ৰাজপথ – ৰে’লপথ এতিয়া ‘অগ্নিপথ’ : কিমান দৰমহা পাব অগ্নিবীৰে ?

Share This Article

কেন্দ্ৰীয় চৰকাৰৰ নতুন আঁচনি ‘অগ্নিপথ’ ৷এই আঁচনি অনুসৰি ১৭.৫ বছৰ বয়সৰ পৰা ২১ বছৰ বয়সৰ যুৱক – যুৱতীক দিয়া হ’ব সেনাৰ চাকৰি ৷এইসকল সৈনিক পৰিচিত হ’ব ‘অগ্নিবীৰ’ হিচাপে ৷ কিন্তু এই চাকৰিৰ বয়স হ’ব মাত্ৰ ৪ বছৰ ৷ ৪ বছৰ চাকৰি কৰাৰ পাছত ৭৫ শতাংশ অগ্নিবীৰে অৱসৰ ল’ব লাগিব ৷ বাকী ২৫ শতাংশ অগ্নিবীৰৰ চাকৰি নিয়মীয়া হ’ব ৷ বিগত ২ বছৰ ধৰি সেনাৰ নিযুক্তি বন্ধ হৈ থকাৰ পাছত এই নতুন আঁচনিৰ অধীনত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ লৈছে কেন্দ্ৰীয় চৰকাৰে ৷ তাৰ পাছতেই দেশজুৰি সৃষ্টি হৈছে উত্তাল পৰিস্থিতিৰ ৷ সমগ্ৰ উত্তৰ ভাৰতৰ যুৱ প্ৰজন্ম ওলাই অহিছে ৰে’লপথ , ৰাজপথলৈ ৷ ৰে’লপথ আৰু ৰাজপথেই যেন পৰিণত হৈছে অগ্নিপথত ৷ শুকুৰবাৰৰ দিনটোত নতুন নতুন ঠাইত আৰম্ভ হৈছে প্ৰতিবাদ ৷বিহাৰৰ সমষ্টিপুৰত এখন ৰে’লৰ ছটা দবাত পুৱাই অগ্নিসংযোগ কৰে প্ৰতিবাদকাৰীয়ে ৷

বয়সৰ উৰ্ধসীমা ২ বছৰ বৃদ্ধি

যুৱ প্ৰজন্মৰ বিক্ষোভে হিংসাত্মক ৰূপ লোৱাৰ পাছত অগ্নিপথ আঁচনিত নিযুক্তিৰ ক্ষেত্ৰত বয়সৰ উৰ্ধসীমা ২ বছৰ বৃদ্ধি কৰা হৈছে ৷ পূৰ্বতে অগ্নিপথ আঁচনিৰ অধীনত সেনাৰ নিযুক্তিৰ বয়স আছিল ১৭.৫ বছৰৰ পৰা ২১ বছৰ ৷ কিন্তু চাৰিওফালে এই আঁচনিক লৈ বিদ্ৰোহে দেখা দিয়াৰ পাছত প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে কোভিডৰ বাবে যোৱা দুটা বছৰ সেনাত নতুন ভৰ্তি হোৱা নাছিল ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত ২০২২ চনৰ নিযুক্তিৰ ক্ষেত্ৰত বয়সৰ উৰ্ধসীমা ২৩ বছৰ নিৰ্ধাৰণ কৰা হৈছে ৷

