সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

“পুটিনৰ কাম-কাজ হিটলাৰৰ দৰে”…..

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনে ইউক্ৰেইন আক্ৰমণ কৰাৰ নিৰ্দেশনা দিয়াৰ পাছতেই এই নিৰ্দেশ প্ৰত্যাহাৰ কৰাৰ দাবীৰে বৃহস্পতিবাৰে ৰাছিয়াৰ ৰাজপথলৈ ওলাই আহিছে ৰাছিয়াৰ সহস্ৰজন বাসিন্দা৷ ৰাছিয়াৰ ৰাজধানী মস্কোত প্ৰতিবাদ কৰে শ শ জনতাই। পোষ্টাৰত লিখিছিল, “মানৱতাৰ জয় হওঁক”, “আমাক যুদ্ধ নালাগে৷” “পুটিনৰ কাম-কাজ হিটলাৰৰ দৰে।” লগতে শ্লোগান গায়ো ৰাছিয়াৰ নাগৰিকসকলে ব্লাডিমিৰ পুটিনক গৰিহণা দিয়ে। উল্লেখ্য যে, এই কাৰ্যৰ বাবে ১৭৪৫ লোকক আটক কৰিছে।

Leave A Reply

Your email address will not be published.