পেগাছাছৰ নামত কোনো লেনদেন হোৱা নাই বুলি ক’ত ক’লে চৰকাৰে ?

Share This Article

পেগাছাছৰ জড়িয়তে চোৰাংছোৱাগিৰি কৰাৰ অভিযোগক লৈ দেশত তুমুল  বিতৰ্ক চলি আছে ৷ অচল হৈ পৰিছে দুয়োখন সদন ৷ কেন্দ্ৰীয় চৰকাৰে এই বিষয়টোৰ পৰা দূৰৈত অৱস্থান কৰিছে ৷ তাৰ মাজতে আজি প্ৰতিৰক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰীয়ে ৰাজ্যসভাত ঘোষণা কৰিছে যে পেগাছাছ ক্ৰয় সংক্ৰান্তত ইজৰাইলৰ কোম্পেনী এন এছ ওৰ লগত ভাৰত চৰকাৰৰ কোনো লেন দেন হোৱা নাই ৷ ৰাজ্যসভাত চি পি আই(এম)ৰ সাংসদ ড: বি শিৱদাসনৰ এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এইদৰে কয় ৷

কি এই পেগাছাছ ?

পেগাছাছ হৈছে ইজৰাইলী কোম্পানী NSO য়ে নিৰ্মান কৰা এটা বিশেষ ছফ্টৱেৰ ৷এটা মাত্ৰ মিছ কলৰ সহায়ত এই ছফ্টৱেৰটো আপোনাৰ মোবাইলত প্ৰৱেশ কৰিব পাৰে। এবাৰ মোবাইলত সংৰোপিত হোৱাৰ পাছত এই ছফ্টৱেৰটোৱে আপোনাৰ অনুমতি অবিহনেই মোবাইলৰ সকলো তথ্য গোপনে প্ৰেৰক সংস্হাটোলৈ প্ৰেৰণ কৰে। এই ছফ্টৱেৰ NSO গ্ৰুপে চৰকাৰ সমূহক বিক্ৰী কৰে। প্ৰথম অৱস্থাত এই ছফ্টৱেৰটো উগ্ৰপন্থীৰ বিৰুদ্ধে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল। কিন্তু বৰ্তমান সময়ত বহু দেশৰ চৰকাৰে কিছু সংখ্যক নিৰ্দিষ্ট লোকৰ চোৰাংচোৱাগিৰি কৰিবলৈও এই ছফ্টৱেৰ ব্যৱহাৰ কৰে। অৰ্থাৎ কোনোবাই ইচ্ছা কৰিলেই আপোনাৰ মোবাইলৰ গোপন তথ্য চুৰ কৰিব পাৰে বা চোৰাংচোৱাগিৰি কৰিব পাৰে। উদ্বেগজনকভাৱে ভাৰতৰ ৪০ জন সাংবাদিককে ধৰি ২ কেন্দ্ৰীয় মন্ত্ৰী আৰু ৰাহুল গান্ধী সহিতে ৩ বিৰোধী নেতা তথা প্ৰসিদ্ধ নিৰ্বাচনী ৰণনীতিকাৰ প্ৰশান্ত কিশোৰ আদিৰ দৰে ব্যক্তিৰ মোবাইলত ধৰা পৰিছে পেগাগাছ স্পাইৱেৰৰ উপস্থিতি। অৰ্থাৎ তেওলোকক কোনোবাই চোৰাংচোৱাগিৰি কৰি আছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যম ‘দ্য ৱায়াৰ’ৰ অনুসন্ধানত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.