বাজেট মানে কেৱল নিৰ্মলা সীতাৰমণৰ ভাষণ নেকি ?

Share This Article

মঙলবাৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে অহা বিত্তীয় বৰ্ষৰ বাবে বাজেট উত্থাপন কৰিব ৷ এই বাজেটতো নিশ্চয় নতুন নতুন চমকলগা ঘোষণা কৰা হ’ব ৷ কাৰণ , ইয়াৰ আগৰ বাজেটতো কোভিড সৃষ্ট পৰিৱেশত সাধাৰণ মানুহৰ জীৱন ধাৰণৰ মান উন্নত কৰিবলৈ কেতবোৰ ঘোষণা কৰা হৈছিল ৷ স্বাস্থ্য শিক্ষাৰ পৰা আৰম্ভ কৰি সাধাৰণ জীৱন ধাৰণৰ মান উন্নত কৰিবলৈ বহু ডাঙৰ কথাই কোৱা হৈছিল ৷ কিন্তু এই ঘোষণা সমূহৰ ভিতৰত বহুত কথাই কেৱল ঘোষণা হৈয়ে ৰ’ল ৷ যাৰ বাবে প্ৰশ্ন উঠিছে যে বিগত বৰ্ষৰ বাজেটখন কেৱল বিত্তমন্ত্ৰীৰ ভাষণহে আছিল নেকি ? বাজেট মানে কেৱল ৰাজনৈতিক চমক নেকি ?
বাজেটৰ পৰা আপুনি কি বিচাৰে ? বাজেটত কোনবোৰ কথা ঘোষণা হোৱাটো বিচাৰে ? নিশ্চয় আপোনাৰ জীৱনৰ মান উন্নত কৰিব পৰা , দেশৰ আন্ত: গাঁথনিৰ বিকাশৰ পৰিকল্পনাসমূহ বাজেটত প্ৰতিফলিত আৰু সেইবোৰ সময়মতে ৰূপায়ন হোৱাটো বিচাৰে ৷ কিন্তু আমি বাস্তৱত দেখিবলৈ পাও যে বাজেটত কৰা ঘোষণাৰ বহু ঘোষনাই কেৱল ভাষণ হৈ ৰৈ যায় ৷ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ঘোষণা আৰু ৰূপায়নৰ কেইটামান উদাহৰণ আজিৰ এই প্ৰতিবেদনত আগবঢ়াবলৈ লৈছো ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.