সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আপোনাৰ মেডিক্লেইম(স্বাস্থ্য বীমা)পলিচি আছেনে?

বিপুল কলিতা

জীৱন বীমা কৰোৱা মানুহ দেখিলে দুৰতে নমস্কাৰ কৰিব খোজা ভাৰতীয় মানুহৰ এটা মানসিকতা আছে।আনফালে আমেৰিকা কে ধৰি বিশ্বৰ উন্নত দেশ সমুহ জীৱনবীমা বাধ্যবাধক আৰু প্ৰত্যেক পৰিয়ালৰ অবিচ্ছেদ্য অংগ।যিদৰে ভাৰতত আপোনাৰ বাহনখনৰ বীমা কৰোৱাতো বাধ্যতামূলক তেনেদৰে সেই দেশসমূহত নুন্যতম জীৱন বীমাৰে নাগৰিক সকল সুৰক্ষিত হোৱাটো বাধ্যতামূলক। নীতি আয়োগৰ তথ্য অনুসৰি
ভাৰতৰ ৪০ % কৈও মানুহৰ আজিও সাস্থ্য বীমা নাই বা এই বিষয়ে অজ্ঞ। ‘ৰাষ্ট্ৰীয় পৰিয়াল সাস্থ্য অনুসন্ধান’ৰ তথ্য মতে মাত্ৰ চাৰিখন ৰাজ্য বাদে ভাৰতীয় সকলো ৰাজ্যতে একোখন ঘৰৰ কমেও এজন মানুহৰ সাস্থ্য বীমা থকাৰ হাৰ ৫০% তকৈও তলত। চৰকাৰী সাস্থ্য বীমা যোজনা সমূহৰ হিতাধিকাৰীৰ সংখ্যা অসমত বাঢ়িছে যদিও এই নগদ বিহীন ( কেছ লেছ) সুবিধাৰ বাবে তাৰে কিমান জনসংখ্যা বীমাকৃত সেয়া লক্ষনীয়।সাস্থ্য বীমা নথকাৰ বাবে প্ৰায় ৭৫% ভাৰতীয়ই বেছিভাগ উপাৰ্জন চিকিৎসাত খৰছ কৰিব লগা হয় । ইয়াৰ বাবে সজাগতা নাই আৰু তেওঁলোক কোনো চৰকাৰী বা বেচৰকাৰী সাস্থ্য বীমা যোজনাত অন্তৰ্ভুক্ত নহয়।
যোৱা কিছুদিনত কৰ্মসুত্ৰে তথা সামাজিক ভাৱে মুখা মুখি কেইটামান অভিজ্ঞতাৰ বাবে এই বিষয়টোৰ ওপৰত আলোকপাত কৰিলে পাঠক সমাজ উপকৃত হব বুলি ভাবিলো।কিছুদিন আগতে এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ,কাম শেষ কৰি মাজ ৰাতি ঘৰলৈ যাবলৈ ওলোৱাৰ সময়তে অচেতন হৈ ঢলি পৰাত ততাতৈয়াকৈ
চিকিৎসালয়লৈ লৈ যোৱা হয়। প্ৰাথমিক অৱস্থাতে ধৰা পৰিল যে তেওঁৰ ”
ব্ৰেইন হেমাৰেজ’ হোৱাৰ লগতে মগজুৰ ভিতৰত ৰক্তক্ষৰণ হৈছে আৰু দুটা গুৰুতৰ অষ্ট্ৰোপ্ৰচাৰ কৰিলেহে তেওঁ জীৱন ৰক্ষা সম্ভৱ আৰু যাৰ বাবে হস্পিতাল কতৃপক্ষই অনুমানিক ৭ লাখ টকাৰ এটা হিচাব পৰিয়ালৰ হাতত গুজি দিয়ে। চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে তেওঁ নিগমৰ ফালৰ পৰা ৫০০০০ টকাৰ “মেডিক্লেইম” বীমাৰ অধিকৃত আছিল।সেয়া আছিল নগদ বিহীন। বীমা কোম্পানীৰ পৰা পোনে পোনে হস্পিতাললৈ ধনৰাশিৰ অহাৰ সুবিধা( কেছ লেছ)।কিন্ত সমস্যাটো হল পৰিয়ালক আৰু ৬৫০০০০ টকাৰ প্ৰয়োজন। খোজ খবৰ কৰি গম পোৱা গল যে ৫০০০০ টকা বীমা বিনামুল্যে কোম্পানীয়ে তেওঁক দিয়াৰ বিপৰীতে , তেওঁ নিজে ২০০০ টকা মাহিলী প্ৰিমিয়াম ভৰি নিজক আৰু পৰিয়ালৰ বাবে আৰু ৪ লাখ টকাৰ কেছ লে ছ বীমা কৰোৱাই ৰাখিছিল। যাৰ বাবে পঞ্জীয়ণ ক্ৰমাংক পোৱাৰ লগে অচেতন অৱস্থাত থকা ৰোগীজনৰ সৰহভাগ ধন বীমাৰ দাৰা আহিব বুলি হস্পিতালখনে অনতিপলমে অষ্ট্ৰোপ্ৰচাৰ সম্পন্ন কৰে আৰু আসন্ন বিপদৰ পৰা তেওঁ মুক্ত হয়।

