উত্তৰ প্ৰদেশত বিজেপিয়ে ৩০০ তকৈও অধিক আসনত জয় লাভ কৰিব: যোগী আদিত্যনাথ

Share This Article

উত্তৰ প্ৰদেশত বিধানসভা নির্বাচনৰ ভোটগ্রহণ হৈ আছে। আজি দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণ। ১০ মাৰ্চত ঘোষণা হ’ব নিৰ্বাচনৰ ফলাফল। কিন্তু নিৰ্বাচনৰ ফলাফলৰ আগতেই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ মন্তব্য, উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৩০০ তকৈও অধিক আসনত জয় লাভ কৰিব। লগতে যোগীয়ে প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ হৈ যোৱা পাছতেই কয় যে, উত্তৰ প্ৰদেশৰ নিৰ্বাচন হৈছে ৮০ ৰ পৰা ২০ ৰ ভিতৰত এক প্ৰতিযোগিতা। ৮০ শতাংশই উত্তৰ প্ৰদেশৰ প্ৰগতিক লগতে বিজেপিক সমৰ্থন কৰে আৰু ২০ শতাংশহে সদায় প্ৰগতি তথা উত্তৰ প্ৰদেশৰ চৰকাৰক বিৰোধিতা কৰে। যোগী আদিত্যনাথ প্ৰৱল বিশ্বাসী যে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত আৰু জনসাধাৰণৰ সমৰ্থনত উত্তৰ প্ৰদেশত দ্বৈত ইঞ্জিনৰ চৰকাৰ পুনৰ ক্ষমতালৈ ঘূৰি আহিব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.