২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেটত ঘোষণা কৰা ধন কিয় নাপালে অসমে?

Share This Article

নৰেন্দ্ৰ মোডী চৰকাৰৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এক ফেব্ৰুৱাৰীত ২০২২-২৩ বিত্তীয় বছৰৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে হয়তো আৰু নতুন নতুন ঘোষণা কৰিব পাৰে। কিন্তু সীতাৰমণে ২০২১ চনৰ এক ফেব্ৰুৱাৰীত সংসদত দাখিল কৰা ২০২১-২২ বিত্তীয় বছৰৰ ঘোষণা সমূহ কিমান কার্যকৰী হ’ল?বাজেটত প্ৰস্তাৱ কৰা হৈছিল যে অসম আৰু পশ্চিমবংগৰ চাহ শ্ৰমিকৰ কল্যাণমূলক কামৰ বাবে ১০০০ কোটিকৈ ব্যয় কৰা হ’ব। কিন্তু অসমৰ চাহ শ্ৰমিকৰ নিয়মীয়া কল্যাণমূলক আঁচনিৰ বাহিৰে বাজেটত ঘোষিত ১০০০ কোটি টকাৰ পেকেজৰ কাম নহল। ইয়াৰ বিপৰীতে অসমৰ হেজাৰ হেজাৰ চাহ শ্ৰমিকৰ বেংক একাউন্ট বন্ধ হৈ আছে। ইয়াৰ ফলত অসম চৰকাৰৰ কল্যাণমূলক আঁচনি উপভোগ কৰাৰ পৰাও শ্রমিকসকল বঞ্চিত হৈছে। সীতাৰমণে ২০২১-২২ চনৰ বাজেটত প্ৰস্তাৱ কৰিছিল যে ২০২৪ চনৰ ৩১ মাৰ্চৰ ভিতৰত অসমত ৩৪,০০০ কোটি টকা ব্যয় কৰি ১,৩০০ কিলোমিটাৰ নতুন ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণ কৰা হ’ব। ৰাষ্ট্ৰীয় ঘাইপথ কর্তৃপক্ষৰ তথ্য মতে, চলিত বিত্তীয় বছৰৰ ৩১ মাৰ্চ পৰ্যন্ত অসমত নতুনকৈ প্ৰায় ২০ কিলোমিটাৰ কামহে সম্পূৰ্ণ হৈছে।কেন্দ্ৰীয় চৰকাৰে প্ৰতিশ্ৰুতি অনুসৰি পুঁজি মুকলি কৰি নিদিয়াৰ বাবেই ৰাষ্ট্ৰীয় ঘাইপথৰ কামৰ অগ্রগতি হোৱা নাই।২০১৬ চনৰপৰা ২০২০ চন পর্যন্ত পাঁচ বছৰত অসমত মাত্র ৩০৫ কিলোমিটাৰহে ৰাষ্ট্ৰীয় ঘাইপথৰ কাম হৈছে। এনে লেহেম গতিৰ কামৰ নমুনাৰে ২০২৪ চনৰ ৩১ মাৰ্চৰ ভিতৰত নতুনকৈ ১,৩০০ কিলোমিটাৰ পথৰ কাম হ’বনে? ঘোষণা কৰা পুঁজি মুকলি নকৰিলে কাম কেনেকৈ হ’ব? সাধাৰণ বাজেটত অসম তথা পূৰ্বোত্তৰৰ ৰাজ্যৰ উন্নয়নমূলক কামৰ বাবে বৃহৎ পুঁজিৰ প্ৰস্তাৱ কৰি চমকহে সৃষ্টি কৰি থকা হৈছে। চলিত ২০২১-২২ বিত্তীয় বছৰৰ পঞ্চদশ বিত্ত আয়োগৰ অধীনত কেন্দ্ৰীয় চৰকাৰে গাঁও পঞ্চায়তৰ উন্নয়নমূলক কামৰ শিতানৰ ৫০ শতাংশ পুঁজিও এই পর্যন্ত মুকলি কৰা নাই। বাজেট প্রস্তাব মতে অহা ৩১ মার্চ পর্যন্ত ২০২১-২২ বিত্তীয় বছৰৰ বাবে অসমে পঞ্চদশ বিত্ত আয়োগৰ অধীনত গাঁৱৰ উন্নয়নৰ বাবে ১১৮৬ কোটি টকা পাব লাগে। চলিত জানুৱাৰী মাহ পর্যন্ত অসমে এই শিতানত ৫৯৩ কোটি টকাহে পাবলৈ সক্ষম হৈছে।