সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আকৌ সাম্প্ৰদায়িক সংঘৰ্ষৰ শংকাত কঁপিছে গুজৰাট ৷

গুজৰাটত অকৌ বাজিছে সাম্প্ৰদায়িক সংঘৰ্ষৰ দামামা ৷
গুজৰাটৰ আহমদাবাদ জিলাৰ ধন্ধুকা গাঁৱত এজন হিন্দু যুৱক কিশন ভাৰৱাডৰ হত্যাৰ ঘটনা সংঘটিত হয় ৷ হত্যাত অভিযুক্ত কৰা হয় ইছলামিক মৌলবাদীক ৷ তাৰ পাছৰে পৰা ৰাজ্যখনৰ পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ পৰে ৷ আহমদাবাদ , ৰাজকোট , বদোদৰা , সুৰত আদি জিলাত আৰম্ভ হৈছে হিন্দু সমাজৰ প্ৰতিবাদ ৷ ৰাজকোটত প্ৰতিবাদে উত্তপ্ত ৰূপ লোৱাত আৰক্ষীয়ে লাঠীচালনা কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয় ৷সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কিশন হত্যাৰ প্ৰতিবাদত একত্ৰিত হোৱা প্ৰায় ৫ হাজাৰ লোকে সমদল কৰি এটা মুছলমান অধ্যুষিত অঞ্চলত প্ৰৱেশৰ চেষ্টা চলাইছিল ৷ আৰক্ষীয়ে বাধা প্ৰদান কৰিছিল যদিও সমদলকাৰীসকল আকোৰগোজ হৈ থাকে ৷ এসময়ত আন ৰাস্তাৰে সমদলকাৰীক অগ্ৰসৰ হ’বলৈ কোৱাত তেওলোক খঙাল হৈ উঠে ৷ এনে পৰিস্থিতিত আৰক্ষীয়ে লাঠীচালনা কৰি প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলগীয়া হয় ৷ এই প্ৰতিবাদত চৌধুৰী , ভাৰৱাড আৰু ঠাকুৰ সমাজৰ লোক জড়িত হৈ আছিল ৷ তেওলোকে কিশন হত্যাকাৰীক এনকাউন্টাৰ কৰাৰ দাবী উত্থাপণ কৰে ৷ইয়াৰ পাছতো গুজৰাটৰ পৰিস্থিতি উত্তপ্ত হৈয়ে আছে ৷
কিশন হত্যাৰ সমগ্ৰ ঘটনাতো এনেধৰণৰ ৷ যোৱা ৬ জানুৱাৰীত কিশনভাই ভাৰৱাডে ছোচিয়েল মেডিয়াত কেবাটাও বিতৰ্কিত পোষ্ট দিছিল ৷ ইয়াৰ বিৰুদ্ধে ধন্ধুকা মুছলমান সমাজে স্থানীয় থানাত গোচৰো তৰিছিল ৷ আৰক্ষীয়ে বিতৰ্কিত পোষ্ট দিয়া কিশনক গ্ৰেপ্তাৰ কৰে যদিও পাছত জামিনত মুকলি কৰি দিয়ে ৷ ইফালে কিশনৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ পৰিকল্পনা ৰচনা কৰে মুছলমান কট্টৰবাদী সংগঠনে ৷ এই পৰিকল্পনা অনুসৰি ধন্ধুকাৰ পৰা ছব্বিৰ আৰু ইমতিয়াজ নামৰ দুজন যুৱক উপস্থিত হ’ল আহমদাবাদত ৷ তেওলোকে জাৱৰাবালা নামৰ এজন মৌলবীক সাক্ষাৎ কৰে ৷ মৌলবীজনে ছব্বিৰ আৰু ইমতিয়াজক এটা পিষ্টল আৰু পাঁচটা কাৰ্টিজৰ ব্যৱস্থা কৰি দিয়ে ৷ পিষ্টল লৈ যুৱকদুজন উভতিল ধন্ধুকালৈ ৷ ২৫ জানুৱাৰীৰ সন্ধিয়া ইমতিয়াজ আৰু ছব্বিৰ এখন বাইকত ওলাই আহিল ৷ তেওলোকে কিশনক ৰাস্তাতে পাই তেনেই ওচৰৰ পৰা দুই জাই গুলী নিক্ষেপ কৰে ৷ গুলীবিদ্ধ কিশনৰ থিতাতে মৃত্যু হয় ৷

- Donation -

এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈকে ছব্বিৰ ওৰফে চাবা দাদা চোপড়া আৰু ইমতিয়াজ ওৰফে ইমতু মেহবুব পাঠানসহ তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে ৷ তেওলোকক অস্ত্ৰৰ যোগান ধৰা মহম্মদ আয়ুব ইউছুফভাই জাৱৰাৱালা নামৰ মৌলবীজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ আৰক্ষীৰ মতে কিশনক গুলীয়াইছিল চব্বিৰ নামৰ যুৱকজনে ৷ তেও ধন্ধুকাতে এটা অট্টালিকাত কাম কৰে ৷ এবছৰ আগতে ছব্বিৰ ছোচিয়েল মেডিয়াৰ জড়িয়তে দিল্লীৰ কোনোবা মৌলবীৰ সম্পৰ্কলৈ আহিছিল ৷ তাৰ পাছত মুম্বাইত মৌলবী সংগঠনৰ নেতাকো সাক্ষাৎ কৰিছিল ৷ তাৰ পাছৰে পৰা ছব্বিৰ ধৰ্মক লৈ গোড়া হৈ পৰে ৷ এই গোড়ামিৰ পৰিণতিতে তেও হত্যা কৰিবলৈও কুণ্ঠাবোধ নকৰা হ’ল ৷

এই ঘটনাৰ পাছৰে পৰা উত্তপ্ত হৈ পৰিছে গুজৰাটৰ পৰিস্থিতি ৷ চৰকাৰ – প্ৰশাসনে সঠিক সময়ত পৰিস্থিতি নিয়ন্ত্ৰণ নকৰিলে আকৌ গুজৰাটত বিভীষিকাৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে ৷ সকলোৱে আশা কৰিছে যে হত্যাকাৰীয়ে কঠোৰ শাস্তি পাওক ৷ একেসময়তে আকৌ এবাৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত নহওক ৷

Leave A Reply

Your email address will not be published.