এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি গৌতম আদানি

Share This Article

আদানি গ্ৰুপৰ প্ৰতিষ্ঠাপক গৌতম আদানিয়ে বৰ্তমান ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানীক অতিক্ৰম কৰি এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হৈ পৰিছে। ব্লুমবাৰ্গ বিলিয়নেয়াৰ ইণ্ডেক্স অনুসৰি, গৌতম আদানিৰ মুঠ সম্পত্তি ৮৮.৫ বিলিয়ন ডলাৰ। আনহাতে, মুকেশ আম্বানীৰ মুঠ সম্পত্তিৰ মূল্য আনুমানিক ৮৭.৫ বিলিয়ন ডলাৰ। কভি’ড মহামাৰীৰ সময়ত আদানীৰ সম্পত্তি বৃদ্ধি পাইছে। যোৱা বছৰলৈকে আদানীৰ সম্পত্তিৰ মূল্য ৪০ বিলিয়ন ডলাৰতকৈও কম আছিল। লগতে আদানী এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হোৱাৰ উপৰিও বিশ্বৰ দশম ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.