সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কাৰ কথা মতে বন্ধ কৰা হ’ল ৰাহুল গান্ধীৰ টুইটাৰ একাউন্ট ?

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ টুইটাৰ একাউন্ট অস্থায়ী ৰূপত বন্ধ কৰাৰ বিৰুদ্ধে সোমবাৰে প্ৰতিবাদত নামিল এন এছ ইউ আই আৰু যুৱ কংগ্ৰেছৰ সদস্য ৷ কংগ্ৰেছৰ ভাতৃ সংগঠনৰ সদস্যসকলে আজি টুইটাৰৰ নতুন দিল্লীস্থিত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ প্ৰতিবাদকাৰীসকলে শীঘ্ৰে ৰাহুল গান্ধীৰ টুইটাৰ একাউন্ট মুকলি কৰি দিবলৈ দাবী জনোৱাৰ লগতে কাৰ কথা মতে টুইটাৰ একাউন্ট বন্ধ কৰা হৈছে বুলি প্ৰশ্ন উত্থাপণ কৰে ৷ উল্লেখ্য যে ,ৰাহুল গান্ধীয়ে শুকুৰবাৰে দিল্লীত ধৰ্ষিতা হোৱা কিশোৰী পৰিয়ালৰ লগত এখন ফটো টুইট কৰিছিল ৷ তাৰ পাছতে  ৰাষ্ট্ৰীয় শিশু অধিকাৰ আয়োগে ৰাহউল গান্ধীলৈ জাননী জাৰি কৰিছিল আৰু উক্ত ফটো থকা টুইটটো আঁতৰাবলৈ কৈছিল ৷তাৰ পাছত শণিবাৰৰ পৰা ৰাহুল গান্ধীৰ টুইটাৰ একাউন্ট বন্ধ হৈ আছে ৷

Leave A Reply

Your email address will not be published.