১.২২ লাখ পদ খালী সেনাত : নিযুক্তি হ’ব ৪৬ হাজাৰ

কেন্দ্ৰীয় চৰকাৰে লোকসভাৰ মজিয়াত দাখিল কৰা তথ্য অনুসৰি , ভাৰতীয় সেনাৰ তিনিওটা শাখাত খালী হৈ আছে মুঠ ১.২২ লাখ পদ ৷ স্থল সেনাত বিষয়া পৰ্যায়ত ৭,৪৭৬ টা , সৈনিক পৰ্যায়ত ৯৭,১৭৭ টা , বায়ুসেনাত বিষয়া পৰ্যায়ত ৬২১ টা , সৈনিক পৰ্যায়ত ৪৮৫০ টা আৰু নৌ সেনাত বিষয়া পৰ্যায়ত ১,২৬৫ টা আৰু সৈনিক পৰ্যায়ত ১১,১৬৬ টা পদ খালী হৈ আছে ৷ এইদৰে ভাৰতীয় সেনাৰ তিনিওটা শাখাত খালী হৈ থকা মুঠ পদৰ সংখ্যা হ’ল ১,২২, ৫৪৬ টা ৷ বিগত ২ বছৰ ধৰি এই পদসমূহত কোনো নিযুক্তি হোৱা নাই ৷ এতিয়া চৰকাৰে খালী হৈ থকা ১.২২ হাজাৰ পদৰ ভিতৰত ৪৬ হাজাৰ পদত নতুন নিযুক্তিৰ কথা ঘোষণা কৰিছে ৷ কিন্তু সেয়া হ’ব ৪ বছৰীয়া অস্থায়ী নিযুক্তি ৷ ইয়াকে লৈ জাঙুৰ খাই উঠিছে দেশৰ যুৱ প্ৰজন্ম ৷

দৰমহা কিমান পাব অগ্নিবীৰে ?

অগ্নিপথ আঁচনিৰ অধীনত নিযুক্তি লাভ কৰা অস্থায়ী সৈনিকক কোৱা হ’ব অগ্নিবীৰ বুলি ৷ এইসকল অগ্নিবীৰ চাৰি বছৰীয়া চাকৰি কালৰ প্ৰথম বছৰৰ দৰমহা হ’ব মাহিলী ৩০ হাজাৰ টকা ৷ কিন্তু ইয়াৰে ৯ হাজাৰ টকা অগ্নিবীৰ কৰপাছ ফাণ্ডত জমা হ’ব ৷ অৰ্থাৎ এজন অগ্নিবীৰে প্ৰথম বছৰত দৰমহাৰ ৰূপত হাতত পাব ২১ হাজাৰ টকাকৈ ৷ দ্বিতীয় বছৰত দৰমহা হ’ব ৩৩ হাজাৰ টকা  ৷ ইয়াৰে ৯,৯০০ টকা কৰপাছ ফাণ্ডত জমা হ’ব আৰু দৰমহাৰ ৰূপত মাহিলী লাভ কৰিব ২৩,১০০ টকা ৷ একেদৰে তৃতীয় বছৰত মাহে দৰমহা হ’ব ৩৬,৫০০ টকা ৷ ইয়াৰে ১০,৯৫০ টকা কৰপাছ ফাণ্ডত জমা হ’ব আৰু এজন অগ্নিবীৰে চাকৰিৰ তৃতীয়টো বছৰত দৰমহা হিচাপে হাতত পাই থাকিব মাহে ২৫,৫৮০ টকা ৷ চতুৰ্থ অৰ্থাৎ চাকৰিৰ অন্তিমটো বছৰত এজন অগ্নিবীৰৰ দৰমহা মাহিলী ৪০ হাজাৰ টকা হ’ব ৷ ইয়াৰ ১২ হাজাৰ টকা কৰপাছ ফাণ্ডত জমা হোৱাৰ পাছত হাতত থাকিব ২৮ হাজাৰ টকাকৈ ৷ এইদৰে চাৰি বছৰত একোজন অগ্নিবীৰৰ কৰপাছ ফাণ্ডত জমা হ’ব মুঠ ৫.০২ লাখ টকা ৷ কেন্দ্ৰীয় চৰকাৰে নিজাববীয়াকৈ আৰু ৫.০২ লাখ টকা কৰপাছ ফাণ্ডত জমা দিব ৷ চাৰি বছৰ চাকৰি কৰাৰ পাছত একোজন অগ্নিবীৰে চাকৰিৰপৰা অৱসৰ লাভ কৰিব আৰু তেওঁ সেই সময়ত সেৱা নিধি পেকেজৰ ৰূপত ১১.৭১ লাখ টকা লাভ কৰিব ৷ অৱসৰৰ পাছত পেঞ্চনৰ কোনো সুবিধা নাথাকিব ৷

 

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.