বিজেপি শিবিৰত ধুমুহা : আৰু এজন বিধায়কৰ দলত্যাগ

Share This Article

উত্তৰ প্ৰদেশবিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিজেপি শিবিৰত ধুমুহাৰ সৃষ্টি হৈছে ৷ দুজন কেবিনেট মন্ত্ৰী, তিনিজন বিধায়কে বিজেপিৰ পৰা পদত্যাগ কৰাৰ পাছত আজি আৰু এজন বিধায়কে পদত্যাগৰ কথা ঘোষণা কৰিছে ৷ বৃহস্পতিবাৰে শিকোহাবাদৰ বিধায়ক মুকেশ বাৰ্মাই পদত্যাগৰ কথা ঘোষণা কৰি কয় যে স্বামী প্ৰসাদ মৌৰ্য তেওঁৰ নেতা ৷ স্বামী প্ৰসাদে যি সিদ্ধান্ত লয় , সেই সিদ্ধান্তকে তেওঁ সমৰ্থনন জনাই যাব ৷ মুকেশ বাৰ্মাই তেওঁৰ পদত্যাগ পত্ৰত উল্লেখ কৰে যে বিগত পাঁচ বছৰৰ কাৰ্যকালত বিজেপি চৰকাৰে দলিত , পিছপৰা কৃষক , নিৱনুৱাসকলক উপেক্ষা কৰি আহিছে ৷ যাৰ বাবে তেওঁ বিজেপিৰ প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰিছে ৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে যোগী কেবিনেটৰ শ্ৰম মন্ত্ৰী স্বামী প্ৰসাদ মৌৰ্য আৰু পৰিৱেশ মন্ত্ৰী দ্বাৰা সিঙ চৌহানে বিজেপি দল ত্যাগ কৰি অখিলেশ যাদৱক সাক্ষাৎ কৰিছিল ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.