সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কোন হ’ব সৰ্বানন্দ সোণোৱালৰ উত্তৰাধিকাৰী : কি ক’লে হিমন্ত বিশ্ব শৰ্মাই ?

চৰকাৰী কাৰ্যসূচী লৈ নতুন দিল্লীত উপস্থিত হোৱা অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে সন্ধিয়া সাক্ষাৎ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৷ চৰ্চা চলিছিল যে মাজুলীৰ উপ – নিৰ্বাচন সন্দৰ্ভত দুয়োগৰাকী নেতাও আলোচনা কৰিছে ৷ কিন্তু এনে চৰ্চাক নস্যাৎ কৰি ড: হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে এই সাক্ষাৎ সম্পূৰ্ণ সৌজন্যমূলক আছিল ৷ অহা ১২ ফেব্ৰুৱাৰীত ৰাজ্যিক বিজেপিৰ কইনাধৰাত এখন চমু বৈঠক অনুষ্ঠিত হ’ব ৷ তাতেই প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰি কেন্দ্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰা হ’ব৷ দিল্লীৰ ভ্ৰমণকালত মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী আৰু কয়লা মন্ত্ৰীক সাক্ষাৎ কৰে ৷

Leave A Reply

Your email address will not be published.