সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ঋণতো ৰেহাই নহ’লেই,মুখ্যমন্ত্ৰীৰ সাক্ষাতো নাপায় জালুকবাৰীৰ মহিলাই

মুখ্যমন্ত্ৰীক বিচাৰি দিছপুৰ পালেহি এদল মহিলা। মাইক্ৰফাইনেঞ্চৰ ঋণ ৰেহাইৰ নামত চৰকাৰে ৰামঠগন দিয়াৰ অভিযোগ মহিলাৰ।অসাৰ হ’ল মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি , মাইক্ৰফাইনেঞ্চৰ ঋণ ৰেহাইৰ নামত বঞ্চনা মহিলাক ।
নিৰ্বাচনত জয়ী হৈ মহিলাৰ দুৰ্দশাৰ কথা পাহৰিলে মুখ্যমন্ত্ৰীয়ে । মাইক্ৰ’ ফাইনেঞ্চৰ ঋণ ৰেহাই আছিল বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি ।মাইক্ৰ’ফাইনেন্সৰ মকৰা জালৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ৰাজ্যৰ মহিলা সকলে ভোট দিছিল বিজেপিক । কিন্তু সঁচাকৈয়ে মাইক্ৰ’ ফাইনেন্সৰ ঋণৰ পৰা মুক্ত হ’ব পাৰিছে নে মহিলাসকল ? অন্ততঃ ছবিয়ে মিছা কথা নকয় । মঙলবাৰে মুখ্যমন্ত্ৰীক বিচাৰি দিছপুৰ পালেহি এইসকল মহিলা। মাইক্ৰ’ফাইনেঞ্চৰ ফুটা কঢ়ি এটাও ঋণ মাফ নহল তেওঁলোকৰ । চৰকাৰলৈ অপেক্ষা কৰি এতিয়া ঋণৰ বোজা দিনক দিনে বৃদ্ধিহে পাইছে তেওঁলোকৰ । বৃদ্ধি পাইছে এজেন্টৰ হাৰাশাস্তিও।মুখ্যমন্ত্ৰীক বিচাৰি আহিলেও মুখ্যমন্ত্ৰীৰ সাক্ষাৎ নাপায় তেওঁলোকে । আনকি মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়েও নকৰিলে সাক্ষাৎ । কেৱল জালুকবাৰী সমষ্টিৰ ভোটাৰক গুৰুত্ব দিয়াৰ অভিযোগ ভুক্তভোগী মহিলাসকলৰ ।কেৱল এয়াই নহয় , অৰুণোদয় আঁচনিয়েও ঢুকি পোৱা নাই তেওঁলোকক । মুঠতে নিৰ্বাচনত জয়ী হ’লেও হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী গীতৰ দৰে তেওঁলোকৰ বাবে কোনো সুখৰ বতৰা লৈ অহা নাই মুখ্যমন্ত্ৰীয়ে । বিপৰীতে বৃদ্ধি পালে দুখ দুৰ্দশা আৰু আতিশয্য ।এয়াই হ’ল বিজেপিৰ ‘আচ্ছে দিন’ । এয়াই হ’ল মাইক্ৰফাইনেঞ্চৰ ঋণ ৰেহাই আঁচনিৰ প্ৰকৃত স্বৰূপ । ডাঙৰ ডাঙৰ হৰফত কাকতত দিয়া বিজ্ঞাপনৰ আঁৰৰ দৃশ্য । নিৰ্বাচনত পাৱে পৰি হৰি আৰু নিৰ্বাচনৰ পিছত মুখ্যমন্ত্ৰীৰ বিষয়ায়াকো সাক্ষাৎ নাপায় সাধাৰণ ভোটাৰে । ফলত এইদৰে এতিয়া দিছপুৰলৈ তাত বাটি কঢ়িয়াব লগা হৈছে এই সকল মহিলাই ।

Leave A Reply

Your email address will not be published.