সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অ’ বি চি নেতাৰ বিদ্ৰোহে কঁপাইছে বিজেপিৰ ভেটি

উত্তৰ প্ৰদেশ ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য ৷ এই ৰাজ্যখনত আছে ৮০ টা লোকসভা সমষ্টি ৷ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন ৭ টা পৰ্যায়ত অনুষ্ঠিত হ’ব ৷১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব ভোটগ্ৰহণ ৷ ফলাফল ঘোষণা কৰা হ’ব ১০ মাৰ্চত ৷ প্ৰাথমিক দৃষ্টিত বিজেপি উত্তৰ প্ৰদেশত এক সুবিধাজনক স্থানত আছিল যদিও নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পাছতে সলনি হ’বলৈ ধৰিছে উত্তৰ প্ৰদেশৰ ৰাজনৈতিক পৰিৱেশ ৷ দুদিনত দুজনকৈ মন্ত্ৰীয়ে পদত্যাগ কৰিছে যোগী আদিত্যনাথৰ মন্ত্ৰীসভাৰ পৰা ৷ মঙলবাৰে শ্ৰম বিভাগৰ মন্ত্ৰী স্বামী প্ৰসাদ মৌৰ্যই পদত্যাগ কৰাৰ পাছত বুধবাৰে বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী দ্বাৰা সিঙ চৌহানেও যোগী কেবিনেটৰ পৰা পদত্যাগ কৰিছে ৷ তেওলোকৰ অভিযোগ একেটাই দলিত , পিছপৰা লোকসকলৰ লগতে কৃষক , নিৱনুৱা আৰু উদ্যোগীসকলক বিজেপি চৰকাৰে অৱমাননা কৰাৰ অভিযোগ ৷ স্বামী প্ৰসাদ মৌৰ্য আৰু দ্বাৰা সিঙ চৌহান দুয়োজনেই অ’ বি চি সম্প্ৰদায়ৰ নেতা ৷ দ্বাৰা সিঙ উত্তৰ প্ৰদেশ বিজেপিৰ অ’ বি চি মৰ্চাৰ সভাপতিৰ দায়িত্বতো আছে ৷
উত্তৰ প্ৰদেশৰ ৰাজনীতি পৰিচালিত হয় জাতিগত সমীকৰণৰ জড়িয়তে ৷ জাতি বুলি ক’লে আপুনি জানি লোৱা দৰকাৰ যে উত্তৰ প্ৰদেশত কোন জাতিৰ কিমান শতাংশ ভোট আছে ৷উত্তৰ প্ৰদেশত উচ্চবৰ্গৰ ভোট আছে ২২ শতাংশ ৷ ইয়াৰ ভিতৰত ব্ৰাক্ষ্মণ , ৰাজপুত , ভূমিহাৰ , বণিয়া , জাত আদি সম্প্ৰদায় অন্তৰ্ভুক্ত হৈ আছে ৷
অ’ বি চি ভোট আছে মুঠ ৪০ শতাংশ৷ ইয়াৰে যাদৱ সকলৰ আছে ৮ শতাংশ ভোট ৷ নন যাদৱ অ’ বি চি সকলৰ আছে ৩২ শতাংশ ভোট ৷ একেদৰে এছ চি আৰু এছ টিৰ ভোটৰ হ’ল ২০ শতাংশ ৷ ইয়াৰে ১১ শতাংশ ভোটাৰ জাটৱ সম্প্ৰদায়ৰ ৷ ইয়াৰ উপৰি সংখ্যালঘুৰ ভোট আছে ১৮ শতাংশ ৷ সংখ্যালঘুসকলৰ ভিতৰত ১৭ শতাংশই মুছলমান সম্প্ৰদায়ৰ ৷ বিগত বিধানসভা নিৰ্বাচনত মুজাফৰনগৰ সাম্প্ৰদায়িক সংঘৰ্ষ আৰু সৰু সৰু ৰাজনৈতিক দলৰে পৰিকল্পিত মিত্ৰতা স্থাপন কৰি বিজেপিয়ে চমকপ্ৰদ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছিল ৷ বিশেষকৈ জাত সম্প্ৰদায়ৰ অকুণ্ঠ সমৰ্থন লাভ কৰিছিল বিজেপি দলে ৷ একেদৰে স্বামী প্ৰসাদ মৌৰ্য , দ্বাৰা সিঙ চৌহানৰ দৰে শক্তিশালী অ’ বি চি নেতাই মায়াৱতীৰ বহুজন সমাজ পাৰ্টী এৰি বিজেপিত যোগদান কৰাৰ পাছত অ’ বি চিৰ মাজত বিজেপিৰ ভেটি শক্তিশালী হৈ উঠিছিল ৷ কিন্তু এইবাৰ পৰিস্থিতি পৃথক ৷ খোদ কেবিনেট মন্ত্ৰী তথা অ’ বি চি মৰ্চাৰ সভাপতি দ্বাৰা সিঙ চৌহান , মন্ত্ৰী স্বামী প্ৰসাদ মৌৰ্যৰ লগতে কেবাগৰাকীও অ’ বি চি বিধায়কৰ পদত্যাগে বিজেপিৰ বাবে অশনি সংকেত কঢ়িয়াই আনিছে ৷ কাৰণ , অ’ বি চি ভোটাৰ আছে ৪০ শতাংশ ৷ অখিলেশ যাদৱ নিজেই যাদৱ সম্প্ৰদায়ৰ ৷ গতিকে ৮ শতাংশ যাদৱ ভোটাৰৰ সমৰ্থন সমাজবাদী পাৰ্টীয়ে লাভ কৰিব বুলি আশা কৰিব পাৰি ৷ এতিয়া স্বামী প্ৰসাদ মৌৰ্য আৰু দ্বাৰা সিঙৰ দৰে শক্তিশালী নেতাই অখিলেশ যাদৱৰ লগ লাগিলে নন যাদৱ অ’ বিচিৰ মাজত সমাজবাদী পাৰ্টীৰ ভেটি শক্তিশালী হৈ উঠাটো নিশ্চিত ৷
ইয়াৰ সমান্তৰালভাৱে এইবাৰ সমাজবাদী পাৰ্টীৰ লগত আছে ওম প্ৰকাশ ৰাজভৰৰ দল সুহলদেৱ ভাৰতীয় সমাজ পাৰ্টী ৷ এই দলটো হ’ল মূলত : অ’ বি চি সকলৰ ৰাজভৰ সম্প্ৰদায়ৰ মাজত প্ৰভাৱ থকা দল ৷ দস্যুৰাণী ফুলন দেৱীও এই সম্প্ৰদায়ৰে আছিল ৷ ৰাজভৰ সকলৰ বীৰ হ’ল সুহলদেৱ ৷ যোৱা বিধানসভা নিৰ্বাচনত ওম প্ৰকাশ ৰাজভৰ আছিল বিজেপিৰ লগত ৷ ইয়াৰ ফলত বিজেপি সাংঘাটিক ধৰণে লাভান্বিত হৈছিল ৷ উত্তৰ প্ৰদেশৰ ১০ – ১২ খন জিলাত সৰ্বাধিক ২২ শতাংশ পৰ্যন্ত ভোট আছে ৰাজভৰসকলৰ ৷ এতিয়া বিজেপিৰ ওচৰৰ পৰা সুহলদেৱ ভাৰতীয় সমাজ পাৰ্টী আঁতৰি অহাৰ পাছত বিজেপিৰ অ’ বি চি ভোটবেংকত এক প্ৰচণ্ড আঘাত পৰা বুলি গণ্য কৰিব পাৰি ৷
ইফালে , বিগত ২০১৭চনৰ নিৰ্বাচনত জাতসকল একপক্ষীয়ভাৱে বিজেপিৰ লগত আছিল ৷ মুজাফ্ফৰনগৰত জাত আৰু মুছলমানসকলৰ মাজত সংঘটিত সংঘৰ্ষৰ পাছত জাতসকলে বিজেপিৰ পক্ষ গ্ৰহণ কৰিছিল ৷ কিন্তু এইবাৰ কৃষক আন্দোলনৰ পাছত জাতসকলৰো মন সলনি হৈছে ৷ মূলত: জাতসকলৰ দল ৰাষ্ট্ৰীয় লোক দলেও এইবাৰ সমাজবাদী পাৰ্টীৰ লগত মিত্ৰতা স্থাপন কৰিছে ৷ ইয়াৰ বাহিৰে সংখ্যালঘুসকলৰ ১৮ শতাংশ ভোটো সমাজবাদী পাৰ্টী আৰু মিত্ৰজোটৰ পক্ষলৈ আহিব বুলি পৰ্যবেক্ষকসকলে ধাৰণা কৰিছে ৷মন কৰিবলগীয়া বিষয়টো হ’ল উত্তৰ প্ৰদেশত উচ্চবৰ্ণৰ লোকসকলৰ মাজতো এক শীতল সংঘাত আৰম্ভ হৈছে ৷ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ যদিও উচ্চবৰ্ণৰ , তেওৰ সম্প্ৰদায় হ’ল ঠাকুৰ ৷ ঠাকুৰৰ শাসনকালত ব্ৰাক্ষ্মণসকলে বাৰম্বাৰ উপেক্ষিত হোৱাৰ অভিযোগ উত্থাপণ কৰি আহিছে ৷ গতিকে উচ্চবৰ্ণৰ মাজতো আৰম্ভ হৈছে অসন্তুষ্টি ৷ এইদৰে জাতিগত সমীকৰণৰ দিশৰ পৰা উত্তৰ প্ৰদেশত বিজেপিৰ সমীকৰণ লাহে লাহে নিমিলা হৈ আহিছে ৷ সেইবাবেই মুছলমানসকলক টাৰ্গেট কৰি যোগী আদিত্যনাথে এই নিৰ্বাচন ৮০ শতাংশ আৰু ২০ শতাংশৰ মাজত অনুষ্ঠিত হ’ব বুলি কৈ ভোটৰ ধৰ্মীয় মেৰুকৰণ কৰিব বিচাৰিছে ৷ উত্তৰ প্ৰদেশত এইবাৰ বিজেপিৰ ধৰ্মীয় ৰাজনীতি নে সমাজবাদী পাৰ্টী জাতিগত ৰাজনীতি সফল হয় , সেয়া জানিবলৈ চকু ৰাখিব লাগিব সৰ্ববৃহৎ ৰাজ্যখনৰ ৰাজনৈতিক প্ৰেক্ষাপটত ৷

Leave A Reply

Your email address will not be published.