মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক যিমান আক্ৰমণ কৰিছে , আন কোনো বিৰোধী নেতাইও কৰা নাই ৷ কৃষক আন্দোলনক লৈ প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা স্থিতিক লৈ সদায় সোচ্চাৰ হৈ আহিছে সত্যপাল মালিক ৷ বিষয়টো লৈ তেও আনকি নিজে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাতো কৰিছে ৷ এই সাক্ষাতকালত প্ৰধানমন্ত্ৰী মোদীয়ে দেখুওৱা ঔদ্ধত্যক তেও অতি মুকলিকৈ আৰু কঠোৰ ভাষাৰে সমালোচনা কৰিছে ৷ স্বাভাৱিকতে সত্যপাল মালিকৰ বক্তব্যই সময়ে সময়ে শলঠেকত পেলাই আহিছে বিজেপি নেতৃত্বক ৷ কিন্তু প্ৰশ্ন হয় , মুকলিকৈ প্ৰধানমন্ত্ৰী মোদীক আক্ৰমণ কৰাৰ পাছতো মালিকৰ বিৰুদ্ধে কিয় ব্যৱস্থা লোৱাৰ সাহস গোটাব পৰা নাই বিজেপি নেতৃত্বই ?
প্ৰশ্নৰ উত্তৰ এটাই ৷ সেয়া হ’ল নিৰ্বাচন ৷ সন্মুখত নিৰ্বাচন থকা বাবেই প্ৰধানমন্ত্ৰী মোদীয়ে তিনিখন কৃষি আইন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ’ল ৷ সেই একেটা কাৰণতে তেও সত্যপাল মালিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পৰা বিৰত আছে ৷ সত্যপাল মালিক জাত সম্প্ৰদায়ৰ ব্যক্তি ৷ উত্তৰ প্ৰদেশৰ ২২ খন জিলাত জাতৰ জনসংখ্যা হ’ল ১৪ শতাংশ৷ বিগত কেবাটাও নিৰ্বাচনত জাতসকলে বিজেপিৰ পক্ষত একপক্ষীয়ভাৱে ভোটদান কৰি আহিছে ৷ চি এছ ডি এছৰ সমীক্ষা অনুসৰি ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত ৩৯ শতাংশ জাতে বিজেপিক ভোট দিছিল ৷ ২০১৪ ৰ লোকসভা নিৰ্বাচনত ৭৭ শতাংশ আৰু ২০১৯ চনৰ নিৰ্বাচনত ৯১ শতাংশ জাত ভোটাৰৰ সমৰ্থন লাভ কৰিছিল বিজেপি দলে ৷
এইবাৰ পৰিস্থিতি কিছু সুকীয়া হৈ পৰিছে ৷ এবছৰযোৰা কৃষক আন্দোলনৰ পৰিপ্ৰেক্ষিতত জাতসকল বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত ক্ষুণ্ণ হৈ আছে ৷ এনে পৰিস্থিতিত এজন জাত নেতা সত্যপাল মালিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি অৱশিষ্ট সমৰ্থনখিনি নৰেন্দ্ৰ মোদী বা বিজেপিয়ে নিশ্চয় হেৰুৱাব নিবিচাৰিব ৷
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.