মূল বিষয়লৈ যোৱাৰ আগত মনত পেলাব বিচাৰিছো ৩৭ বছৰ আগৰ এটা কাহিনী৷ চন ১৯৮৮৷ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী৷ অটল বিহাৰী বাজপেয়ী বিৰোধী দলৰ এজন উদীয়মান যুৱ নেতা৷ কংগ্ৰেছ আৰু বিজেপি তেতিয়া জাতশত্ৰু৷ হিন্দী বলয়ত অব্যাহত আছে কংগ্ৰেছৰ আধিপত্য৷ কিন্তু কংগ্ৰেছৰ ভেটিত চকু দিবলৈ আৰম্ভ কৰিছে বিজেপিয়ে৷ সেই সময়তে বিৰোধী নেতা বাজপেয়ী আক্ৰান্ত হ’ল কিডনীৰ জটিল ৰোগত৷ ১৯৮৫ চনতেই এটা কিডনী ইতিমধ্যে হেৰুৱাবলগীয়া হৈছিল বাজপেয়ীয়ে৷ তাৰ তিনি বছৰ পাছত আকৌ কিডনীৰ জটিল ৰোগে দেখা দিলে৷ বিৰোধী দলৰ নেতা হিচাপে বিদেশলৈ গৈ চিকিৎসা কৰিবলগীয়া হোৱাটোও এটা ব্যয়বহুল কাৰবাৰ৷ অটল বিহাৰী বাজপেয়ী দুঃশ্চিন্তাত পৰিল৷ সেই সময়ত কেনেবাকৈ খবৰটো কাণত পৰিল প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ৷প্ৰধানমন্ত্ৰী গান্ধীয়ে সিদ্ধান্ত ল’লে বাজপেয়ীয়ে চিকিৎসা আমেৰিকাত কৰোৱা উচিত৷ এদিন বাজপেয়ীক প্ৰধানমন্ত্ৰীয়ে মাতি পঠিয়ালে৷ ক’লে যে নিউয়ৰ্কলৈ যাবলগীয়া প্ৰতিনিধি দল এটাত তেওঁ বাজপেয়ীক অন্তৰ্ভুক্ত কৰিব বিচাৰিছে৷ যাতে আমেৰিকালৈ গৈ তেওঁ কিডনীৰ ৰোগৰ চিকিৎসা কৰাব পাৰে৷ সেইমতেই বাজপেয়ী চৰকাৰী প্ৰতিনিধি হৈ আমেৰিকালৈ গ’ল৷ সঠিক চিকিৎসা কৰাই সুস্থ হৈ দেশলৈ উভতিল৷দহ বছৰ পাছত যেতিয়া পুনৰ চেক আপৰ বাবে অটল বিহাৰী বাজপেয়ী আমেৰিকালৈ গ’ল তেতিয়া তেওঁ দেশৰ প্ৰধানমন্ত্ৰী৷ ৰাজীৱ গান্ধীৰ মহানুভৱতাকো মুকলিকৈ স্বীকাৰ কৰিবলৈ তেওঁ কেতিয়াও অস্বস্তি অনুভৱ নকৰিলে৷
এয়াই হ’ল ভাৰতীয় ৰাজনীতিৰ ঐতিহ্যপূৰ্ণ পৰম্পৰা৷ ৰাজনৈতিক বাদ বিবাদে কেতিয়াও স্থান পোৱা নাছিল ব্যক্তিগত সম্পৰ্কত৷ ৰাজনৈতিক শত্ৰুতা কেতিয়াও ব্যক্তিগত শত্ৰুতাত পৰিণত হোৱা নাছিল৷ কিন্তু সময় এতিয়া সলনি হ’ল৷ ৰাজনৈতিক বিবাদক ব্যক্তিগত কাজিয়াৰ ৰূপ দিবলৈ কোনেও কুণ্ঠবোধ নকৰা হ’ল৷ এনে এক প্ৰদূষিত ৰাজনৈতিক পৰিৱেশত ৰাজীৱ গান্ধী আৰু অটল বিহাৰী বাজপেয়ীৰ কাহিনী মনত পেলাবলগীয়া হ’ল এটা বিশেষ কাৰণত৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ এটা মন্তব্যই ৰাজীৱ গান্ধী আৰু বাজপেয়ীৰ প্ৰসংগ আকৌ প্ৰাসংগিক কৰি তুলিছে৷
- Donation -
ভূপেন বৰাই শেহতীয়া কেইবাটাও সাক্ষাৎকাৰত ঘোষণা কৰিছে যে অখিল গগৈৰ ৰাইজৰ দলৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা এতিয়া আৰু সম্ভৱ হৈ থকা নাই৷ তাৰ কাৰণ মূলতঃ দুটা ৷প্ৰথম, অখিল গগৈয়ে বিধানসভাত হিমন্ত বিশ্ব শৰ্মাৰ সৈতে দুৰ্বাদল কাজিয়া কৰে৷ তাৰ পাছত বাহিৰত ফুচফুচাই কথা পাতে৷ দ্বিতীয়, অখিল গগৈয়ে পীযুষ হাজৰিকাৰ সৈতে বিধানসভাত কাজিয়া কৰে৷ তাৰ পাছত কাজিৰঙাত একেলগে মাছ-মঙহেৰে ভাত খায়৷
