সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

উত্তৰ প্ৰদেশত বিজেপিয়ে মুকলি কৰিব ইস্তাহাৰ

উত্তৰ প্ৰদেশৰ নিৰ্বাচনলৈ মাজত মাথোঁ ১ টা দিন। ১০ ফেব্রুৱাৰীত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱা লগতে ১৪, ২০, ২৩ ২৭, ৩ আৰু ৭ মাৰ্চত সাতটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন। কিন্তু বিজেপিয়ে মুকলি কৰা নাই ইস্তাহাৰ। আজিহে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লক্ষ্ণৌত বহু প্ৰত্যাশিত ভাৰতীয় জনতা পাৰ্টীৰ (বিজেপি) ইস্তাহাৰ মুকলি কৰিব। বিজেপিৰ ‘লোক কল্যাণ সংকল্প পাত্ৰ’ ইস্তাহাৰত জাতীয়তাবাদ, উন্নয়ন, সুশাসন আৰু কাশী মথুৰাৰ উন্নয়নৰ দৰে বিষয় অন্তৰ্ভুক্ত থাকিব পাৰে।
আনহাতে, সোমবাৰে বিজনৌৰত এক ভাৰ্চুৱেল ৰেলীৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অখিলেশ যাদৱৰ দলৰ ওপৰত কঠোৰ আক্ৰমণ চলায়।
বিজেপিয়ে ২০১৭ চনৰ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত ৪০৩ খন আসনৰ ভিতৰত ৩১২ খন আসন দখল কৰি এক বৃহৎ লাভ কৰিবলৈ সক্ষম হৈছিল। আনহাতে সমাজবাদী পাৰ্টিয়ে ৪৭খন, বিএছপিয়ে ১৯খন আসন আৰু কংগ্ৰেছে মাত্ৰ সাতখন আসন লাভ কৰিছিল। কিন্তু এইবাৰ বিজেপিয়ে কিমান আসন লাভ কৰিব ১০ মাৰ্চৰ ঘোষণা কৰা ফলাফলেহে ক’ব।

Leave A Reply

Your email address will not be published.