সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আইলৈ যেই হাত,বাইলৈয়ো সেই হাতেই !

দেশৰ পাঁচ ৰাজ্যত ইতিমধ্যে জোৰদাৰ গতিত বলিছে নিৰ্বাচনী বতাহ। মঙলবাৰে উত্তৰ পূৰ্বাঞ্চলৰ ত্ৰিপুৰা আৰু ছত্তীশগড়ৰ ২০ টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হয়। মিজোৰামত নিৰ্বাচন শান্তিপূৰ্ণ আছিল যদিও ছত্তীশগড়ৰ চাকনা জিলাত মাওবাদীয়ে আক্ৰমণ সংঘটিত কৰে।এই পাঁচ ৰাজ্যৰ নিৰ্বাচন লোকসভাৰ আগতে অনুষ্ঠিত হোৱা লিটমাচ টেষ্ট। লোকসভাৰ নিৰ্বাচনৰ আগতে অনুষ্ঠিত বিধানসভাৰ নিৰ্বাচনী ফলাফলে ২০২৪ চনৰ ফলাফলৰ আগতীয়া ইংগিত দিব।গুৰুত্বপূৰ্ণ বিষয়টো হ’ল ইমান দিনে ED ৰ জৰিয়তে বিৰোধীক ত্ৰাসিত কৰি অহা বিজেপি দলৰ নেতা-মন্ত্ৰীয়ে আগন্তুক দিনত তেওঁলোক নিজেই EDৰ লক্ষ্য হৈ পৰিব নেকি বুলি ত্ৰাসিত হৈছে। কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে অলপতে কয় যে কংগ্ৰেছে ক্ষমতালৈ আহিলে EDৰ অপব্যৱহাৰ কৰিব।কংগ্ৰেছ সভাপতি মল্লিকাৰ্জ্জুন খাৰ্গেই মঙলবাৰে মধ্য প্ৰদেশৰ গোৱালিয়ৰত এক নিৰ্বাচনী জনসভাত অংশ লৈ কয় ‘ প্ৰতিগৰাকী কংগ্ৰেছ প্ৰাৰ্থীয়ে বিজেপিৰ ফালৰ পৰাই চাৰি গৰাকী প্ৰাৰ্থীৰ লগত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলগীয়া হয়। তাৰে এগৰাকী ED,এগৰাকী CBI,এগৰাকী আয়কৰ বিভাগ -এই তিনিগৰাকী প্ৰতিন্দন্দ্বী অদৃশ্য হৈ থাকে।আনহাতে বিজেপিৰ সদস্যগৰাকীৰ বিৰুদ্ধে দেখাদেখিকৈ নিৰ্বাচনী যুঁজত অবতীৰ্ণ হ’বলগীয়া হয়।’অৱশ্যে খাৰ্গেই লগতে এই কথাও উল্লেখ কৰে যে সদায় শাসক একে হৈ নাথাকে।বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰধান লক্ষ্য হৈ পৰিছে বিৰোধী শাসিত ৰাজ্যসমূহ।

টয়িৱপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ক্ষমতালৈ অহাৰ পিচতে পশ্চিমবংগ,বিহাৰ,দিল্লী,ৰাজস্থান আদিত CBI ৰ অভিযান চলাইছিল। পশ্চিমবংগৰ এগৰাকী মন্ত্ৰী অৰ্থাৎ প্ৰাক্তন শিক্ষামন্ত্ৰী পাৰ্থ চেটাৰ্জীৰ বিৰুদ্ধে অভিযান চলাই তেওঁক গ্ৰেপ্তাৰ কৰে।পশ্চিমবংগৰ আন এগৰাকী মন্ত্ৰীকো শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰে EDএ৷তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদক অভিষেক বেনাৰ্জীৰ বিৰুদ্ধেও ED এ চমন জাৰি কৰিছে বুধবাৰে।তদুপৰি আপ চৰকাৰৰ মন্ত্ৰী মণীষ ছিছ’ডিয়া,সাংসদ সঞ্জয় সিং,প্ৰাক্তন মন্ত্ৰী সতেন্দ্ৰ জৈনক গ্ৰেপ্তাৰ কৰে CBI এ। মোডী চৰকাৰ ক্ষমতালৈ অহাৰ পিছতে ED ৰ এই অত্যাচাৰ দেখি ৰাজস্থান ,পশ্চিমবংগ আদি ৰাজ্যই CBI ৰ প্ৰবেশ নিষিদ্ধ কৰিছিল। অৱশ্যে CBI ক নিষিদ্ধ কৰিলেও EDক নিষিদ্ধ কৰাৰ সিদ্ধান্ত ল’ব নোৱাৰে ৰাজ্য চৰকাৰে। সেয়ে এইবাৰ ED ৰ অভিযান চলিছে বিৰোধী শাসিত ৰাজস্থান,ছত্তীশগড় আদি ৰাজ্যত৷নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া দেশৰ মুঠ ৫ খন ৰাজ্যতেই ED ৰ অভিযান হ’ব লাগিছিল যদিও বিৰোধী দল কংগ্ৰেছ শাসিত ৰাজ্য ৰাজস্থান আৰু ছত্তীশগড়তহে কেন্দ্ৰীয় চৰকাৰৰ আঙুলিৰ ঠাঁৰত নচা ED এ অভিযান অব্যাহত ৰাখিছে। তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চি আৰৰ কন্যা কে কবিতাকো EDএ লক্ষ্য কৰি লৈছিল । তেলেংগানাত কে চি আৰৰ নেতৃত্বত ভাৰত ৰাষ্ট্ৰ সমিতিৰ চৰকাৰ চলি আছে৷শেহতীয়াকৈ কেচিআৰৰ কন্যা কে কবিতাৰ বিৰুদ্ধে ED এ চলোৱা অভিযান তল পৰিছে। কিয়নো বিআৰএছ অৰ্থাৎ ভাৰত ৰাষ্ট্ৰ সমিতিয়ে ইণ্ডিয়া মিত্ৰজোঁটৰ পৰা নিজকে আঁতৰাই ৰাখিছে।শাসক দলৰ বাবে এতিয়া নিজৰ অস্ত্ৰই মূৰৰ কামোৰণি হৈ পৰিছে।কাৰণ কোনো এটা সমীক্ষাই বিজেপিৰ সপক্ষে ফলাফল যোৱাৰ উমান স্পষ্টকৈ দিব পৰা নাই।ইতিমধ্যে মিজোৰামত বিজেপিয়ে আগতীয়াকৈ আত্মসমৰ্পণ কৰাৰ দৰেই । বাকী চাৰিখন ৰাজ্যতো বিজেপিৰ অৱস্থা তথৈবচ৷গতিকে ২০২৪ চনলৈ বিৰোধীৰ চৰকাৰ শাসনলৈ আহিলে বিৰোধীয়ে বিজেপিৰ EDৰ ভয়ত শিবিৰ সলোৱা সকলকেই যে লক্ষ্য কৰি ল’ব সেই বিষয়ে নিশ্চিত হৈছে বিজেপিৰ বাঘা বাঘা নেতাসকল।মুঠ কথাত ক্ষমতাৰ বাঘজৰী হাতত থাকোতে বিৰোধীৰ ওপৰত চলোৱা অত্যাচাৰৰ হিচাপ ল’ব বুলি ভিতৰি থৰথৰকৈ কঁপিছে বিজেপি।

- Donation -

Leave A Reply

Your email address will not be published.