জয়পুৰৰ ভীক্ষাৰীৰ তালিকাত তিনিজন স্নাতক আৰু দুজন স্নাতকোত্তৰ

Share This Article

জয়পুৰৰ চিটি পুলিচৰ এক সমীক্ষাত চহৰ খনৰ মুঠ ১১৬২ জন ভীক্ষাৰীৰ ২ জন স্নাতকোত্তৰ আৰু তিনিজন স্নাতক বুলি জানিব পৰা গৈছে।

বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা এক বাতৰি অনুসৰি ৮২৫ জন ভীক্ষাৰীৰ কোনো পঢ়া শুনা নথকাৰ পৰিবৰ্তে ৩৯ জন শিক্ষিত আৰু ১৯৩ জন বিদ্যালয়লৈ যোৱা।

স্নাতকোত্তৰ লৈকে অধ্যয়ন কৰা এজন কলা শাখাৰ আৰু আনজন বাণিজ্য শাখাৰ।স্নাতক মহলালৈকে পঢ়া তিনিজন ভীক্ষাৰীয়ে কলা শাখাৰ।

জানিব পৰা মতে এই সমীক্ষাটোৰ উদ্দেশ্যে আছিল জয়পুৰ চহৰ খনত থকা ভীক্ষাৰী সকলক বিভিন্ন অৰ্হতা মূলক শিক্ষা দি নিয়োগৰ ব্যৱস্থা কৰা যাতে চহৰ খন ভীক্ষাৰী মুক্ত হ’ব পাৰে।

Featured photo courtesy: Times Now

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.