পুনৰ বিবেকক সুধিব নেকি ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই?

Share This Article

পুনৰ বিবেকক সুধিব নেকি ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই? মুখ্য উপদেষ্টাৰ পদত পুনৰ বাহাল থাকিব নেকি ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য? আছুত অভিভাৱক হৈ থকাৰ মন ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ। অহা ২১,২২ আৰু ২৩ নৱেম্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে মৰিগাঁৱত অনুষ্ঠিত হ’ব সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ কেন্দ্ৰীয় অধিৱেশন। এই অধিৱেশনৰ বাবে এতিয়া প্ৰস্তুতি পূৰ্ণগতিত চলিছে।অসমৰ জাতীয় দল-সংগঠন সমূহৰ ভিতৰত অন্যতম আগশাৰীৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ মৰিগাঁও কেন্দ্ৰীয় অধিৱেশনৰ প্ৰতি সকলোৰে দৃষ্টি নিবদ্ধ হৈছে। কিয়নো বিভিন্ন জাতীয় সমস্যা তথা জাতীয় জীৱনৰ সংকটৰ সময়ত অনুষ্ঠিত এই অধিৱেশনে জাতীয় জীৱনক এক নতুন দিশ দেখুৱাব বুলি সকলোৱে আশা কৰিছে। এনেবোৰ দিশৰ সমান্তৰালকৈ আছুৰ মৰিগাঁও কেন্দ্ৰীয় অধিৱেশনত সংগঠনটোৰ নেতৃত্ব কোনে ল’ব সেই সন্দৰ্ভতো বিভিন্ন চৰ্চা চলিছে। সমান্তৰালকৈ চৰ্চা চলিছে ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ প্ৰসংগও। কি হ’ব ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ?মৰিগাঁও অধিৱেশনতে আছু ত্যাগ কৰিব নেকি ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ?হয়, সদৌ অসম ছাত্ৰ সন্থা অথবা আছু বুলি ক’লেই বৰ্তমান এখন মুখেই ভাহি আহে সেইখন মুখ হ’ল ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ। ১৯৮৯ চনৰ পৰা আছুৰ কেন্দ্ৰীয় নেতৃত্বত থকা পঞ্চাশ ঊৰ্ধ্বৰ ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য বৰ্তমান সংগঠনটোৰ পিতামহ সদৃশ। সাধাৰণ সম্পাদকৰ পদৰ পৰা উপদেষ্টা আৰু বৰ্তমান মুখ্য উপদেষ্টালৈকে ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই আছুত এক দীঘলীয়া সময় কাৰ্যনিৰ্বাহ কৰিছে। ২০০৫ চনত মৰাণ,২০১৫ চনত দুধনৈ আৰু ২০২০ চনত দুলীয়াজানত অনুষ্ঠিত আছুৰ কেন্দ্ৰীয় অধিৱেশনত ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই আছু ত্যাগ কৰিব বুলি ভবা হৈছিল যদিও প্ৰতিনিধি সভাত আবেগিক নাটকীয় পৰিৱেশৰ সৃষ্টি কৰি তেওঁ সংগঠনটোতে থাকি গৈছিল। উল্লেখ্য ২০২০ চনৰ ১৮,১৯,২০ আৰু ২১ নৱেম্বৰত তৈলনগৰী দুলীয়াজানৰ ছলাকটকী ৰাজহুৱা খেলপথাৰত আছুৰ সপ্তদশ কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত হৈছিল। এই অধিৱেশনতে আছুৰ পৰা অৱসৰ ল’ব বুলি ঘোষণা কৰিছিল ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। কিন্তু অধিৱেশনৰ প্ৰতিনিধি সভাত এক নাটকীয় আৱেগিক পৰিৱেশৰ সৃষ্টি কৰি আছুতেই থাকি যোৱাৰ পৰিকল্পনাত সফল হৈছিল ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। ইয়াৰ বাবে আছুৰ বৰ্ষীয়ান নেতাগৰাকীয়ে তন্ত্ৰ-মন্ত্ৰৰো সহায় লোৱা বুলি অভিযোগ উত্থাপন হৈছিল। অৱশ্যে প্ৰতিনিধি সভাৰ একাংশ প্ৰতিনিধিয়ে আছুত তেওঁক থাকিবলৈ জনোৱা আহ্বানৰ সন্দৰ্ভত ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কৈছিল—”বিবেকৰ সৈতে কথা পতাৰ বাবে মোক কিছু সময়ৰ প্ৰয়োজন।”