কেৱল সেয়াই নহয়,বিত্ত মন্ত্ৰী নির্মলা সীতাৰমণে অসমৰ কেন্দ্রীয় কৰৰ অংশ পুঁজি পূর্বতকৈ হ্ৰাস কৰিছে। ২০২০-২১ চনত অসমে কেন্দ্রীয় কৰৰ অংশ পাইছিল ২৪,৫৫৩ কোটি টকা। ইয়াৰ বিপৰীতে ২০২১-২২ চনত পূৰ্বতকৈ প্রায় ৫,০০০ কোটি টকা হ্রাস কৰি ২০,৬০১ কোটি টকাহে প্রস্তাব কৰিছে।এই পুঁজিৰো চলিত জানুৱাৰী মাহ পর্যন্ত অসমে মাত্র ৫০ শতাংশ টকাহে পাইছে। প্রতিবাৰেই কেন্দ্ৰই অসমক এনেধৰণে প্ৰতাৰণা কৰি আহিছে।এই প্ৰতাৰণাৰ উদাহৰণ ল’ব পাৰি ডঃ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত সদৰী কৰা তথ্যৰ পৰাই।ড° হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত সদৰি কৰিছিল যে ২০১৭-১৮ চনত অসমে কেন্দ্রীয় কৰৰ অংশ ২৫,৬৫১ কোটি টকা আৰু ধ্বজাবাহী আঁচনিৰ শিতানত ১৮,৫৮০ কোটি টকা পাব। কিন্তু ড° শৰ্মাই ২০২০ চনৰ তিনি মার্চত বিধানসভাত কয় যে ২০১৭-১৮ চনত অসমে কেন্দ্রীয় কৰৰ অংশ ২২,৩০১.৫৪ কোটি টকা আৰু ধ্বজাবাহী আঁচনি শিতানত ১৩,২৫৮.৮৬ কোটি টকাহে পাইছিল। অর্থাৎ ৮,৬৭২ কোটি টকা কেন্দ্রই কৰ্তন কৰিছিল। গুৰুত্বপূর্ণ কথা যে যোৱা সাতটা বছৰে এনেদৰেই অসম তথা উত্তৰ পূৰ্বাঞ্চলক বাজেট প্রস্তাৱৰ ক্ষেত্ৰত কেন্দ্ৰই প্ৰতাৰণা কৰি আহিছে। কেন্দ্রীয় চৰকাৰে যোৱা সাতটা বছৰত ‘কেন্দ্ৰীয় চৰকাৰৰ অনুদান আঁচনিৰ অধীনত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে ৩ লাখ ৫ হেজাৰ ৪২ কোটি টকা আবণ্টন দিছিল। কিন্তু আটাইকেইটা বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত দুই লাখ ৬৫ হেজাৰ ৭৬৬ কোটি টকাহে খৰচ কৰিছে বুলি যোৱা ২০ ডিচেম্বৰত সংসদত সদৰি কৰা হৈছে। কেন্দ্ৰীয় আঁচনিৰ ৩৯ হেজাৰ ২৭৬ কোটি টকা ব্যয় নকৰিলে। বাজেটত পুঁজি ঠিকেই ধার্য কৰা হয় যদিও এনেদৰেই বিভিন্ন শিতানত কেন্দ্রই প্ৰতাৰণা কৰি আহিছে অসম তথা উত্তৰ পূৰ্বাঞ্চলক।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.