অসমত পানী , দেশত জুই : এফালে বানৰ দুৰ্ভোগ , আনফালে ক্ষোভৰ অগ্নি

Share This Article

বিগত চাৰিদিন ধৰি হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত সমগ্ৰ ৰাজ্য সোমাই পৰিছে এক অস্বাভাৱিক বানৰ কবলত ৷ ৰাজ্যৰ ২৫ খন জিলাৰ ১.১০ কৌটি লোক সম্প্ৰতি বানৰ কবলত আছে ৷ মৃত্যু হৈছে চাৰিজনকৈ লোকৰ ৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই সদৰী কৰা তথ্য অনুসৰি , ২৫ খন জিলাৰ ৭৭ টা ৰাজহ চক্ৰৰ ১,৭০২ খন গাও বানৰ ক্ষতিগ্ৰস্থ হৈছে ৷ ১৯৭ টা সহায্য শিবিৰ স্থাপন কৰি প্ৰশাসনে দুৰ্গত ৰাইজক সহায় কৰাৰ চেষ্টা অব্যাহত ৰাখিছে যদিও সেয়া পৰ্যাপ্ত পৰিলক্ষিত হোৱা নাই ৷ বৰষুণ অব্যাহত থকাৰ ফলত বানপীড়িত ৰাইজৰ অৱস্থা অধিক নাজল – নাথল হৈ পৰিছে ৷ বহু ঠাইত বাঢ়নী পানীয়ে ৰাষ্ট্ৰীয় ঘাইপথ বুৰাই পেলোৱাৰ ফলত ৰাজ্যৰ যোগাযোগ ব্যৱস্থাও একপ্ৰকাৰ বিচ্ছিন্ন হৈ পৰিছে ৷ মানস , পাগ্লাদিয়া , পুঠিমাৰী , কপিলী , ব্ৰক্ষ্মপু্ত্ৰ আৰু গৌৰাং নদী এতিয়াও বিপদসীমাৰ ওপৰেৰ বৈ আছে ৷ ফলত নামনি আৰু মধ্য অসমৰ বান পৰিস্থিতি অধিক জটিল হৈ পৰাৰ আশংকাই দেখা দিছে ৷

এইদৰে অসমত বানপানীয়ে অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰাৰ সমান্তৰালভাৱে সমগ্ৰ দেশত জুই জ্বলাইছে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা নতুন আঁচনি অগ্নিপথে ৷ চাৰি বছৰৰ বাবে অস্থায়ী সৈনিক নিযুক্তিৰ এই আঁচনি কোনোপধ্যেই মানি ল’বলৈ প্ৰস্তুত নহয় , দেশৰ যুৱ প্ৰজন্ম ৷ সেয়ে অগ্নিপথ আঁচনিৰ বিৰুদ্ধে উত্তৰ ভাৰতত তৃতীয় দিনাও অব্যাহত আছে প্ৰতিবাদ ৷ বিহাৰ , উত্তৰ প্ৰদেশত প্ৰতিবাদে লৈছে হিংসাত্মক ৰূপ ৷ বিক্ষুব্ধ প্ৰতিবাদকাৰীয়ে ৰে’লত অগ্নিসংযোগ কৰাৰ দৰে ঘটনাও সংঘটিত হৈছে ৷ উত্তৰ প্ৰদেশত অগ্নিপথৰ বিৰুদ্ধে পুৱা ৫ বজাৰ পৰাই প্ৰতিবাদ আৰম্ভ হয় ৷ উত্তেজিত প্ৰতিবাদকাৰীয়ে আগ্ৰা- লক্ষ্ণৌ এক্সপ্ৰেছৰ চাৰিটা দবাত লণ্ড ভণ্ড কৰাৰ লগতে ৰে’লত জুই লগাই দিয়ে  ৷ হাৰিয়ানাৰ নাৰনোলতো প্ৰতিবাদকাৰীয়ে ৰে’লপথ অৱৰোধ কৰে ৷ বিহাৰৰ ৯ খন জিলাত পুৱাৰে পৰা আৰম্ভ হৈছে প্ৰতিবাদ ৷ সমষ্টিপুৰত যদি প্ৰতিবাদকাৰীয়ে ৰে’লত অগ্নিসংযোগ কৰিছে , নালন্দাত আকৌ ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ সকলোৰে দাবী – অগ্নিপথ প্ৰত্যাহাৰ কৰক , সেনাত স্থায়ী নিযুক্তি দিয়ক ৷

এইদৰেই উত্তৰ পূৱৰ ৰাজ্য অসম পানীৰ কবলত থকাৰ সমান্তৰালভাৱে উত্তৰ ভাৰতত জ্বলিছে চাকৰি প্ৰাৰ্থীৰ ক্ষোভৰ জুই ৷

 

 

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.