অসমৰ সাধাৰণ নাগৰিকৰ হাতে হাতে মাৰণাস্ত্ৰ কিয় ?

ৰাজ্যত নিৰাপদ নহয়  সাধাৰণ নাগৰিক। বৃদ্ধি হৈছে  ভয়-ভাবুকি । সেয়ে হাতে হাতে এতিয়া মাৰণাস্ত্ৰ। ৰাজ্যৰ মুঠ ১৯,১৪৫ গৰাকী ব্যক্তিৰ হাতত আছে অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰ। সোমবাৰে বিধানসভাত বিধায়ক তেৰছ গোৱালাই উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছে এই কথা।শান্তিৰ অসমত হাজাৰ হাজাৰ লোকৰ হাতত অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰ থকাৰ কাৰণ হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে আৰক্ষীৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি ১৯,১৪৫ গৰাকী লোকক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছে।আবেদনকাৰীৰ নিৰাপত্তাৰ দিশটোৰ বিষয়ে আৰু জীৱনৰ প্ৰতি সাম্ভাব্য ভাবুকিৰ বিষয়ে আৰক্ষী বিভাগে পৰ্যালোচনা কৰি প্ৰতিবেদন দিয়ে।তেওঁলোকৰ প্ৰতি ভাবুকি কোনো সংগঠন,কোনো ব্যক্তি বা কোনো অজ্ঞাত দিশৰ পৰা দিব পাৰে।মুখ্যমন্ত্ৰীয়ে কোন কোন জিলাত কিমান অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰ আছে সেই কথাও সদৰী কৰে।সেই অনুসৰি কামৰূপ মহানগৰৰ ৩৮ গৰাকী, বৰপেটাৰ ৭৫ গৰাকী,বঙাইগাঁৱৰ ১১৩ গৰাকী,গোৱালপাৰাৰ ৪৮৯ গৰাকী,ধুবুৰীৰ ১২৪৮ গৰাকী,ওদালগুৰিৰ ১৪৬ গৰাকী,লখিমপুৰৰ ১৮৩ গৰাকী,শিৱসাগৰৰ ৪৯১গৰাকী,কামৰূপৰ ১৪৫ গৰাকী,নগাঁৱৰ ৩৪২২ গৰাকী,মাজুলীৰ ২৩৩ গৰাকী,দক্ষিণ শালমৰাৰ এগৰাকী,ডিমা হাছাওৰ ২০৫০ গৰাকী,চৰাইদেউৰ ২৭ গৰাকী,ডিব্ৰুগড়ৰ ৮২৬ গৰাকী,মৰিগাঁৱৰ ৮২৫ গৰাকী,কোকৰাঝাৰৰ ৩৯৯ গৰাকী,ধেমাজিৰ ১৪৭ গৰাকী,গোলাঘাটৰ ২৬৫২ গৰাকী,বাকসাৰ ৫৭ গৰাকী,কৰিমগঞ্জৰ ৩৮০ গৰাকী,হাজোৰ ৩৬৮ গৰাকী,নলবাৰীৰ ৯৪ গৰাকী,কাৰ্বিআংলংৰ ১১২ গৰাকী,শোণিতপুৰৰ ৫৫৯ গৰাকী,বিশ্বনাথৰ ১৭২ গৰাকী,যোৰহাটৰ ৪২ গৰাকী,তিনিচুকীয়াৰ ৭৮৪ গৰাকী,দৰঙৰ ১১৪১ গৰাকী,চিৰাংৰ ৪২ গৰাকী,পশ্চিম কাৰ্বিআংলংৰ ৬৭৩ গৰাকী,কাছাৰৰ ৭৪৯ গৰাকী আৰু বজালী জিলাত ১০ গৰাকী লোকৰ হাতত অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰ আছে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296