সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

‘আত্মনিৰ্ভৰ ভাৰত’ৰ নামত আদানী-আম্বানীৰ একচেতিয়া আধিপত্য হে চলিছে নেকি ভাৰতৰ অৰ্থনীতিত?

শেহতীয়াকৈ ভাৰত চৰকাৰে প্ৰায় ৬ তা বিমান বন্দৰৰ ব্যক্তিগতকৰণ কৰোতে আটাইকেইটা বিমান বন্দৰ গৌতম আদানীৰ আদানী গ্ৰুপৰ হাতলৈ যায়। বৰ্তমান মুম্বাই ইয়াৰপোৰ্টও আদানী গ্রুপৰ হাতলৈ যাব বুলি বিভিন্ন সংবাদ মাধ্যমত গুজৱ চলিছে।

ইয়াৰ পিছতে এতিয়া সৰ্বত্ৰে চর্চা চলিছে নৰেন্দ্ৰ মোডী চৰকাৰৰ দিনত আদানী আৰু আম্বানী গ্রুপৰ একচেতিয়া অধিপত্যৰ কথা। যোৱা কালি bloomberg নামৰ সংবাদ গোষ্ঠীয়ে প্ৰকাশ কৰা এক বাতৰিটো একেই শংকা প্ৰকাশ কৰি কোৱা হৈছে যে ভাৰত বৰ্ষৰ অৰ্থনীতিত আদানী-আম্বানী গ্ৰুপৰ অধিপত্যই দক্ষিণ কোৰিয়া সদৃশ এক পৰিবেশ সৃষ্টি কৰিব পাৰে য’ত সকলো লোকৰ উদ্যোক্তা শক্তিক কেইটামান বহুজাতিক কোম্পানীয়ে নিয়ন্ত্ৰণ কৰিব।

- Donation -

সংবাদ মাধ্যমত যথেষ্ট চর্চা হোৱা এণ্ডি মুখাৰ্জীৰ উক্ত লেখাত কোৱা হৈছে যে নৰেন্দ্ৰ মোডীৰ ঘনিষ্ঠ আৰু পুৰণি সমৰ্থক বুলি জনাজাত এই দুজন গুজৰাটী ব্যৱসায়ীয়ে একেলগে প্ৰায় ৯০ বিলিয়ন ডলাৰৰ গৰাকী। আম্বানীৰ ব্যৱসায় গ্ৰাহক কেন্দ্ৰিক, আনহাতে আদানীৰ ব্যৱসায় আন্তঃগাঁঠনি কেন্দ্ৰিক।

Pic:Bloomberg

এনে এক প্ৰক্ষাপটত এই দুই ব্যৱসায়ীৰ যুটীয়ে আন ব্যৱসায়ী সকলৰ স্থান নোহোৱা কৰি তুলিছে। উদাহৰণ স্বৰূপে ২০১৬ চনত আম্বানীয়ে 4G ইণ্টাৰনেটৰ জগতত প্ৰৱেশ কৰাৰ পাছতে দেখা পোৱা গৈছিল যে আন কোম্পানীবোৰ কিদৰে আঁতৰি যাবলৈ বাধ্য হৈছিল।

এইক্ষেত্ৰত অৱশ্যে চৰকাৰৰ ভূমিকাও উল্লেখযোগ্য কিয়নো টেলিকম আৰু বিমান বন্দৰৰ আন্তঃগাঁথনি আদি বিভাগত ব্যৱসায়ীক বিজেতা নিৰ্ধাৰণৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকা অপৰিসীম।

Featured photo courtesy: Business Standard

Leave A Reply

Your email address will not be published.