সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ৰাজপথ – ৰে’লপথ এতিয়া ‘অগ্নিপথ’ : কিমান দৰমহা পাব অগ্নিবীৰে ?

কেন্দ্ৰীয় চৰকাৰৰ নতুন আঁচনি ‘অগ্নিপথ’ ৷এই আঁচনি অনুসৰি ১৭.৫ বছৰ বয়সৰ পৰা ২১ বছৰ বয়সৰ যুৱক – যুৱতীক দিয়া হ’ব সেনাৰ চাকৰি ৷এইসকল সৈনিক পৰিচিত হ’ব ‘অগ্নিবীৰ’ হিচাপে ৷ কিন্তু এই চাকৰিৰ বয়স হ’ব মাত্ৰ ৪ বছৰ ৷ ৪ বছৰ চাকৰি কৰাৰ পাছত ৭৫ শতাংশ অগ্নিবীৰে অৱসৰ ল’ব লাগিব ৷ বাকী ২৫ শতাংশ অগ্নিবীৰৰ চাকৰি নিয়মীয়া হ’ব ৷ বিগত ২ বছৰ ধৰি সেনাৰ নিযুক্তি বন্ধ হৈ থকাৰ পাছত এই নতুন আঁচনিৰ অধীনত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ লৈছে কেন্দ্ৰীয় চৰকাৰে ৷ তাৰ পাছতেই দেশজুৰি সৃষ্টি হৈছে উত্তাল পৰিস্থিতিৰ ৷ সমগ্ৰ উত্তৰ ভাৰতৰ যুৱ প্ৰজন্ম ওলাই অহিছে ৰে’লপথ , ৰাজপথলৈ ৷ ৰে’লপথ আৰু ৰাজপথেই যেন পৰিণত হৈছে অগ্নিপথত ৷ শুকুৰবাৰৰ দিনটোত নতুন নতুন ঠাইত আৰম্ভ হৈছে প্ৰতিবাদ ৷বিহাৰৰ সমষ্টিপুৰত এখন ৰে’লৰ ছটা দবাত পুৱাই অগ্নিসংযোগ কৰে প্ৰতিবাদকাৰীয়ে ৷

বয়সৰ উৰ্ধসীমা ২ বছৰ বৃদ্ধি

- Donation -

যুৱ প্ৰজন্মৰ বিক্ষোভে হিংসাত্মক ৰূপ লোৱাৰ পাছত অগ্নিপথ আঁচনিত নিযুক্তিৰ ক্ষেত্ৰত বয়সৰ উৰ্ধসীমা ২ বছৰ বৃদ্ধি কৰা হৈছে ৷ পূৰ্বতে অগ্নিপথ আঁচনিৰ অধীনত সেনাৰ নিযুক্তিৰ বয়স আছিল ১৭.৫ বছৰৰ পৰা ২১ বছৰ ৷ কিন্তু চাৰিওফালে এই আঁচনিক লৈ বিদ্ৰোহে দেখা দিয়াৰ পাছত প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে কোভিডৰ বাবে যোৱা দুটা বছৰ সেনাত নতুন ভৰ্তি হোৱা নাছিল ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত ২০২২ চনৰ নিযুক্তিৰ ক্ষেত্ৰত বয়সৰ উৰ্ধসীমা ২৩ বছৰ নিৰ্ধাৰণ কৰা হৈছে ৷

