ত্ৰিপুৰাত নিঃসঙ্গ হ’ব বিজেপি

Share This Article

উত্তৰ পূবৰ ৩ খন ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা হ’ল।মেঘালয় আৰু নাগালেণ্ডত একেদিনাই নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বিপৰীতে ত্ৰিপুৰাত ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব নিৰ্বাচন।২০১৮ চনত ত্ৰিপুৰাত ২৫ বছৰীয়া বাওঁ দলৰ শাসনৰ অন্ত পেলাই ইতিহাস গঢ়িছিল বিজেপিয়ে।বিজেপিৰ মুখ্যমন্ত্ৰী হৈছিল বিপ্লৱ দেৱ।কিন্তু বিপ্লৱ দেৱৰ নেতৃত্বক লৈ অসন্তুষ্ট হোৱাৰ বাবে ২০২২চনৰ মাজভাগত বিপ্লৱ দেৱক অপসাৰণ কৰি মুখ্যমন্ত্ৰী পদত মাণিক শ্বাহাক অধিষ্ঠিত কৰা হয়।২০১৬ চনত বিজেপিত যোগদান কৰাৰ আগতে মাণিক শ্বাহা আছিল কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ নেতা।আনহাতে,চিপিআই(এম) আৰু কংগ্ৰেছ দল ইতিমধ্যে আসন ভাগবটোৱাৰাৰ চুক্তিত অৱতীৰ্ণ হৈছে৷তাৰ বিপৰীতে ৰাজ্যখনত শেহতীয়াকৈ নিজৰ স্থিতি সবল কৰিবলৈ সক্ষম হোৱা তৃণমূল কংগ্ৰেছে অকলেই নিৰ্বাচনত অৱতীৰ্ণ হ’ব।মমতা বেনাৰ্জীয়ে চলিত মাহৰ শেষৰ ফালে ৰাজ্যখনৰ নিৰ্বাচনী প্ৰচাৰত অংশ ল’ব।ইফালে ‘দ্য তিপৰা মঠা’ নামৰ নতুনকৈ গঠন হোৱা দলটোৱে এইবাৰ বিধানসভাৰ নিৰ্বাচনত ল’ব গুৰুত্বপূৰ্ণ ভূমিকা।প্ৰাক্তন কংগ্ৰেছ নেতা তথা ৰাজপৰিয়ালৰ সদস্য প্ৰদ্যুত কিশোৰ মাণিক্য দেৱবৰ্মাৰ নেতৃত্বত গঠিত হৈছে দ্য তিপৰা মঠা দল।অৱশ্যে দেৱবৰ্মাই তেওঁৰ দলটোৱে তেওঁৰ দলৰ মূল দাবী ‘গ্ৰেটাৰ তিপৰালেণ্ড’ সমৰ্থন কৰি চুক্তি স্বাক্ষৰ কৰিলেহে আন ৰাজনৈতিক দলৰ লগত নিৰ্বাচনী মিত্ৰতা কৰিব বুলি স্থিতি স্পষ্ট কৰিছে৷দলটোৱে আগন্তুক নিৰ্বাচনত মুঠ ৬০ খন আসনৰ ৪০ খনত প্ৰতিন্দন্দ্বিতা আগবঢ়াব।ত্ৰিপুৰাৰ নিৰ্বাচনত বিজেপিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব ৰাজ্যখনৰ আন এক খিলঞ্জীয়াৰ দল ইণ্ডিজেনাছ পিপুলচ ফ্ৰণ্ট অব ত্ৰিপুৰা চমুকৈ (IPFT)এ৷ উল্লেখযোগ্য যে বিগত নিৰ্বাচনত এই দলটোৱে মুঠ ৯ খন আসনত প্ৰতিন্দন্দ্বিতা আগবঢ়াই ৮ খন আসন লাভ কৰিছিল আৰু বিজেপিৰ লগত জোঁট বন্ধন কৰি চৰকাৰৰ অংশীদাৰ হৈছিল।কিন্তু শেহতীয়াকৈ দলটো বিজেপি দলত চামিল হোৱাৰ উমান পায়, দল ত্যাগ কৰি তিপৰা মঠাত যোগদান কৰিছে দলটোৰ ৩ গৰাকী বিধায়ক সহ যথেষ্ট সংখ্যক সদস্যই।IPFT ৰ কাৰ্যকৰী সভাপতি প্ৰেম কুমাৰ ৰেয়াঙে কয় “ মই এই পত্ৰৰ জৰিয়তে তিপৰা আৰু IPFT ৰ মাজত থকা বিভেদ আঁতৰাই আমাৰ দুয়োটা দলৰ তিপৰালেণ্ড সম্পৰ্কত থকা দাবী সম্পৰ্কত আমি ঐকমতত উপনীত হোৱা উচিত।”