জক’ভিচৰ প্ৰতিভাই থৰ কৰিব চকু !

Share This Article

কথা পাতিব পাৰে ৫টা ভাষাতল তেওঁ পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ টেনিছ খেলুৱৈ ।সৰুতে কাগজৰ পৰা তৈয়াৰ কৰিছিল ট্ৰফী
তেওঁৰ নাম ন’ভাক জ’কভিচ।কিন্তু আপুনি টেনিছ জগতৰ বাহিৰেও ন’ভাক জকভিচৰ বিষয়ে কিবা জানেনে? ১৯৯৯ চনৰ আৰু মে’ মাহ। এজন ১২ বছৰীয়া ল’ৰা বন্ধুবৰ্গৰ সৈতে টেনিছ কোৰ্টত কাটি আছিল কেক। কেক কাটি থাকোঁতেই এখন যুঁজাৰু এফ-117 পাৰ হৈ যায় আৰু কেক কাটি থকা ১২ বছৰীয়া শিশু সকলৰ পৰা অলপ দূৰত্বত বোমাটো পেলাই থৈ যায়। সেই ১২ বছৰীয়া শিশুসকলৰ মাজতেই আছিল ছাৰ্বিয়াৰ ৰাজধানী বেলগ্ৰেডত জন্মগ্ৰহণ কৰা বৰ্তমানৰ বিশ্বৰ এক নম্বৰ টেনিছ খেলুৱৈ ন’ভাক জক’ভিচ। সাতটা উইম্বলডন, তিনিটা ইউএছ অপেন আৰু দুটা ফ্ৰেঞ্চ অপেন জয় কৰা টেনিছ খেলুৱৈগৰাকীয়ে শেহতীয়াকৈ দশমবাৰৰ বাবে অষ্ট্ৰেলিয়ান অপেন জয় কৰে। টেনিছ জগতত ‘ছুপাৰ নোভাক’ হিচাপে পৰিচিত ন’ভাক জ’কভিচ। ৪ বছৰ বয়সত টেনিছ ৰেকেট ধৰিবলৈ আৰম্ভ কৰিছিল ন’ভাক জক’ভিচে। জক’ভিচৰ পিতৃ-মাতৃয়ে ছাৰ্বিয়াৰ কপনিক নামৰ এটা পাহাৰীয়া ৰিজৰ্টত কৰিছিল ব্যৱসায়। ৭ বছৰ বয়সত জক’ভিছে সিদ্ধান্ত লৈছিল এজন টেনিছ খেলুৱৈ হিচাপে কেৰিয়াৰ আৰম্ভ কৰাৰ কথা।জক’ভিচে এটা সাক্ষাৎকাৰত কৈছিল, সৰুতে মনোবল বঢ়াবলৈ কাগজ আৰু কাঠেৰে ঘৰত টেনিছ ট্ৰফী তৈয়াৰ কৰিছিল। ১৮ বছৰ বয়সত প্ৰথম এটিপি খিতাপ জয় জ’কভিচৰ।মাত্ৰ ১৮ বছৰ বয়সতে ন’ভাক জ’কভিচে জয় কৰিছিল জীৱনৰ প্ৰথমটো এটিপি খিতাপ। সেয়াই সফল আৰম্ভণি। ছাৰ্বিয়াৰ ন’ভাক জ’কভিচ হৈছে এটিপি ৰেংকিঙত এক নম্বৰ হোৱা প্ৰথম টেনিছ খেলুৱৈ। একে সময়তে পুৰুষৰ শাখাত গ্ৰেণ্ড শ্লেম জয় কৰা প্ৰথম ছাৰ্বিয়ান খেলুৱৈ ন’ভাক জক’ভিচ। প্ৰথম এটিপি খিতাপ জয় কৰাৰ পিছত জক’ভিচে খেলৰ সময়ত মাজে-মাজে উশাহ-নিশাহ লওঁতে কষ্ট অনুভৱ কৰিছিল আৰু সোনকালে ভাগৰি পৰিছিল টেনিছ ক’ৰ্টত। তাৰ পিছত নভাক জক’ভিছে আহাৰৰ ক্ষেত্ৰত দিব লগা হয় বিশেষ গুৰুত্ব। পিজ্জা-চ’ডা খোৱাৰ প্ৰতি আসক্ত থকা নভাক জকভিচে এৰিব লগা হয় পিজ্জা-চ’ডা। লগতে গ্লুটেন, চেনী আৰু দুগ্ধজাত সামগ্ৰীয়ো এৰিব লগীয়া হৈছিল।