দুটা বিৰোধী দলৰ মাজত নিৰ্বাচনকেন্দ্ৰিক মিত্ৰতা নোহোৱাৰ কাৰণ যদি এয়াই হয়, তেনেহ’লে ক’ব লাগিব যে কংগ্ৰেছে ৰাজনৈতিক সৌজন্যতাও পাহৰিবলৈ আৰম্ভ কৰিছে৷ বিধানসভাত অখিল গগৈয়ে যদি নীতিগতভাৱে বিজেপি চৰকাৰৰ বিৰোধিতা কৰিছে, তাৰ পাছত সমষ্টিৰ কাম লৈ মুখ্যমন্ত্ৰীৰ কাষ চাপিছে, সেয়া কেনেকৈ অপৰাধ হ’ব পাৰে? বিধানসভাত পীযুষ হাজৰিকাৰ বিভাগৰ বিৰুদ্ধে সৰৱ হৈ মন্ত্ৰীগৰাকীক যদি কাজিৰঙা অৰ্কিড পাৰ্কত আপ্যায়ন কৰিছে, সেয়া কেনেকৈ অপৰাধ হ’ব পাৰে? এয়া অপৰাধ নে ৰাজনৈতিক শালীনতা সেয়া ৰাইজেই বিচাৰ কৰিব৷ কিন্তু ভূপেন বৰাৰ প্ৰতিও এটা প্ৰশ্ন থাকিব –কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা হ’বলৈ বিধানসভাৰ বাহিৰত অখিল গগৈয়ে মুখ্যমন্ত্ৰীৰ সৈতে ঘুচিয়াঘুচি কৰিব লাগিব নেকি? কংগ্ৰেছৰ বিশ্বাসভাজন হ’বলৈ অখিল গগৈয়ে মন্ত্ৰী পীযুষ হাজৰিকাক ৰাস্তাত দেখিলেই আস্তিন কোচাই খেদি যাব লাগিব নেকি?
যদি মিত্ৰতাৰ বাবে কংগ্ৰেছৰ চৰ্ত এয়াই হয়, তেনেহ’লে অসমৰ বিৰোধী ৰাজনীতিত ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক দিন একো থাকিব নোৱাৰে৷ কংগ্ৰেছ সভাপতি ভূপেন বৰাই অসমত মিত্ৰতাৰ বাবে যি পৰিৱেশৰ কথা ক’বলৈ বিচাৰিছে, সেইখন অসমত শাসক আৰু বিৰোধী পক্ষই একেলগে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বিৰল উদাহৰণো আছে৷
তেনে এটা ঘটনাই দৰ্শকসকলক জনাবলৈ বিচাৰিছো৷ অসমৰ তেতিয়াৰ মুখ্যমন্ত্ৰী অসমৰ বিমলা প্ৰসাদ চলিহা কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছে৷তেওঁৰ প্ৰতিদ্বন্দ্বী আছিল কমিউনিষ্ট পাৰ্টিৰ নেতা খগেন বৰবৰা৷দুয়োৰে সমষ্টি আমগুৰি৷ চহকী বিমলা প্ৰসাদ চলিহা নিৰ্বাচনী সভালৈ গৈ থাকোঁতে পথত বাচৰ বাবে অপেক্ষা কৰি থকা খগেন বৰবৰাক দেখা পালে৷ ক’লৈ যাব বুলি সোধাত বৰবৰাই নিৰ্বাচনৰ সভাৰ কথা জনালে৷ বিমলা প্ৰসাদ চলিহাই লগেলগে খগেন বৰবৰাক নিজৰ গাড়ীত তুলি ল’লে আৰু নিৰ্বাচনী সভালৈ ৰাওনা হ’ল৷ নিৰ্বাচনত খগেন বৰবৰাৰ হাতত মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহা পৰাজিত হ’ল৷
এয়া আছিল অসমৰ ৰাজনৈতিক সংস্কৃতি৷ কিন্তু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মিত্ৰতা নকৰিবৰ বাবে যি অজুহাত দিব বিচাৰিছে, তাৰ পৰা এনে লাগে যেন অসমে আৰু বহু দিনলৈ সুস্থ ৰাজনৈতিক পৰিৱেশ, শালীন ৰাজনৈতিক আচৰণ দেখিবলৈ নাপাব৷ ৰাজনীতিৰ পথাৰখন যেন মল্লযুদ্ধৰ ৰিঙতহে পৰিণত হ’বলৈ গৈ আছে, শেহতীয়া ৰাজনৈতিক বক্তব্যই তেনে এটা দিনৰেই ইংগিত বহন কৰে৷