১.২২ লাখ পদ খালী সেনাত : নিযুক্তি হ’ব ৪৬ হাজাৰ

কেন্দ্ৰীয় চৰকাৰে লোকসভাৰ মজিয়াত দাখিল কৰা তথ্য অনুসৰি , ভাৰতীয় সেনাৰ তিনিওটা শাখাত খালী হৈ আছে মুঠ ১.২২ লাখ পদ ৷ স্থল সেনাত বিষয়া পৰ্যায়ত ৭,৪৭৬ টা , সৈনিক পৰ্যায়ত ৯৭,১৭৭ টা , বায়ুসেনাত বিষয়া পৰ্যায়ত ৬২১ টা , সৈনিক পৰ্যায়ত ৪৮৫০ টা আৰু নৌ সেনাত বিষয়া পৰ্যায়ত ১,২৬৫ টা আৰু সৈনিক পৰ্যায়ত ১১,১৬৬ টা পদ খালী হৈ আছে ৷ এইদৰে ভাৰতীয় সেনাৰ তিনিওটা শাখাত খালী হৈ থকা মুঠ পদৰ সংখ্যা হ’ল ১,২২, ৫৪৬ টা ৷ বিগত ২ বছৰ ধৰি এই পদসমূহত কোনো নিযুক্তি হোৱা নাই ৷ এতিয়া চৰকাৰে খালী হৈ থকা ১.২২ হাজাৰ পদৰ ভিতৰত ৪৬ হাজাৰ পদত নতুন নিযুক্তিৰ কথা ঘোষণা কৰিছে ৷ কিন্তু সেয়া হ’ব ৪ বছৰীয়া অস্থায়ী নিযুক্তি ৷ ইয়াকে লৈ জাঙুৰ খাই উঠিছে দেশৰ যুৱ প্ৰজন্ম ৷

দৰমহা কিমান পাব অগ্নিবীৰে ?

অগ্নিপথ আঁচনিৰ অধীনত নিযুক্তি লাভ কৰা অস্থায়ী সৈনিকক কোৱা হ’ব অগ্নিবীৰ বুলি ৷ এইসকল অগ্নিবীৰ চাৰি বছৰীয়া চাকৰি কালৰ প্ৰথম বছৰৰ দৰমহা হ’ব মাহিলী ৩০ হাজাৰ টকা ৷ কিন্তু ইয়াৰে ৯ হাজাৰ টকা অগ্নিবীৰ কৰপাছ ফাণ্ডত জমা হ’ব ৷ অৰ্থাৎ এজন অগ্নিবীৰে প্ৰথম বছৰত দৰমহাৰ ৰূপত হাতত পাব ২১ হাজাৰ টকাকৈ ৷ দ্বিতীয় বছৰত দৰমহা হ’ব ৩৩ হাজাৰ টকা  ৷ ইয়াৰে ৯,৯০০ টকা কৰপাছ ফাণ্ডত জমা হ’ব আৰু দৰমহাৰ ৰূপত মাহিলী লাভ কৰিব ২৩,১০০ টকা ৷ একেদৰে তৃতীয় বছৰত মাহে দৰমহা হ’ব ৩৬,৫০০ টকা ৷ ইয়াৰে ১০,৯৫০ টকা কৰপাছ ফাণ্ডত জমা হ’ব আৰু এজন অগ্নিবীৰে চাকৰিৰ তৃতীয়টো বছৰত দৰমহা হিচাপে হাতত পাই থাকিব মাহে ২৫,৫৮০ টকা ৷ চতুৰ্থ অৰ্থাৎ চাকৰিৰ অন্তিমটো বছৰত এজন অগ্নিবীৰৰ দৰমহা মাহিলী ৪০ হাজাৰ টকা হ’ব ৷ ইয়াৰ ১২ হাজাৰ টকা কৰপাছ ফাণ্ডত জমা হোৱাৰ পাছত হাতত থাকিব ২৮ হাজাৰ টকাকৈ ৷ এইদৰে চাৰি বছৰত একোজন অগ্নিবীৰৰ কৰপাছ ফাণ্ডত জমা হ’ব মুঠ ৫.০২ লাখ টকা ৷ কেন্দ্ৰীয় চৰকাৰে নিজাববীয়াকৈ আৰু ৫.০২ লাখ টকা কৰপাছ ফাণ্ডত জমা দিব ৷ চাৰি বছৰ চাকৰি কৰাৰ পাছত একোজন অগ্নিবীৰে চাকৰিৰপৰা অৱসৰ লাভ কৰিব আৰু তেওঁ সেই সময়ত সেৱা নিধি পেকেজৰ ৰূপত ১১.৭১ লাখ টকা লাভ কৰিব ৷ অৱসৰৰ পাছত পেঞ্চনৰ কোনো সুবিধা নাথাকিব ৷

 

 

 

Leave A Reply

Your email address will not be published.