কিন্তু দুলীয়াজান অধিৱেশনৰ প্ৰায় ১০ দিনৰ অন্তত গুৱাহাটী বিশ্ববিদ্যালয়স্থিত আছুৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ’ল সংগঠনটোৰ নৱ গঠিত ৰাজ্যিক কাৰ্যনিৰ্বাহকক দায়িত্বভাৰ অৰ্পণ আৰু শপতগ্ৰহণ অনুষ্ঠান। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰসন্ন নাৰায়ণ চৌধুৰী জিৰণি কোঠাত অনুষ্ঠিত এই কাৰ্যসূচীতে আছুৰ মুখ্য উপদেষ্টাৰূপে কাৰ্যনিৰ্বাহ কৰি যাব বুলি প্ৰকাশ কৰে ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। অৰ্থাৎ বিবেকৰ লগত কথা পাতি আছুতেই থাকি যোৱাৰ সিদ্ধান্ত ল’লে ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। আনহাতে এইবাৰ আছুৰ মৰিগাঁও কেন্দ্ৰীয় অধিৱেশনতো সংগঠনটোৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই সংগঠনটোত বাহাল থকাৰ কৰিছে অংক। তাৰ বাবে তেওঁ আছুৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক পুনৰ এটা কাৰ্যকালৰ বাবে প্ৰক্ষেপ কৰাৰ অংক কৰিছে। কাৰণ সভাপতি আৰু সাধাৰণ সম্পাদকৰ সহায়ৰ অবিহনে তেওঁ মুখ্য উপদেষ্টাৰ পদ পোৱাটো সহজ নহয়।উল্লেখ্য আছুৰ দুলীয়াজান কেন্দ্ৰীয় অধিৱেশনত তদানীন্তন সভাপতি দীপাংক কুমাৰ নাথক পুনৰ সভাপতি আৰু শংকৰজ্যোতি বৰুৱাক সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়া হৈছিল। কিন্তু যোৱা বছৰৰ শেষৰ ফালে দীপাংক কুমাৰ নাথে ব্যক্তিগত কাৰণত সভাপতি পদৰ লগতে আছু ত্যাগ কৰে। সেই সময়তে আকৌ তেওঁ ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আছুত যেতিয়ালৈকে মন যায় তেতিয়ালৈকে থাকিব পাৰে বুলিও মন্তব্য কৰিছিল। দীপাংক কুমাৰ নাথৰ আছু ত্যাগৰ পাছত ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব দিয়া হয় উৎপল শৰ্মাক। আনহাতে ড° হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছতে আছুৰ পূৰ্বৰ সক্ৰিয় ৰূপ নিষ্ক্ৰিয় হোৱাৰো অভিযোগ উত্থাপন হৈ আহিছে। একেদৰে আছুৰ বৰ্ষীয়ান মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ বলিষ্ঠ কণ্ঠও সৰু হৈ অহাৰ উপৰি তেওঁৰ বিৰুদ্ধে উত্থাপন হৈছে কেইবাটাও গুৰুতৰ অভিযোগ। এনেবোৰ প্ৰসংগই এতিয়া আছুৰ মৰিগাঁও কেন্দ্ৰীয় অধিৱেশনৰ সময়ত প্ৰাসংগিক হৈ পৰিছে। প্ৰশ্ন উত্থাপন হৈছে ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আছুতেই থাকিবনে ? নে মৰিগাঁৱৰ কেন্দ্ৰীয় অধিৱেশনতে তেওঁ আছু ত্যাগ কৰিব? নে পুনৰ এখন আৱেগিক নাটকৰ সৃষ্টি কৰি বিবেকক সুধিবলৈ সময় ল’ব নেকি ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.