ৰাহুল গান্ধীৰ সৈতে মুচকান খানৰ ভূৱা ফটোৰ প্ৰচাৰ চলাইছে কোনে?

Share This Article

মুছকান খানক লৈ আৰম্ভ হল ৰাজনীতি৷মুছকান খান কনার্টকৰ এগৰাকী শিক্ষার্থী৷কলেজলৈ হিজাব পৰিধান কৰি কলেজলৈ গৈছিল মুছকান খান৷তেতিয়াই গেৰুৱা বসন পিন্ধা এদল শিক্ষার্থীয়ে জয় শ্ৰীৰাম শ্ল’গান দি প্ৰতিবাদ সাব্যস্ত কৰে মুছকান খানৰ সন্মুখত৷মুছকান খানেও আল্লাহু আকবৰ বুলি চিঞৰি প্ৰত্যাহ্বান জনাইছিল প্ৰতিবাদকাৰীক৷এতিয়া চচিয়েল মেডিয়াত প্ৰচাৰ চলোৱা হৈছে,মুছকান খানে কলেজতহে হিজাব পিন্ধে৷বাহিৰত নিপিন্ধে৷ৰাহুল গান্ধীৰ সৈতে উঠা ফটোও ভাইৰেল হৈছে চচিয়েল মেডিয়াত৷ইয়াৰ দ্বাৰা বুজাব চেষ্ট কৰা হৈছে,যে কংগ্ৰেছৰ সমর্থক মুছকান খানে কলেজলৈ হিজাব পৰিধান কৰি আহি উদেশ্যপ্ৰণোদিতভাবে সাম্প্ৰদায়িক বিতর্কৰ সৃষ্টি কৰিব বিচাৰিছে৷ প্ৰথমে মন কৰক এইখন ফটোলৈ৷ফটোখন ফেচবুকত আপলোড কৰিছে হিন্দু আই টি চেল নামৰ এটা ফেচবুক একাউন্টৰ পৰা৷ইয়াত দেখুৱা হৈছে দুখন ছবি৷এখনত দেখা গৈছে কলেজত হিজাব পৰিহিত মুছকানক আৰু আনখনত দেখা গৈছে সাধাৰণ পোছাক পৰিহিত মুছকানক৷ইয়াত দাবী কৰা হৈছে যে মুছকান খানে কলেজতহে হিজাব পৰিধান কৰে,বাহিৰত হিজাব পৰিধান নকৰে৷চচিয়েল মেডিয়াত ব্যাপক ৰুপত ভাইৰেল হৈছে এই ফটোখন৷
এতিয়া মন কৰক আন এখন ফটো৷এই ফটোখন কংগ্ৰেছনেতা ৰাহুল গান্ধীৰ সৈতে এগৰাকী যুৱতীক৷চচিয়েক মেডিয়াত ব্যাপক ৰুপত প্ৰচাৰ হৈছে এই ফটোখন৷দাবী কৰা হৈছে ৰাহুল গান্ধীৰ সৈতে থকা যুৱতী গৰাকী মুছকান খান৷ফেচবুকত ফটোখন শ্বেয়াৰ কৰি প্ৰশ্ন উত্থাপন কৰা হৈছে,এতিয়া হিজাব কিয় নাই?টুইটাৰ আৰু ফেচবুকত ব্যাপক ৰুপত প্ৰচাৰ হৈছে ফটোখন৷কিন্তু এই দাবী কিমান সচা?
প্ৰথমে ফেক্ট চেক কৰিছো এই ফটোখনৰ৷গুগুলত ৰিভার্চ ইমেজ চার্চ কৰি গম পোৱা গ’ল,যে এই ফটোখন ২০১৮ চনতেই আপলোড হৈছিলনাজমা নাজিৰ চিক্কানাৰাল নামৰ এটা ফেচবুক পেজৰ পৰা৷নাজমা নাৰাম হৈছে কনাটর্ক জেডিএচৰ এগৰাকী কর্মী৷অর্থাৎ,মুচকান খান বুলি দাবী কৰা এই যুৱতী গৰাকী কোনোকাৰণতে মুছকান খান নহয়৷নাজমা নাজিৰৰ ফটোক মুছকান খান বুলি অপপ্ৰচাৰ চলোৱা হৈছিল চচিয়েল মেডিয়াত৷
এতিয়া আহিছো ৰাহুল গান্ধীৰ ফটোলৈ৷এটা টুইটত জানিব পৰা গ’ল যে ৰাহুল গান্ধীৰ লগত ফটোত থকা এইগৰাকী জুৱতী মুছকান খান নহয়,সেইয়া ঝাৰখণ্ডৰ কংগ্ৰেছী বিধায়িকা আম্বা প্ৰসাদৰহে৷এইবাৰ মন কৰক গুগুলত আম্বা প্ৰসাদ বুলি চার্চ কৰাৰ পিছত উপলব্ধ হোৱা এই সমূহ ফটোলৈ৷ইয়াৰ পৰা নিশ্চিত যে ৰাহুল গান্ধীৰ লগত ফটোত দেখা এইগৰাকী যুৱতী মুচকান খান নহয়,আম্বা প্ৰসাদহে৷আনহাতে ঝাৰখণ্ডৰ বিধায়িকা গৰাকীয়েই চচিয়েল মেডিয়াত ভাইৰেল হৈ পৰা এই ফটোখন সন্দর্ভত ষ্পষ্টিকৰণ প্ৰদান কৰি কয়,ৰাহুল গান্ধীৰ লগত ফটোত এইয়া মি,কনার্টকৰ মুচকান খান নহয়৷

