মিজোৰামৰ সাংসদক গোচৰৰ পৰা ৰেহাই কিয় ?

মিজোৰামৰ সাংসদ কে ভানলালভেনাৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰ প্ৰত্যাহাৰ কৰিছে অসম আৰক্ষীয়ে ৷ অসম- মিজোৰামৰ সীমান্তকেন্দ্ৰিক সংঘাত অব্যাহত থকাৰ সময়তে নতুন দিল্লীত উচটনিমূলক বক্তব্য প্ৰদান কৰিছিল সাংসদগৰাকীয়ে ৷ ইয়াৰ পাছতে অসম আৰক্ষীয়ে কে ভানলালভেনাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তেওক চমন জাৰি কৰিছিল ৷ আনকি সাংসদগৰাকীৰ সন্ধানত দিল্লীত অভিযানো চলাইছিল অসম আৰক্ষীয়ে ৷ কিন্তু মিজোৰামৰ সৈতে শান্তিপূৰ্ণ আলোচনা আৰম্ভ কৰাৰ স্বাৰ্থতে অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই সাংসদ কে ভানলালভেনাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰ কৰাৰ নিৰ্দেশ দিয়ে ৷ সেইমৰ্মে অসম আৰক্ষীয়ে আজি মিজোৰামৰ সাংসগৰাকীৰ বিৰুদ্ধে ধলাই থানাত  ৰুজু হৈ থকা গোচৰ প্ৰত্যাহাৰ কৰে ৷ আনহাতে , মিজোৰাম চৰকাৰেও সীমান্তৰ পৰিস্থিতি সন্দৰ্ভত তেওলোকে ৰুজু কৰা গোচৰৰ আওতাৰ পৰা অসমৰ মুখ্যমন্ত্ৰীগৰাকীক বাহিৰত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296