ৱাকফ আহিল,বিজেপিৰহে শক্তি কমিল!

Share This Article

ৰাজ্যসভাত সেই বিশেষ দিনটোত বিৰোধী সাংসদ উপস্থিত আছিল ৮০ গৰাকী৷ প্ৰায় ৮ গৰাকী বিৰোধী সাংসদ সেই বিশেষ দিনটোত অনুপস্থিত আছিল যদিও কিন্তু ৱাকফৰ বিৰোধিতাৰে ৯৫ গৰাকী সাংসদৰ ভোট পৰিছিল৷এইটো সঁচাকৈয়ে এক আশ্চৰ্যকৰ সংখ্যা নহয়নে?

সেই বিশেষ দিনটো মানে ৱাকফ সংশোধনী বিধেয়ক গৃহীত হোৱাৰ দিনটোৰ কথা উল্লেখ কৰা হৈছে৷সেই বিশেষ দিনটোত কংগ্ৰেছ সভাপতি তথা সাংসদ মল্লিকাৰ্জ্জুন খাৰ্গেই বিৰোধীৰ ফালে ৮০ টা ভোটৰ পৰিৱৰ্তে ৯৫ টা ভোট লাভ কৰাত আচৰিত হৈছিল৷কিন্তু ক’ৰ পৰা আহিছিল অতিৰিক্ত ১৫ টা ভোট?

জানি আচৰিত হ’ব যে এই ১৫ টা ভোট আহিছিল ৰাজ্যসভাত NDAৰ সহযোগী হিচাপে থকা ৪ টা দলৰ পৰা৷অন্ধ্ৰপ্ৰদেশৰ YSR কংগ্ৰেছে বিগত দিনবোৰত মোডী চৰকাৰক সহযোগিতা আগবঢ়াই আহিছিল৷কিন্তু জগনমোহন ৰেড্ডীৰ ৭ গৰাকী সাংসদে এইবাৰ ৱাকফ সংশোধনী বিধেয়কৰ বিৰোধিতা কৰে৷ তদুপৰি উৰিষ্যাৰ বিজু জনতা দলে বিৰোধিতা কৰে ৱাকফৰ৷বিজু জনতা দলৰো ৭ গৰাকী সাংসদ আছে৷ ৰাজ্যসভাত এই দুটা NDA সমৰ্থিত দলৰ ওপৰিও ৱাকফ আইনৰ বিৰোধিতা কৰে ভাৰত ৰাষ্ট্ৰ সমিতি আৰু জয়াললিতাৰ AIADMKয়ে৷ভাৰত ৰাষ্ট্ৰ সমিতিৰ আছে ৪ গৰাকী সাংসদ৷আনহাতে AIADMKৰ সাংসদ আছে ৪ গৰাকী৷

উল্লেখ্য এই ৪ টা দলেই বিগত দিনবোৰত ৰাজ্যসভাত NDAক সমৰ্থন দি আহিছিল৷কিন্তু এইবাৰ এই ৪ টা প্ৰধান দলেই ৰাজ্যসভাত বিজেপিক সমৰ্থন কৰি বিপদত পৰিব নিবিচাৰিলে৷কিয়নো এই আটাইকেইটা দলেই আঞ্চলিক দল গতিকে নিজৰ নিজৰ ৰাজ্যবোৰত মুছলমান ভোটাৰৰ সমৰ্থন হেৰুওৱাৰ ভয়ত ৱাকফ সংশোধনীৰ বিধেয়কৰ বিৰোধিতা কৰিলে ৰাজ্যসভাত৷

ইয়াৰ পিছতেই কিছু পৰিমাণে বিবুদ্ধিত পৰিছে বিজেপি৷আনকি গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যসভাত লাভ কৰা ভোটৰ পৰিমাণ দেখি হতভম্ব হৈছে৷৪ টাকৈ গুৰুত্বপূৰ্ণ দলৰ সমৰ্থন হেৰুৱাই আগন্তুক ৪ টা বছৰত ল’বলগীয়া সিদ্ধান্তবোৰৰ ক্ষেত্ৰত সমস্যাত পৰিব নেকি বুলিও চিন্তিত হৈছে বিজেপি৷

এক কথাত, ৱাকফ আইনে বিপদত পেলাইছে বিজেপিৰ লগতে বিজেপিৰ সহযোগী দলবোৰক৷বিহাৰত বিজেপিৰ সহযোগী জনতা দল ইউনাইটেড, জয়ন্ত চৌধুৰীৰ ৰাষ্ট্ৰীয় জনতা দল, ছিৰাগ পাচোৱানৰ দল, জীতেনৰাম মাঝিৰ হিন্দুস্তান আবামী মৰ্চা আদি প্ৰায় সকলো সৰু-বৰ দলত আনিছে বিভাজন৷আনকি এই দলবোৰৰ গৰিষ্ঠসংখ্যক মুছলমান নেতাই তেওঁলোকে প্ৰতিনিধিত্ব কৰা দলো ত্যাগ কৰিছে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.