সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ঋষি চুনক আৰু ড: হিমন্ত বিশ্ব শৰ্মা

খাদ্য সংসাধন উদ্যোগ স্থাপনৰ বাবদ অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ মালিকানাধীন কোম্পানীয়ে লাভ কৰিলে ৰাজসাহায্যৰ অনুমোদন ।তাৰ পাছতেই দেশৰ ৰাজনীতিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মা মালিকানাধীন কোম্পানী প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে ভাৰত চৰকাৰৰ খাদ্য সংসাধন মন্ত্ৰালয়ৰ পৰা ২০২২ চনৰ নৱেম্বৰ মাহত লাভ কৰিছে ১০ কৌটি টকাৰ ৰাজসাহায্যৰ অনুমোদন । তাৰ পাছতেই প্ৰশ্ন উঠিছে – মুখ্যমন্ত্ৰীৰ পত্নীয়ে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব পাৰেনে নোৱাৰে ? একেসময়তে ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী ঋষি চুনকৰ প্ৰসংগও হৈ উঠিছে অত্যন্ত প্ৰাসংগিক ৷ পত্নীৰ সুবিধাৰ বাবে চৰকাৰী আঁচনি ঘোষণা কৰি তদন্তৰ সন্মুখীন হ’বলগীয়া হৈছে ব্ৰিটেইনৰ ভাৰতীয় মূলৰ প্ৰধানমন্ত্ৰীগৰাকী।
বিগত এপ্ৰিল মাহৰ কথা । বৃটিছ চৰকাৰে বাজেটত ঘোষণা কৰিলে এক বিশেষ আঁচনি ।তাৰ লগে লগে বৃটেইনৰ প্ৰধানমন্ত্ৰী ঋষি চুনকৰ বিৰুদ্ধে উত্থাপণ হ’ল পত্নীক চৰকাৰী আঁচনিৰ সুবিধা দিয়াৰ গুৰুতৰ অভিযোগ ।বৰ্ষাকালীন বাজেটত ঋষি চুনক চৰকাৰে ঘোষণা কৰিছিল এখন বিশেষ ‘চাইল্ড কেয়াৰ’ আঁচনি ।এই আঁচনিৰ জড়িয়তে ‘চাইল্ড কেয়াৰ’ৰ প্ৰশিক্ষণ দিয়াৰ বিনিময়ত ব্যক্তিগত সংস্থাক দিয়া হ’ব ১২০০ পাউণ্ডৰ সাহায্য । তাৰ পাছতেই প্ৰশ্ন উত্থাপণ হ’বলৈ ধৰিলে যে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ পত্নীৰ লাভৰ বাবে এই আঁচনিৰ প্ৰৱৰ্তন কৰিছে । কিয়নো ঋষি চুনকৰ পত্নী ‘ক’ৰু কিডছ’ নামৰ এখন চাইল্ড কেয়াৰ ফাৰ্মৰ শ্বেয়াৰ হ’ল্ডাৰ । কিন্তু ঋষি চুনকে সেই তথ্য বাজেট ঘোষণাৰ আগতে সদৰী কৰা নাছিল । প্ৰধানমন্ত্ৰীৰ পত্নীৰ ‘চাইল্ড কেয়াৰ’ ফাৰ্মত শ্বেয়াৰ থকাৰ তথ্য প্ৰথমবাৰৰ বাবে পোহৰলৈ আনে ‘আই নিউজ পেপাৰ’ নামৰ এখন বাতৰি কাকতে । তাৰ পাছতেই বৃটেইনৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি হয় । খোদ প্ৰধানমন্ত্ৰী ঋষি চুনক সংসদীয় সমিতিৰ তদন্তৰ সন্মুখীন হয়। ঋষি চুনকৰ পত্নী হিতাধিকাৰী হোৱাই নাছিল । কিন্তু পত্নীৰ ব্যৱসায়ৰ লগত সম্পৰ্ক থকা আঁচনি ঘোষণা কৰিয়েই তদন্তৰ সন্মুখীন হ’ল বৃটেইনৰ প্ৰধানমন্ত্ৰীগৰাকী । কিন্তু অসমত মুখ্যমন্ত্ৰীৰ পত্নী হিতাধিকাৰী হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ । মুখ্যমন্ত্ৰীৰ মতে পত্নীয়ে কোনো ৰাজসাহায্য চৰকাৰৰ পৰা লাভ কৰা নাই। কিন্তু ভাৰত চৰকাৰৰ তথ্যই স্পষ্ট কৰে যে মুখ্যমন্ত্ৰীৰ পত্নীয়ে লাভ কৰিছে ১০ কৌটি টকাৰ ৰাজসাহায্যৰ অনুমোদন । মন্ত্ৰী পত্নীৰ এই ৰাজসাহায্য , এখন গাঁৱত দুটা দিনত ১০০ বিঘাতকৈ অধিক মাটি ক্ৰয় , ইয়াৰ কোনো এটাৰে কোনো উত্তৰ নাই , কোনো তদন্ত নাই ।

Leave A Reply

Your email address will not be published.