সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ৱাকফ আহিল,বিজেপিৰহে শক্তি কমিল!

ৰাজ্যসভাত সেই বিশেষ দিনটোত বিৰোধী সাংসদ উপস্থিত আছিল ৮০ গৰাকী৷ প্ৰায় ৮ গৰাকী বিৰোধী সাংসদ সেই বিশেষ দিনটোত অনুপস্থিত আছিল যদিও কিন্তু ৱাকফৰ বিৰোধিতাৰে ৯৫ গৰাকী সাংসদৰ ভোট পৰিছিল৷এইটো সঁচাকৈয়ে এক আশ্চৰ্যকৰ সংখ্যা নহয়নে?

সেই বিশেষ দিনটো মানে ৱাকফ সংশোধনী বিধেয়ক গৃহীত হোৱাৰ দিনটোৰ কথা উল্লেখ কৰা হৈছে৷সেই বিশেষ দিনটোত কংগ্ৰেছ সভাপতি তথা সাংসদ মল্লিকাৰ্জ্জুন খাৰ্গেই বিৰোধীৰ ফালে ৮০ টা ভোটৰ পৰিৱৰ্তে ৯৫ টা ভোট লাভ কৰাত আচৰিত হৈছিল৷কিন্তু ক’ৰ পৰা আহিছিল অতিৰিক্ত ১৫ টা ভোট?

- Donation -

জানি আচৰিত হ’ব যে এই ১৫ টা ভোট আহিছিল ৰাজ্যসভাত NDAৰ সহযোগী হিচাপে থকা ৪ টা দলৰ পৰা৷অন্ধ্ৰপ্ৰদেশৰ YSR কংগ্ৰেছে বিগত দিনবোৰত মোডী চৰকাৰক সহযোগিতা আগবঢ়াই আহিছিল৷কিন্তু জগনমোহন ৰেড্ডীৰ ৭ গৰাকী সাংসদে এইবাৰ ৱাকফ সংশোধনী বিধেয়কৰ বিৰোধিতা কৰে৷ তদুপৰি উৰিষ্যাৰ বিজু জনতা দলে বিৰোধিতা কৰে ৱাকফৰ৷বিজু জনতা দলৰো ৭ গৰাকী সাংসদ আছে৷ ৰাজ্যসভাত এই দুটা NDA সমৰ্থিত দলৰ ওপৰিও ৱাকফ আইনৰ বিৰোধিতা কৰে ভাৰত ৰাষ্ট্ৰ সমিতি আৰু জয়াললিতাৰ AIADMKয়ে৷ভাৰত ৰাষ্ট্ৰ সমিতিৰ আছে ৪ গৰাকী সাংসদ৷আনহাতে AIADMKৰ সাংসদ আছে ৪ গৰাকী৷

উল্লেখ্য এই ৪ টা দলেই বিগত দিনবোৰত ৰাজ্যসভাত NDAক সমৰ্থন দি আহিছিল৷কিন্তু এইবাৰ এই ৪ টা প্ৰধান দলেই ৰাজ্যসভাত বিজেপিক সমৰ্থন কৰি বিপদত পৰিব নিবিচাৰিলে৷কিয়নো এই আটাইকেইটা দলেই আঞ্চলিক দল গতিকে নিজৰ নিজৰ ৰাজ্যবোৰত মুছলমান ভোটাৰৰ সমৰ্থন হেৰুওৱাৰ ভয়ত ৱাকফ সংশোধনীৰ বিধেয়কৰ বিৰোধিতা কৰিলে ৰাজ্যসভাত৷

ইয়াৰ পিছতেই কিছু পৰিমাণে বিবুদ্ধিত পৰিছে বিজেপি৷আনকি গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যসভাত লাভ কৰা ভোটৰ পৰিমাণ দেখি হতভম্ব হৈছে৷৪ টাকৈ গুৰুত্বপূৰ্ণ দলৰ সমৰ্থন হেৰুৱাই আগন্তুক ৪ টা বছৰত ল’বলগীয়া সিদ্ধান্তবোৰৰ ক্ষেত্ৰত সমস্যাত পৰিব নেকি বুলিও চিন্তিত হৈছে বিজেপি৷

এক কথাত, ৱাকফ আইনে বিপদত পেলাইছে বিজেপিৰ লগতে বিজেপিৰ সহযোগী দলবোৰক৷বিহাৰত বিজেপিৰ সহযোগী জনতা দল ইউনাইটেড, জয়ন্ত চৌধুৰীৰ ৰাষ্ট্ৰীয় জনতা দল, ছিৰাগ পাচোৱানৰ দল, জীতেনৰাম মাঝিৰ হিন্দুস্তান আবামী মৰ্চা আদি প্ৰায় সকলো সৰু-বৰ দলত আনিছে বিভাজন৷আনকি এই দলবোৰৰ গৰিষ্ঠসংখ্যক মুছলমান নেতাই তেওঁলোকে প্ৰতিনিধিত্ব কৰা দলো ত্যাগ কৰিছে৷

Leave A Reply

Your email address will not be published.