নেতাক টিছু পেপাৰৰ দৰে ব্যৱহাৰ বিজেপিৰ !

Share This Article

শাসক দল বিজেপিত বিসম্বাদে লৈছে ভয়ংকৰ ৰূপ।অসমৰ পৰা আৰম্ভ কৰি হিমাচল প্ৰদেশলৈকে,কৰ্ণাটকৰ পৰা আৰম্ভ কৰি মণিপুৰলৈকে সকলোতে বিজেপি দলৰ মাজত অনিয়ন্ত্ৰিত বিসম্বাদে গা কৰি উঠিছে৷কৰ্ণাটকত লিংগায়ট সম্প্ৰদায়ে ইতিমধ্যে সংগ ত্যাগ কৰিছে বিজেপিৰ।বিজেপিত থকা লিংগায়ট সম্প্ৰদায়ৰ বহুকেইজন নেতাই ইতিমধ্যে বিসম্বাদ নিৰ্মূলৰ বাবে আয়োজন কৰা সভালৈ নগৈ তেওঁলোক যে বিসম্বাদীয়েই হৈ থাকিব সেয়া স্পষ্ট কৰিছে ।লিংগায়ট সম্প্ৰদায়ৰ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী জগদীশ ছাট্টাৰে ইতিমধ্যে কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনৰ আগতেই ত্যাগ কৰিছে বিজেপি।আনহাতে,কৰ্ণাটকৰ প্ৰাক্তন মন্ত্ৰী আৰ অশোকাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰিছে প্ৰাক্তন ডেপুটী মেয়ৰ এল শ্ৰীনিবাসে।এল শ্ৰীনিবাসৰ মতে আৰ অশোকে তেওঁলোকৰ দৰে নেতাসকলক টিছু পেপাৰৰ দৰে ব্যৱহাৰ কৰে।শ্ৰীনিবাসে কয় ‘ আমাক কেৱল টিছু পেপাৰৰ দৰে ব্যৱহাৰ কৰা হৈছিল।তেওঁলোকে নিৰ্বাচনৰ সময়ত আমাক ব্যৱহাৰ কৰে৷নিৰ্বাচনৰ পিছত পাহৰি যায়৷ইয়াৰ পৰাই বুজা যায় যে তেওঁ এগৰাকী মহা সুবিধাবাদী নেতা।’উল্লেখ্য যে অহা শুকুৰবাৰে শ্ৰীনিবাসে কংগ্ৰেছত যোগদান কৰিব।তেওঁ লগতে দাবী কৰে যে তেওঁৰ লগতে আৰু ১১জন বিজেপি নেতাই একেদিনাই কংগ্ৰেছত যোগদান কৰিব।দক্ষিণ বাংগালুৰুৰ বিজেপি সভাপতি এন আৰ ৰমেশে কয় ‘ বিজেপি এৰি কংগ্ৰেছলৈ নাযাবৰ বাবে তেওঁলোকক যথেষ্ট বুজোৱা হৈছিল।কিন্তু সকলো বুজনি অথলে গ’ল৷মই নিজাকৈয়ো তেওঁলোকক যথেষ্ট বুজনি দিছিলোঁ৷কিন্তু তেওঁলোক নিজৰ সিদ্ধান্তত অটল।’ৰাজ্যৰ পৰিবহন মন্ত্ৰী আৰ ৰামলিংগ ৰেড্ডীয়ে কয় যে স্থানীয় নেতৃত্ব আৰু বহুবোৰ বিধায়কে বিজেপিৰ কাণ্ড কাৰখানাক লৈ মানসিকভাৱে ভাঙি পৰিছে৷সেয়ে তেওঁলোক দল ত্যাগ কৰিবলৈ বাধ্য হৈছে৷বাংগালুৰু মিউনিচিপেলিটিৰ প্ৰায়বোৰ সদস্যই বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰাটো নিশ্চিত কৰিছে ৷বিজেপিত কেৱল কিছুসংখ্যক নেতাইহে গুৰুত্ব পাই আহিছে বুলি অভিযোগ তুলিছে এই নেতাসকলে৷তদুপৰি বিজেপি নেতাসকলে ধৰ্মক লৈ ৰাজনীতি কৰি জনতাৰ সমৰ্থন হেৰুৱাইছে বুলিও ধাৰণা কৰিছে দলত্যাগ কৰিব খোজা নেতাসকলে৷তেওঁলোকৰ মতে কৰ্ণাটকৰ দৰে হিন্দুপ্ৰধান ৰাজ্যত বিজেপিযে বিগত নিৰ্বাচনত মাত্ৰ ৬৬ খন আসনতে সীমাবদ্ধ থকাটোৱেই প্ৰতিপন্ন কৰে যে বিজেপিৰ প্ৰতি জনতাৰ মোহভংগ হৈছে৷কৰ্ণাটকত ৮৬% লোকেই হিন্দু হোৱাৰ পিছতো কিন্তু বিজেপি দলে মাত্ৰ ৬৬ খন আসনহে লাভ কৰিলে বিগত বিধানসভাৰ নিৰ্বাচনত৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.