ছাৰ্বিয়াৰ ৰাজধানী বেলগ্ৰেডত জন্মগ্ৰহণ কৰা জক’ভিচৰ আজি ছাৰ্বিয়াৰ পৰা স্পেইনলৈকে আছে বিলাসী বাংলো।জক’ভিচে কোভিডৰ সময়ত স্পেইনৰ মাৰ্বেলাত কিনিছিল এটা বিলাসী বাংলো। নভাক জক’ভিচে বাংলোটো প্ৰায় ৭৫ কোটি টকাত ক্ৰয় কৰিছিল। বাংলোটোত ৯ টা শোৱনি কোঠা,৮ টা বাথৰুম, চুইমিং পুল, চিনেমা হল আৰু জিম আছে। যেতিয়া পৃথিৱী লকডাউনত স্তব্ধ হৈ পৰিছিল, জক’ভিচে ঘৰৰ লিভিং ৰুমটো টেনিছ ক’ৰ্ট হিচাপে ব্যৱহাৰ কৰি অব্যাহত ৰাখিছিল নিজৰ অনুশীলন। এই বাংলোৰ উপৰিও জক’ভিচৰ ফ্ল’ৰিডা, আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক আৰু ছাৰ্বিয়াৰ নিউ বেলগ্ৰেডতো আছে সম্পত্তি। ছাৰ্বিয়ান টেনিছ ছুপাৰষ্টাৰ নভাক জক’ভিচৰ আছে বিলাসী গাড়ী ‘পিউজ’ৰ ব্ৰেণ্ড এম্বেচেডৰ। জক’ভিচৰ ‘পিউজো ই-208’ নামৰ এখন সীমিত সংস্কৰণৰ বৈদ্যুতিক গাড়ী আছে, যিখন কোম্পানীয়ে ২০২০ চনত অষ্ট্ৰেলিয়ান অপেন জিকাৰ পিছত উপহাৰ দিছিল নভাক জক’ভিচক। তদুপৰি নভাক জক’ভিচৰ পাৰ্কিঙত মাৰ্চিডিজ বেঞ্জ এছ-500, বেণ্টলি কণ্টিনেণ্টেল জিটি, এষ্টন মাৰ্টিন ডিবি9 আৰু অডি আৰ 8 ৰ দৰে বিলাসী গাড়ী অন্তৰ্ভুক্ত হৈ আছে।নভাক জক’ভিচৰ বিলাসী ঘৰ, বিলাসী গাড়ীৰ লগতে ঘড়ীৰো আছে এক ছুপাৰ সংগ্ৰহ। বৰ্তমান জাপানৰ ঘড়ী কোম্পানী ‘চেইকো’ৰ ব্ৰেণ্ড এম্বেচেডৰ নভাক জকভিচ। চেইকো’য়ে কেইবাটাও ন’ভাক জক’ভিচ লিমিটেড এডিচনত তৈয়াৰ কৰিছে ঘড়ী।জক’ভিচে এক ধেমেলীয়া শৈলীৰে বহুতো ভাষাত কোৱাৰ বাবেও বিখ্যাত ।যদি আপুনি জক’ভিচৰ মেচবোৰ চাইছে তেন্তে ছাৰ্বিয়ান ভাষাৰ উপৰি ইংৰাজী, ইটালিয়ান, ফৰাচী আৰু অলপ স্পেনিছ ভাষাও কোৱাও শুনিবলৈ পাব। লগতে আনৰ অনুকৰণ আৰু অনুকৰণৰ বাবেও বিখ্যাত ন’ভাক জক’ভিচ।

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.