এনেদৰেই মুচকান খান লৈ এতিয়া আৰম্ভ কৰা হৈছে নতুন ৰাজনীতি৷অপপ্ৰচাৰ চলোৱা হৈছে যে মুছকান খান কংগ্ৰেছৰ সমর্থক৷অপপ্ৰচাৰ চলাই কোৱা হৈছে,যে মুচকান খানে কেবল কলেজলৈহে হিজাব পৰিধান কৰি আহে৷কিন্তু এই দাবী যে ভুল,প্ৰমাণ হল এই ফেক্ট চেকত৷

এখনত দেখা গৈছে কলেজত হিজাব পৰিহিত মুছকানক আৰু আনখনত দেখা গৈছে সাধাৰণ পোছাক পৰিহিত মুছকানক৷ইয়াত দাবী কৰা হৈছে যে মুছকান খানে কলেজতহে হিজাব পৰিধান কৰে,বাহিৰত হিজাব পৰিধান নকৰে৷চচিয়েল মেডিয়াত ব্যাপক ৰুপত ভাইৰেল হৈছে এই ফটোখন৷
এতিয়া মন কৰক আন এখন ফটো৷এই ফটোখন কংগ্ৰেছনেতা ৰাহুল গান্ধীৰ সৈতে এগৰাকী যুৱতীক৷চচিয়েক মেডিয়াত ব্যাপক ৰুপত প্ৰচাৰ হৈছে এই ফটোখন৷দাবী কৰা হৈছে ৰাহুল গান্ধীৰ সৈতে থকা যুৱতী গৰাকী মুছকান খান৷ফেচবুকত ফটোখন শ্বেয়াৰ কৰি প্ৰশ্ন উত্থাপন কৰা হৈছে,এতিয়া হিজাব কিয় নাই?টুইটাৰ আৰু ফেচবুকত ব্যাপক ৰুপত প্ৰচাৰ হৈছে ফটোখন৷কিন্তু এই দাবী কিমান সচা?
প্ৰথমে ফেক্ট চেক কৰিছো এই ফটোখনৰ৷গুগুলত ৰিভার্চ ইমেজ চার্চ কৰি গম পোৱা গ’ল,যে এই ফটোখন ২০১৮ চনতেই আপলোড হৈছিলনাজমা নাজিৰ চিক্কানাৰাল নামৰ এটা ফেচবুক পেজৰ পৰা৷নাজমা নাৰাম হৈছে কনাটর্ক জেডিএচৰ এগৰাকী কর্মী৷অর্থাৎ,মুচকান খান বুলি দাবী কৰা এই যুৱতী গৰাকী কোনোকাৰণতে মুছকান খান নহয়৷নাজমা নাজিৰৰ ফটোক মুছকান খান বুলি অপপ্ৰচাৰ চলোৱা হৈছিল চচিয়েল মেডিয়াত৷
এতিয়া আহিছো ৰাহুল গান্ধীৰ ফটোলৈ৷এটা টুইটত জানিব পৰা গ’ল যে ৰাহুল গান্ধীৰ লগত ফটোত থকা এইগৰাকী জুৱতী মুছকান খান নহয়,সেইয়া ঝাৰখণ্ডৰ কংগ্ৰেছী বিধায়িকা আম্বা প্ৰসাদৰহে৷এইবাৰ মন কৰক গুগুলত আম্বা প্ৰসাদ বুলি চার্চ কৰাৰ পিছত উপলব্ধ হোৱা এই সমূহ ফটোলৈ৷ইয়াৰ পৰা নিশ্চিত যে ৰাহুল গান্ধীৰ লগত ফটোত দেখা এইগৰাকী যুৱতী মুচকান খান নহয়,আম্বা প্ৰসাদহে৷আনহাতে ঝাৰখণ্ডৰ বিধায়িকা গৰাকীয়েই চচিয়েল মেডিয়াত ভাইৰেল হৈ পৰা এই ফটোখন সন্দর্ভত ষ্পষ্টিকৰণ প্ৰদান কৰি কয়,ৰাহুল গান্ধীৰ লগত ফটোত এইয়া মি,কনার্টকৰ মুচকান খান নহয়৷

এনেদৰেই মুচকান খান লৈ এতিয়া আৰম্ভ কৰা হৈছে নতুন ৰাজনীতি৷অপপ্ৰচাৰ চলোৱা হৈছে যে মুছকান খান কংগ্ৰেছৰ সমর্থক৷অপপ্ৰচাৰ চলাই কোৱা হৈছে,যে মুচকান খানে কেবল কলেজলৈহে হিজাব পৰিধান কৰি আহে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.