অক্সিজেনৰ তথ্য কিয় নিদিয়ে কেন্দ্ৰীয় চৰকাৰে ?

Share This Article

ৰাজ্যসভাত কংগ্ৰেছ সাসংদ কে চি বেনুগোপালে কৰা এক প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় চৰকাৰে কৈছিল যে দেশত অক্সিজেনৰ অভাৱত মৃত্যু হোৱা লোকৰ সংখ্যা শূণ্য। অৰ্থাৎ এজনো ৰোগীয়ে অক্সিজেনৰ অভাৱত মৃত্যুবৰণ কৰা নাই।
কংগ্ৰেছ সাসংদ বেনুগোপালে কেন্দ্ৰক প্ৰতিখন ৰাজ্যত যোগান ধৰা অক্সিজেনৰ পৰিমান তথা উপলব্ধ অক্সিজেনৰ বিষয়েও কেন্দ্ৰ চৰকাৰক প্ৰশ্ন উত্থাপন কৰিছিল। কিন্তু কংগ্ৰেছ সাসংদ গৰাকীৰ এই প্ৰশ্নৰ উত্তৰত কেন্দ্ৰই “স্বাস্থ্য ৰাজ্যৰ হে বিষয়” বুলি মন্তব্য কৰিলে৷

কেন্দ্ৰৰ এই মন্তব্যক এতিয়া সহজে লোৱা নাই কোনোৱে ৷ কেন্দ্ৰীয় সূচনা আয়োগ চমুকৈ CIC এ ১০ দিনৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰক অক্সিজেনৰ যোগানৰ তথ্য সদৰী কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। উল্লেখ্য যে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ৰ উদ্যোগ তথা ব্যৱসায় সংবৰ্ধন বিভাগৰ অন্তৰ্গত এখন কমিটিক ক’ৰোনা মহামাৰীৰ সময়ত অক্সিজেন যোগানৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। CIC য়ে অক্সিজেনৰ তথ্য বিচৰা এক আবেদন সন্দৰ্ভত ১০ দিনৰ ভিতৰত তথ্য দাখিল কৰিবলৈ কেন্দ্ৰীয় চৰাকাৰক নিৰ্দেশ প্ৰদান কৰিছে ৷
অক্সিজেনৰ তথ্য বিচাৰি তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত আবেদন কৰিছিল কৰিছিল সংবাদকর্মী সৌৰভ দাসে। কিন্তু কেন্দ্ৰ চৰকাৰে অক্সিজেন সম্পৰ্কীয় কোনো তথ্য দিবলৈ অস্বীকাৰ কৰে ৷ তাৰ পাছতেই এতিয়া কেন্দ্ৰীয় সূচনা আয়োগে ১০ দিনৰ ভিতৰত মোদী চৰকাৰক অক্সিজেন সম্পৰ্কীয় তথ্য সদৰী কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।কিন্তু ভাৰত চৰকাৰে অক্সিজেনৰ নাটনিত মৃত্যু হোৱা নাছিল বুলি দাবী কৰাৰ বিপৰীতে আচল সত্য কি?
“দ্য ৱায়াৰে “ প্ৰকাশ কৰা তথ্য অনুসৰি চলিত বর্ষৰ মে’ মাহলৈ দেশত ১৭৮জন কোভিড ৰোগীৰ মৃত্যু হৈছিল অক্সিজেনৰ নাটনিত।ইয়াৰ উপৰিও আন ৭০ গৰাকী আক্ৰান্ত অক্সিজেনৰ অভাৱত মৃত্যু হৈছে বুলি আত্মীয়ই দাবী কৰিলেও অস্বীকাৰ কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই।দেশৰ ভিন্ন প্ৰান্তৰ চিকিৎসালয়সমূহৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি,১৩ এপ্ৰিলত মহাৰাষ্ট্ৰত অক্সিজেনৰ নাটনিত মৃত্যু হ’ল ৫ জন আক্ৰান্তৰ।১৪ এপ্ৰিলত মহাৰাষ্ট্ৰত মৃত্যু হৈছিল এজন আক্ৰান্তৰ। ১৮ এপ্ৰিলত মধ্য প্ৰদেশত মৃত্যু হ’ল ৬ জন আক্ৰান্তৰ।২১ এপ্ৰিলত মহাৰাষ্ট্ৰৰ নাছিকত মৃত্যু হ’ল ২৪ জন লোকৰ।একেদিনাই গুজৰাটত মৃত্যু ২জন লোকৰ।২৩ এপ্ৰিল আৰু ২৪ এপ্ৰিলত দুদিনতেই দিল্লীত অক্সিজেনৰ অভাৱত মৃত্যু হ’ল ৫০ জন লোকৰ।৩ মে’ত কৰ্ণাটকত মৃত্যু হ’ল ২৪ জন লোকৰ।এনেদৰেই দেশৰ ভিন্ন প্ৰান্তত শেহতীয়া সময়খিনিত অক্সিজেনৰ নাটনিত মৃত্যু হ’ল সৰ্বমুঠ ১৭৮ জন কোভিড আক্ৰান্তৰ।
ভেকচিনৰ ক্ষেত্ৰতো খামখেয়ালি বিৰাজমান ৷ ভেকচিনৰ নাটনিত সংকটাপন্ন দেশবাসী। ২০২১ চনৰ জানুৱাৰী মাহৰ পৰাই দেশত আৰম্ভ কৰা হৈছিল ভেকচিনেছনৰ প্ৰক্ৰিয়া।। কিন্তু কেন্দ্ৰৰ নতুন নিয়মৰ বাবে আজি পৰ্যন্ত ৫০% দেশবাসীকো ভেকচিন প্ৰদান কাৰ্য সমাপন কৰিব নোৱাৰিলে কেন্দ্ৰই। বৰ্তমানলৈ মুঠ ৪০.১০ কোটি ভেকচিন বিতৰণ কৰা হৈছে ভাৰতত।
উল্লেখযোগ্য যে ICMR ৰ তথ্য অনুসৰি ক’ৰোনা তৃতীয় ঢৌয়ে আগষ্ট ছেপ্টেম্বৰ মাহৰ ভিতৰত সমগ্ৰ দেশৰ ভিতৰতে প্ৰভাৱ পেলাব। তেনে ক্ষেত্ৰত ভেকচিনৰ সংকট এক গুৰুতৰ বিষয় হৈ পৰিছে ।
এনে সময়তে চি আই চিয়ে এতিয়া অক্সিজেন নাটনিৰ তথ্য বিচাৰি কেন্দ্ৰীয় চৰকাৰক সময়সীমা বান্ধি দিছে ১০ দিন৷ কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ এতিয়া কি হয় ,সেয়া লক্ষণীয় হব৷ কিন্তু এটা প্ৰশ্ন এতিয়াও প্ৰশ্ন হৈয়ে থাকি গ’ল যে অক্সিজেনৰ তথ্য দিবলৈ কেন্দ্ৰীয় চৰকাৰখন সংসদৰ ভিতৰে বাহিৰে অপাৰগ কিয় ?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.