বিৰোধী দলবোৰৰ মতে উন্নয়নৰ অভাৱ,হিংসাত্মক কাৰ্যকলাপ বৃদ্ধি,চৰকাৰী সংস্থাপনৰ অভাৱ,শিক্ষাখণ্ডত পৰ্যাপ্ত সা-সুবিধাৰ অভাৱ আদি সমস্যা সমাধান নকৰা বিষয়টোৱে জুমুৰি দি ধৰিছে বিজেপিক।ইতিমধ্যে ৰাজনৈতিক হিংসা ৰাজ্যখনত যথেষ্ট বৃদ্ধি পাইছে৷এতিয়ালৈকে এনে প্ৰায় ৭০০ ঘটনা পঞ্জীয়ন হৈছে।বিগত বিধানসভাৰ নিৰ্বাচনত ৰাজ্যখনৰ ৬০ খন আসনৰ ভিতৰত বিজেপিয়ে ৩৫ খন,চিপিআই(এম) এ ১৬ খন,ইণ্ডিজেনাছ পিপুলছ ফ্ৰণ্ট অফ ত্ৰিপুৰাই ৮ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে এখনো আসন লাভ কৰা নাছিল।শেহতীয়াকৈ ৰাজ্যখনত বিজেপি দলৰ মাজতেই গঢ়ি উঠিছে বিসম্বাদ।প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ বিৰুদ্ধে ঠন ধৰি উঠা বিসম্বাদক নিয়ন্ত্ৰণ কৰিবলৈকে তেওঁক অপসাৰণ কৰাৰ দৰে কঠোৰ সিন্ধান্ত ল’বলগীয়া হৈছিল বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই৷বিজেপিৰ বিৰুদ্ধে গঢ়ি উঠা ঐক্যবদ্ধ শক্তিক পৰাভূত কৰিবলৈ দলটোৱে বিগত ৬ জানুৱাৰীত আৰম্ভ কৰে ৰথ যাত্ৰা।শাসক দলত থকাৰ পিছতো এই ৰথ যাত্ৰাই যিধৰণৰ সঁহাৰি পাব লাগিছিল ,তেনে সঁহাৰি লাভ কৰা নাছিল দলটোৱে।বিগত বিধানসভাৰ নিৰ্বাচনত ৰাজ্যখনৰ ৬০ খন আসনৰ ভিতৰত বিজেপিয়ে ৩৫ খন,চিপিআই(এম) এ ১৬ খন,ইণ্ডিজেনাছ পিপুলছ ফ্ৰণ্ট অফ ত্ৰিপুৰাই ৮ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে এখনো আসন লাভ কৰা নাছিল।শেহতীয়াকৈ ৰাজ্যখনত বিজেপি দলৰ মাজতেই গঢ়ি উঠিছে বিসম্বাদ।প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ বিৰুদ্ধে ঠন ধৰি উঠা বিসম্বাদক নিয়ন্ত্ৰণ কৰিবলৈকে তেওঁক অপসাৰণ কৰাৰ দৰে কঠোৰ সিন্ধান্ত ল’বলগীয়া হৈছিল বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই৷বিজেপিৰ বিৰুদ্ধে গঢ়ি উঠা ঐক্যবদ্ধ শক্তিক পৰাভূত কৰিবলৈ দলটোৱে বিগত ৬ জানুৱাৰীত আৰম্ভ কৰে ৰথ যাত্ৰা।শাসক দলত থকাৰ পিছতো এই ৰথ যাত্ৰাই যিধৰণৰ সঁহাৰি পাব লাগিছিল ,তেনে সঁহাৰি লাভ কৰা নাছিল দলটোৱে।জ্যেষ্ঠ ৰাজনৈতিক বিশ্লেষক এছ ভট্টাচাৰ্যই কয় “ এই নিৰ্বাচনটো বিজেপিৰ বাবে এক ডাঙৰ পৰীক্ষা৷বিগত নিৰ্বাচনত নৰেন্দ্ৰ মোডীৰ জনপ্ৰিয়তাৰ বাবে ত্ৰিপুৰাত অনায়াসে জয়লাভ কৰিছিল বিজেপিয়ে।কিন্তু জনতাই যি ধৰণে আশা কৰিছিল সেইধৰণৰ কোনো আশাই পূৰণ কৰিব নোৱাৰিলে বিজেপিয়ে৷গতিকে বিজেপিৰ বাবে এই সংগ্ৰাম হ’ব কঠিন।”

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.