চাকৰি যাব ‘জুম’ৰ কৰ্মচাৰীৰ

Share This Article

কেইবাটাও বিশ্বৰ প্ৰসিদ্ধ প্ৰযুক্তি কোম্পানীয়ে ইতিমধ্যে নিজৰ কৰ্মচাৰীৰ সংখ্যা হ্ৰাস কৰিছে।জুম ভিডিঅ’কমিউনিকেশ্যনে মঙলবাৰে মুঠ ১৩০০ কৰ্মচাৰী অব্যাহতি দিয়াৰ কথা ঘোষণা কৰে।জুমৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে কয় ‘বিগত কেইবা বছৰো ধৰি জুমে প্ৰযুক্তিৰ জগতত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।যিকোনো ব্যৱসায়িক সংযোগ সম্পন্ন কৰাৰ ক্ষেত্ৰত জুমে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।আপোনালোক আৰম্ভণিৰে পৰা আছিল নে শেহতীয়াকৈ যোগদান কৰিছে ,সেইটো ডাঙৰ কথা নহয় ,কিন্তু আপোনালোক সকলোৱে আমাৰ কোম্পানী আগবাঢ়ি যোৱাত অৰিহণা যোগাইছে,সেয়ে এই সিন্ধান্তটো ঘোষণা কৰাটো আমাৰ বাবে এটা প্ৰত্যাহ্বান হিচাপে দেখা দিছে৷আমি বহুত দৃঢ় ,কঠোৰ তথা প্ৰয়োজনীয় সিদ্ধান্ত ল’বলগীয়া হ’ল।আমি আমাৰ টীমৰ ১৫% লোকক কামৰ পৰা অব্যাহতি দিব বিচাৰিছোঁ।প্ৰায় ১৩০০ অতি কষ্টসহিষ্ণু সহকৰ্মীক আমি বিদায় দিবলগীয়া হ’ল।’ক’ভিড মহামাৰীৰ পিছত জুমৰ ভিডিঅ’ চাৰ্ভিছ সেৱাৰ চাহিদা হ্ৰাস পায় যাৰ ফলত প্ৰায় ১৩০০ কৰ্মচাৰী আঁতৰোৱাৰ কথা ঘোষণা কৰিবলগীয়া হয় কোম্পানীটোৱে।লকডাউনৰ সময়ত জুম এক জনপ্ৰিয় ব্ৰেণ্ড হৈ পৰিছিল৷প্ৰতিখন কনফাৰেন্সৰ বাবে জুম এপটো ব্যৱহাৰ কৰাটো একপ্ৰকাৰ বাধ্যতামূলক হৈ পৰিছিল।মুখ্য কাৰ্যবাহী বিষয়া এৰিক ইউয়ানে কয় ” আগন্তুক বিত্তীয় বৰ্ষত প্ৰায় ৯৮% দৰমহা হ্ৰাস হ’ব৷মই মোৰ দৰমহা আগন্তুক বৰ্ষত ৯৮% হ্ৰাস কৰাৰ বাবে আৱেদন জনাইছোঁ।কাৰ্যবাহী সকলে ২০% বেচিক দৰমহা কমকৈ ল’ব।”২০২০ চনৰ অক্টোবৰৰ তুলনাত ভিডিঅ’ কল ব্যৱহাৰৰ পৰিমাণ ৯০% হ্ৰাস পাইছে৷ফলস্বৰূপে ব্যাপক লোকচানৰ সন্মুখীন হৈছে কোম্পানীটো।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.