বিগত চাৰিদিন ধৰি হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত সমগ্ৰ ৰাজ্য সোমাই পৰিছে এক অস্বাভাৱিক বানৰ কবলত ৷ ৰাজ্যৰ ২৫ খন জিলাৰ ১.১০ কৌটি লোক সম্প্ৰতি বানৰ কবলত আছে ৷ মৃত্যু হৈছে চাৰিজনকৈ লোকৰ ৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই সদৰী কৰা তথ্য অনুসৰি , ২৫ খন জিলাৰ ৭৭ টা ৰাজহ চক্ৰৰ ১,৭০২ খন গাও বানৰ ক্ষতিগ্ৰস্থ হৈছে ৷ ১৯৭ টা সহায্য শিবিৰ স্থাপন কৰি প্ৰশাসনে দুৰ্গত ৰাইজক সহায় কৰাৰ চেষ্টা অব্যাহত ৰাখিছে যদিও সেয়া পৰ্যাপ্ত পৰিলক্ষিত হোৱা নাই ৷ বৰষুণ অব্যাহত থকাৰ ফলত বানপীড়িত ৰাইজৰ অৱস্থা অধিক নাজল – নাথল হৈ পৰিছে ৷ বহু ঠাইত বাঢ়নী পানীয়ে ৰাষ্ট্ৰীয় ঘাইপথ বুৰাই পেলোৱাৰ ফলত ৰাজ্যৰ যোগাযোগ ব্যৱস্থাও একপ্ৰকাৰ বিচ্ছিন্ন হৈ পৰিছে ৷ মানস , পাগ্লাদিয়া , পুঠিমাৰী , কপিলী , ব্ৰক্ষ্মপু্ত্ৰ আৰু গৌৰাং নদী এতিয়াও বিপদসীমাৰ ওপৰেৰ বৈ আছে ৷ ফলত নামনি আৰু মধ্য অসমৰ বান পৰিস্থিতি অধিক জটিল হৈ পৰাৰ আশংকাই দেখা দিছে ৷
এইদৰে অসমত বানপানীয়ে অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰাৰ সমান্তৰালভাৱে সমগ্ৰ দেশত জুই জ্বলাইছে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা নতুন আঁচনি অগ্নিপথে ৷ চাৰি বছৰৰ বাবে অস্থায়ী সৈনিক নিযুক্তিৰ এই আঁচনি কোনোপধ্যেই মানি ল’বলৈ প্ৰস্তুত নহয় , দেশৰ যুৱ প্ৰজন্ম ৷ সেয়ে অগ্নিপথ আঁচনিৰ বিৰুদ্ধে উত্তৰ ভাৰতত তৃতীয় দিনাও অব্যাহত আছে প্ৰতিবাদ ৷ বিহাৰ , উত্তৰ প্ৰদেশত প্ৰতিবাদে লৈছে হিংসাত্মক ৰূপ ৷ বিক্ষুব্ধ প্ৰতিবাদকাৰীয়ে ৰে’লত অগ্নিসংযোগ কৰাৰ দৰে ঘটনাও সংঘটিত হৈছে ৷ উত্তৰ প্ৰদেশত অগ্নিপথৰ বিৰুদ্ধে পুৱা ৫ বজাৰ পৰাই প্ৰতিবাদ আৰম্ভ হয় ৷ উত্তেজিত প্ৰতিবাদকাৰীয়ে আগ্ৰা- লক্ষ্ণৌ এক্সপ্ৰেছৰ চাৰিটা দবাত লণ্ড ভণ্ড কৰাৰ লগতে ৰে’লত জুই লগাই দিয়ে ৷ হাৰিয়ানাৰ নাৰনোলতো প্ৰতিবাদকাৰীয়ে ৰে’লপথ অৱৰোধ কৰে ৷ বিহাৰৰ ৯ খন জিলাত পুৱাৰে পৰা আৰম্ভ হৈছে প্ৰতিবাদ ৷ সমষ্টিপুৰত যদি প্ৰতিবাদকাৰীয়ে ৰে’লত অগ্নিসংযোগ কৰিছে , নালন্দাত আকৌ ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ সকলোৰে দাবী – অগ্নিপথ প্ৰত্যাহাৰ কৰক , সেনাত স্থায়ী নিযুক্তি দিয়ক ৷
এইদৰেই উত্তৰ পূৱৰ ৰাজ্য অসম পানীৰ কবলত থকাৰ সমান্তৰালভাৱে উত্তৰ ভাৰতত জ্বলিছে চাকৰি প্ৰাৰ্থীৰ ক্ষোভৰ জুই ৷