মোডী-শ্বাহৰ ৰাজ্যতেই সংকটত বিজেপি !

Share This Article

মাত্ৰ ৯ টা বছৰ ,মাত্ৰ ৯ টা বছৰতে বেয়াকৈ আমুৱালে বিজেপিক,বীতশ্ৰদ্ধ হ’ল বিজেপিৰ প্ৰতি জনতা।১৯৯৯ চনৰ পৰা দেশত একেলেথাৰিয়ে ক্ষমতাত আছিল কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ।কংগ্ৰেছ নেতৃত্বাধীন ইউপিএক শোচনীয়ভাৱে পৰাভূত কৰি ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপি দল কেন্দ্ৰত ক্ষমতালৈ আহিছিল।সেইবাৰ NDA ৰ মিত্ৰজোঁটে দখল কৰিছিল ২৮২ খন আসন।ইয়াৰ পিচত ২০১৯ চনৰ লোকসভাৰ নিৰ্বাচত ঘৰ ঘৰ মোডী,হৰ হৰ মোডী শ্লোগানেৰে সমগ্ৰ ভাৰতত মোডী জোৱাৰৰ সৃষ্টি কৰিছিল বিজেপিয়ে।মোডী ঢৌত বিঢৌত হৈছিল সমগ্ৰ দেশ।২০১৯ চনত আগতকৈও ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল বিজেপি।৩৫৩ খন আসন লাভ কৰিছিল বিজেপিৰ মিত্ৰজোঁটে।বিগত বিধানসভাৰ নিৰ্বাচনত বিজেপিৰ বাবে গুজৰাট জয় আছিল একেবাৰে সহজ।গুজৰাট জয়ৰ ক্ষেত্ৰত বিজেপিৰ বাবে প্ৰধানমন্ত্ৰী মোডীৰ মুখখনেই যথেষ্ট আছিল।কিন্তু এতিয়া আৰু বিজেপিৰ সেই দিন নাই।মাত্ৰ ৯ বছৰতেই আমনি লাগিল বিজেপিক !কংগ্ৰেছ নেতৃত্বাধীন ইউপিএক কিন্তু ১৫ বছৰ সুযোগ দিছিল ভাৰতীয়ই।গুজৰাটত বিগত বৰ্ষত অনুষ্ঠিত নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰা বিজেপিয়ে সেই সময়ত একপ্ৰকাৰ নিশ্চিহ্ন কৰিছিল কংগ্ৰেছকে ধৰি আনবোৰ বিৰোধী দলক।ৰাজ্যখনৰ মুঠ ১৮২ খন আসনৰ ১৫৬ খনেই লাভ কৰিছিল বিজেপিয়ে।কিন্তু এতিয়া সেই বিজেপিয়েই মাত্ৰ এবছৰতে আমুৱালে জনতাক।বানাচকান্থা জিলাৰ বিজেপি নেতা হেমৰাজী চোলাংকী আৰু ৭ গৰাকী বিজেপিৰ নেতাই শেহতীয়াকৈ বিজেপি এৰি কংগ্ৰেছত যোগদান কৰে।চোলাংকী বিজেপি দলৰ অন্যতম জনপ্ৰিয় নেতা আছিল।বিজেপি যুব মৰ্চাৰ প্ৰাক্তন নেতা প্ৰমোদ ত্ৰাদায়ো অলপতে কংগ্ৰেছত যোগদান কৰে।তদুপৰি গুজৰাটী অভিনেতা জয়েশ ঠাকৰেও শেহতীয়াকৈ যোগদান কৰিছে কংগ্ৰেছত।কেৱল বিজেপিৰে নহয়,আপ দল ত্যাগ কৰিও কংগ্ৰেছত যোগদান কৰিছে কেইবাজনো জ্যেষ্ঠ নেতাই।চোটা উদেপুৰৰ জনজাতীয় নেতা অৰ্জুন ৰাথৱাই বিগত সপ্তাহত আপ দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰে । ‘ৰাজনৈতিকভাৱে দলটো গুৰুত্বহীন’ হোৱাৰ বাবেই আপ দল ত্যাগ কৰা বুলি জনাই অৰ্জুন ৰাথৱাই।গুজৰাট কংগ্ৰেছৰ মূৰব্বী শক্তিসিং গহীলৰ সন্মুখত কংগ্ৰেছ দলটোত যোগদান কৰি তেওঁ কয় ‘ মই ইয়াত ক্ষমতা লাভৰ বাবে আহিব বিচৰা নাই।মই বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ কংগ্ৰেছত যোগ দিছোঁ কাৰণ ২০২৪ চনত সকলোৱে দেশত পৰিবৰ্তন হোৱাটো বিচাৰিছে।’আপ দলৰ প্ৰাক্তন উপসভাপতি আৰু প্ৰাক্তন অধ্যাপক ৰাথৱাই কয় যে আপ দলে জ্যেষ্ঠ নেতাসকলক একাষৰীয়া কৰাৰ লগতে ৰাজনৈতিক আকাংক্ষা নৰখাকৈ দলটো চলাই আছে।মঙলবাৰে তেওঁ এই কথা স্পষ্ট কৰি দিয়ে যে তেওঁৰ যুদ্ধ কেৱল বিজেপিৰ বিৰুদ্ধেহে।তেওঁ লগতে কয় ‘ মই ২০১৩ চনৰ পৰা আপৰ লগত আছোঁ৷সেই সময়ত গুজৰাটত কোনো ভেটিয়েই নাছিল।ৰাজ্যখনৰ প্ৰতিখন জিলা ঘূৰি ঘূৰি মই দলৰ সদস্য গোটাইছিলোঁ।মই জনজাতীয় লোকসকলক বুজাইছিলোঁ যে আপ দলে তেওঁলোকৰ শিক্ষা,স্বাস্থ্য,সামাজিক উন্নয়নৰ হকে যুঁজ দিব৷কিন্তু মোৰ সপোনবোৰ আপত ভাঙি চূৰমাৰ হ’ল।সেয়ে মই কংগ্ৰেছত যোগদান কৰিলোঁ।দুৰ্নীতিৰ বিৰুদ্ধে মোৰ এই যুঁজ অব্যাহত থাকিব।মই সকলো জাতি-উপজাতিৰ উন্নয়নৰ বাবে কাম কৰিবলৈ বদ্ধপৰিকৰ।’

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.