ পৰা ২০২২ চনৰ ২০ জানুৱাৰীলৈ ৰাজ্যৰ নিয়োগ বিনিময় কেন্দ্ৰ সমূহত প্ৰঞ্জীয়ন কৰিছে ২ লাখ,৫৩ হাজাৰ,৮০০ গৰাকী নিবনুৱাই৷অর্থাৎ হিমন্ত বিশ্ব শর্মাৰ এবছৰত এক লাখক চাকৰি প্ৰদান কৰাৰ বিপৰীতে চাৰি মাহত জন্ম হল অতিৰিক্ত আঢ়ৈ লাখ নিবনুৱা৷
উল্েখনীয় যে, ২০১৮ত অসমত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা আছিল ২০,২৪,৪৪৬জন৷দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ তথ্য অনুসৰি, বিগত বৰ্ষৰ জুন পৰ্যন্ত ৰাজ্যৰ নিয়োগ বিনিময় কেন্দ্ৰসমূহত সৰ্বমুঠ ২১,৫০,৮৭১ জন নিবনুৱাই পঞ্জীয়ন কৰিছে৷ ইয়াৰ পৰৱৰ্তী সময়ত ২০২১ৰ ২৭ ছেপ্তেম্বৰৰ পৰা চলিত বৰ্ষৰ ২০ জানুৱাৰীলৈ ২,৫৩,৮০০ জনে অনলাইন পঞ্জীয়ন কৰিছে৷বিগত বৰ্ষৰ ডিচেম্বৰলৈ ৰাজ্যৰ নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়নভুক্ত হৈ থকা নিবনুৱাসকলৰ ভিতৰত ৩,৩৩,৪২৮ জন স্নাতক ডিগ্ৰীধাৰী হোৱাৰ বিপৰীতে ১৭,৩১১ জন স্নাতকোত্তৰ ডিগ্ৰীধাৰী নিবনুৱা৷ সমান্তৰালভাৱে, ১৬,৯১৩ জন ঔদ্যোগিক প্ৰশিক্ষণপ্ৰাপ্ত, ৯,৫২১ জন ডিপ্ল’মা, ৮,১৩৬ জন ইঞ্জিনীয়াৰিং, ৮৬৫ জন মেডিকেল, ৩৪৫ জন পশু চিকিৎসা আৰু ২৯৯ জন কৃষি স্নাতক ডিগ্ৰীধাৰী৷

 

 

- Donation -

Leave A Reply

Your email address will not be published.