সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

টকিঅ’ অলিম্পিক : মহিলা হকীত নতুন ইতিহাস

মহিলা হকীত সৃষ্টি হ’ল নতুন ইতিহাস৷ তিনিবাৰৰ স্বৰ্ণবিজয়ী অষ্ট্ৰেলিয়া দলক পৰাজিত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে মহিলা হকী দলটোৱে ৷ আজি কোৱাৰ্টাৰ ফাইনেলত ভাৰতে অষ্ট্ৰেলিয়াক ১-০ গ’লৰ ব্যৱধানত পৰাজিত কৰে ৷ ভাৰতৰ হৈ একমাত্ৰ গ’লটো প্ৰদান কৰে গুৰজিৎ কৌৰে ৷ পুৰুষৰ পাছত মহিলা হকী দলৰ এই সাফল্যই টকিঅ’ অলিম্পিকত আন এক সফলতাৰ সম্ভাৱনা বহন কৰিছে ৷ উল্লেখ্য যে , এইবাৰ অলিম্পিকৰ প্ৰথম তিনিখন মেচতে পৰাজিত হৈছিল ভাৰতীয় মহিলা হকী দলটো ৷ তাৰ পাছৰে পৰা দলটোৱে সফল প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হয় ৷

Leave A Reply

Your email address will not be published.