Investigative reporting with dedication.
কথা দি কথা ৰাখিব নোৱাৰি বিপদত মুখ্যমন্ত্ৰী নীতিশ-তেজস্বী !

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ তীব্ৰ বিৰোধিতাৰ সন্মুখীন হৈছে বিহাৰত । বিহাৰত চাকৰি প্ৰত্যাশীৰ ক্ষোভত পৰিছে মুখ্যমন্ত্ৰীগৰাকী।উল্লেখ্য যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৰাজ্যখনৰ এক লাখ ২০ হাজাৰ বিদ্যালয়ৰ ২৫ হাজাৰ শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান কৰিছিল।পাটনাৰ গান্ধী ময়দানত নিযুক্তি পত্ৰসমূহ বুধবাৰে বিলাইছিল মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। বিৰোধী দলবোৰে নীতিশ কুমাৰৰ এই নিযুক্তিত বিহাৰী লোকে অগ্ৰাধিকাৰ লাভ নকৰা বুলি উল্লেখ কৰে।বিৰোধীৰ মতে এই নিযুক্তিৰ পৰীক্ষাত বাহিৰৰ ৰাজ্যৰ লোক অৱতীৰ্ণ হৈছিল।বঞ্চিত বিহাৰী প্ৰাৰ্থীয়েও প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে।প্ৰাৰ্থীসকলৰ দাবী যে উপমুখ্যমন্ত্ৰী তেজস্বী যাদৱে বিৰোধী দলত অবস্থান কৰি থকাৰ সময়ত স্থানীয় প্ৰাৰ্থীক নিযুক্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়াৰ কথা ঘোষণা কৰিছিল।অৱশ্যে বিহাৰতেই নহয়,আন কিছু ৰাজ্যতো স্থানীয় লোকক অগ্ৰাধিকাৰ দিয়া বিষয়টোৰ দাবী উত্থাপন হৈ আছে। বিহাৰত মুঠ ১ লাখ ২০ হাজাৰ ৩৩৬ গৰাকী প্ৰাৰ্থীয়ে মেধাৰ তালিকাত স্থান লাভ কৰিছিল৷ফলাফল ওলোৱাৰ পিছৰে পৰা আন ৰাজ্যৰ প্ৰাৰ্থীয়ে অগ্ৰাধিকাৰ পোৱা বিষয়টোক লৈ বঞ্চিত প্ৰাৰ্থীয়ে ছ’চিয়েল মেডিয়াত তীব্ৰ বিৰোধিতা কৰি আহিছে।বিহাৰত বিহাৰীৰ বাবে সংৰক্ষণ লাগে বুলিও দাবী তুলিিছে টুইটাৰত।প্ৰাৰ্থী সকলে আনকি উপমুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ বিহাৰীৰ সংৰক্ষণ সন্দৰ্ভত কৰা কিছু পুৰণি মন্তব্যও সন্নিবিষ্ট কৰি তেজস্বী যাদৱক তীক্ষ্ণ সমালোচনা কৰিছে । ক্ষমতাত নাথাকোতে সুকীয়া স্থিতি আৰু ক্ষমতাত অধিষ্ঠিত হোৱাৰ পিছত সুকীয়া স্থিতিৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে তেজস্বী যাদৱ আৰু নীতিশ কুমাৰ।