- Donation -

আন এটা উদাহৰণ আছে আমাৰ নিজৰ ঠাই গুৱাহাটীৰ। দুৰ্ঘটনাত সংকটজনক অৱস্থাত হস্পিতাললৈ অনা এজন ২৫ বছৰীয়া যুবকৰ চিকিৎসাৰ বাবে কতৃপক্ষই ১০০০০ টকা জমা কৰিবলৈ কোৱাত , সেই টো গোটাব নোৱাৰাৰ বাবে বহ সময় ধৰি তেওঁৰ চিকিৎসা আৰম্ভ হোৱা নাছিল আৰু তেওঁৰ অৱস্থা সংকটজনক হৈ পৰিছিল।পৰিয়াল আতৰত আছিল ।বন্ধু দুজনে ধনৰ যোগাৰ কৰি অনাৰ পিচত তেওঁৰ চিকিৎসা আৰম্ভ হয়। আকস্মিক ভাৱে দৰকাৰ হোৱা ধনৰ অভাৱৰ বাবে চিকিৎসা নোপোৱাকৈ ৰোগীৰ প্ৰাণ হানি হোৱাৰ কথাও আমি শুনিছো। যদিহে এই যুবকজনৰ ৫০০০০ টকাৰো মেডিক্লেইম পলিচি থাকিলে হয়, যাৰ’ প্ৰিমিয়াম’ হয়তো তেওঁৰ দৈনন্দিন চাহ তামোলৰ খৰচতকৈও কম, তেওঁৰ বিপদকালত ১০০০০ টকা বিচাৰি বন্ধুসকল হাবাথুৰি খাব লগা নহল হয়। সেয়ে
সাস্থ্যবীমা আৰু ইয়াক বিশদ ভাৱে জানি বুজি ললে আকস্মিক সাস্থ্য জনিত দুৰ্যোগত আপুনি আৰ্থিক- মানসিক সকাহ পাব। আপোনাৰ হাতত সেই সময়ত নগদ ধন নাথাকিলেও আপোনাক সা
সাস্থ্য বীমাৰ অধীনত নগদ বিহীন চিকিৎসাৰ বাবে অনুমোদন থাকিলে ( cashless hospitalisation) হস্পিতালে অনতিপলমে চিকিৎসা কৰিব । কেৱল সেই হস্পিতাল খনো নগদ বিহীন চিকিৎসাৰ যোজনাৰ বাবে স্বীকৃত হব লাগিব।আজিকালি প্ৰায় ৯০ শতাংশ হস্পিতাল ইয়াৰ বাবে স্বীকৃতিপ্ৰাপ্ত কোনোবা নহয় কোনোবা বীমা কোম্পানীৰ দ্বাৰা। এনে সুবিধাৰ হিতাধিকাৰী হলে
প্ৰয়োজনীয় ধনৰ যোগাৰ কৰিবলৈ আপুনি সময় পাব।
আপুনি বিপদ বা বেমাৰটো কথা জনাৰ লগে লগে অথাই সাগৰত নপৰে । ইয়াৰ’
প্ৰিমিয়াম’ বহু কম।আপোনাৰ দৈনন্দিন দুকাপ চাহৰ দামেৰে আপুনি ১ লাখ টকাৰ সাস্থ্য তথা নগদবিহীন বীমাৰ সুবিধাৰে নিজক আৰু পৰিয়ালক সুৰক্ষিত কৰিব পাৰে প্ৰতি বছৰে।সন্তান প্ৰসৱৰ পক্ৰিয়াত যদি চিকিৎসাৰ প্ৰয়োজন হয়,এই বীমাই সহায় কৰে ।আপোনাৰ গাঁঠিৰ ধন নভঙাকৈ নৱজাত কেচুঁৱা কোলাত লৈ আপুনি হস্পিতালৰ পৰা ঘৰ পাবহি পাৰে। অসমীয়া সমাজত এই বিষয়ে সজাগতা খুবেই কম।
৭০% চহৰ আৰু ৬৩% গ্ৰাম্যাঞ্চলৰ লোকে আজিও উন্নত চিকিৎসা বাবে ব্যক্তিগত হস্পিতালত ভৰসা কৰে ।যিহেতু এইসমূহত চিকিৎসাৰ খৰছৰ অনুপাত বেছি , সেয়ে এটি সাস্থ্য বীমাই আপোনাক উন্নত চিকিৎসা লাভ কৰাত সহায় কৰিব।ইয়াৰ বাবে বহু চৰকাৰী বেচৰকাৰী বীমা প্ৰতিষ্ঠান আছে । চালি জাৰি চাই লৈহে নিবেশ কৰিব। যাতে আপোনাৰ আকস্মিক বিপদত এনে বীমা কামত আহে । ইয়াৰ সুবিধা লাভৰ বহু নিয়ম নীতি ভাৰতীয় বীমা প্ৰাধিকৰণে বান্ধি দিছে।
গ্ৰাহকে সেই সকলো দিশ বুজি বাজি এই সুবিধাৰ দাৰা উণকূত হব পাৰে । আজিকালি নিজৰ ঘৰতে মবাইল বা কম্পিউটাৰত বহিও এনে বীমা ক্ৰয় কৰাৰ সা সুবিধা আছে । ‘বাধ্যতামূলক নহয়, কোনো প্ৰয়োজন নাই’ এনে ধৰণৰ মানসিকতাৰ পৰা নিজকে দুৰৈত ৰাখি , যি জনে সাস্থ্য বীমা কৰাব, নিশ্চিত ভাৱে ঘৰ বা পৰিয়াললৈ সাস্থ্যজনিত কাৰণত আহিব পৰা আৰ্থিক দুৰ্যোগৰ পৰা বাচি থাকিব পাৰিব।

লিখকৰ ফোন-৬০০১১৫১৩০৬

Leave A Reply

Your email address will not be published.