সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কেনে হ’ব আফগানিস্তানৰ চৰকাৰ -প্ৰশাসন ?

তালিবানৰ নেতৃত্বত গঠন হ’বলগীয়া আফগানিস্তান চৰকাৰক লৈ ব্যাপক জল্পনা – কল্পনা আৰম্ভ হৈছে ৷ কিন্তু তালিবান নেতৃত্বই গণতান্ত্ৰিক ব্যৱস্থাৰ বিপৰীতে পৰিষদীয় ৰাষ্ট্ৰব্যৱস্থাৰহে পোষকতা কৰিছে ৷তালিবানৰ শীৰ্ষ নেতা হাইবাতুল্লা আখুন্দজাদাই এই কথা প্ৰকাশ কৰিছে ৷
তেও কয় ,’গণতান্ত্ৰিক পদ্ধতি আফগানিস্তানত কোনো কাৰণতে প্ৰযোজ্য হ’ব নোৱাৰে ৷ কাৰণ , দেশখনত তেনেধৰণৰ ভেটি নাই ৷আগানিস্তানত কি ধৰণৰ ব্যৱস্থা প্ৰৱৰ্তন হ’ব , সেয়া সকলোৰে বাবে অতি স্পষ্ট ৷ শ্বাৰিয়া আইনেই হ’ব শেষ কথা ৷’
আখুন্দজাদাৰ ঘণিষ্ঠ তথা আন এজন তালিবানী নেতা ওয়াহিদুল্লা হাছিমিয়ে কয় ,’দেশত পৰিষদীয় ব্যৱস্থা প্ৰৱৰ্তন হ’লে তাৰ মুৰব্বীৰ দায়িত্বত থাকিব আখুন্দজাদা ৷এই পদৰ মৰ্যদা ৰাষ্ট্ৰপতিৰ সমান হ’ব ৷’ হাছিমিৰ মন্তব্যই পৰিষদীয় ব্যৱস্থা প্ৰৱৰ্তনৰ সম্ভাৱণাই ব্যক্ত কৰিছে ৷
হাছিমিয়ে আৰু কয় ,’আফগান সেনা আৰু পাইলটসকলৰ সৈতে ইতিমধ্যে কথা পতা হৈছে .৷ তেওলোকক সামৰি নতুনকৈ এটা বাহিনী গঠন কৰা হ’ব ৷ এই বাহিনীত তালিবান যোদ্ধাসকলো অন্তৰ্ভুক্ত হ’ব ৷’
তালিবানৰ সন্মুখত এট নতুন সমস্যা হ’ল পাইলটৰ অভাৱ ৷ ইপিনে আফগান সেনাৰ পাইলটসকল উচ্চ প্ৰশিক্ষিত ৷ তুৰষ্ক , জাৰ্মানি , ইংলেণ্ড আদিত তেওলোকে প্ৰশিক্ষণ গ্ৰহণ কৰিছিল ৷ ৷ সেইবাবেই এই পাইলটসকলক সেনা বাহিনীত পুণৰ অন্তৰ্ভুক্ত কৰাৰ ওপৰত বিশেষ গুৰুত্ব দিছে তালিবান বাহিনীয়ে

Leave A Reply

Your email address will not be published.