সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আৰু মাত্ৰ ৩৯৯ দিন !

তেলেংগানাৰ খামামত ঐক্যবদ্ধ হ’ল বিৰোধী দল।২০২৪ চনত চৰকাৰ গঠনৰ লক্ষ্য বিৰোধীৰ।তেলেংগানাৰ মুখ্যমন্ত্ৰী তথা ভাৰত ৰাষ্ট্ৰ সমিতিৰ সভাপতি কে চন্দ্ৰশেখৰ ৰাওৰ নেতৃত্বত তেলেংগানাৰ খামামত অনুষ্ঠিত হৈছে বিৰোধী ঐক্যৰ বাবে এক সমাৱেশ।তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চি আৰৰ বাহিৰেও দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল,পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান,কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন,সমাজবাদী নেতা অখিলেশ যাদৱ আৰু চিপিআইৰ নেতা ডি ৰাজা তেলেংগানাৰ এই বৈঠকত উপস্থিত থাকে।তেলেংগানা ৰাষ্ট্ৰ সমিতিয়ে ৰাষ্ট্ৰীয় ৰাজনীতিত নাম সলনি কৰি প্ৰৱেশ কৰাৰ পিছত এইখনেই প্ৰথম এনে বিশাল বৈঠক।কেচিআৰে এই সমাৱেশ সম্বোধন কৰি কয় যে তেওঁৰ দলে ‘ অপ্ৰয়োজনীয় ব্যক্তিগতকৰণ’ৰ বিৰুদ্ধে সদায় যুঁজ দি যাব।কে চি আৰে কয় “শক্তিখণ্ড ব্যক্তিগত খণ্ডক চমজাই দিয়া হ’ল৷লাইফ ইঞ্চুৰেঞ্চ কোম্পানীবোৰো ব্যক্তিগতকৰণ কৰা হ’ল।বিশাখাপট্টনমৰ তীখা কাৰখানাও ব্যক্তিগতকৰণ কৰা হ’ল।মেক ইন ইণ্ডিয়া এতিয়া এটা কৌতুকলৈ পৰ্যবসিত হ’ল।কিন্তু দেশৰ য’তে ত’তে চীনৰ বজাৰ গঢ়ি উঠিল।”ৰাৱে কয় যে তেওঁৰ দল ক্ষমতালৈ আহিলে তেওঁ অগ্নিপথ আঁচনি বলবৎ হ’বলৈ নিদিয়ে।আনহাতে,কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে দেশৰ যুক্তৰাষ্ট্ৰীয় গাঁঠনি বিজেপিয়ে ভাঙি পেলোৱাৰ চেষ্টা কৰা বুলি উল্লেখ কৰি কয় “ মই বিশ্বাস কৰোঁ খামামত আমি পুনৰ আমাৰ ছন্দ ঘূৰাই আনিম।আমি আমাৰ স্বাধীনতা যুঁজত অৱতীৰ্ণ হৈ স্বাধীনতা কাঢ়ি আনিছিলোঁ।গতিকে আমি আশাবাদী যে আমি আমাৰ ধৰ্ম নিৰপেক্ষতা,আমাৰ গণতন্ত্ৰ আৰু সংবিধানক ৰক্ষা কৰিব পাৰিম।”আনহাতে,অৰবিন্দ কেজৰিৱালে দেশৰ নাগৰিকক দেশৰ কথা ভাবিবলৈ আহ্বান জনায়।তদুপৰি দেশৰ নিবনুৱা সমস্যা,স্বাস্থ্যখণ্ডৰ সমস্যা,মূল্য বৃদ্ধিৰ সমস্যা আদিৰ দৰে বিষয়বোৰ ফঁহিয়াই চাইহে জনতাক ভোট দিবলৈ আহ্বান জনায়।আনহাতে,সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱে কয় যে আজিৰ পৰা ৩৯৯ দিন পিছত কেন্দ্ৰত বিজেপি চৰকাৰ নাথাকে৷বিজেপিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত প্ৰধানমন্ত্ৰী মোডীয়ে দিয়া ভাষণ সম্পৰ্কত তেওঁ কয় যে মোডীয়ে আৰু ৪০০ দিন হাতত থকাৰ কথা কৈছে ,ইয়াৰ পৰা এটা কথা স্পষ্ট যে বিজেপিয়ে বিদায়ৰ ক্ষণ গণিছে।আনহাতে, চিপিআইৰ নেতা ডি ৰাজাই কয় যে ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক দলবোৰে দেশে সন্মুখীন হোৱা ভাবুকিৰ বিষয়টো উপলব্ধি কৰা উচিত৷ৰাজাই কয় “ আমি একেলগে বিজেপি আৰু আৰএছএছৰ বিৰুদ্ধে যুঁজ দিব লাগিব৷আমি বিজেপিক ২০১৪ চনত হৰুৱাব লাগিব।এই বাৰ্তাটো আমি তেলেংগানাৰ বৈপ্লৱিক কেন্দ্ৰ খামামৰ পৰা সমগ্ৰ দেশলৈ প্ৰেৰণ কৰিব লাগিব।”

Leave A Reply

Your email address will not be published.