লাভলীনা : সপ্তম শ্ৰেণীত এখন বাতৰি কাকতে সলনি কৰিছিল যাৰ জীৱনৰ পথ
লাভলীনা বৰগোহাঁইৰ নীৰৱ , কঠিন , কষ্টকৰ জীৱন সংগ্ৰামৰ কাহিনী-৩
- দেৱজিৎ ফুকন
(৬)
এখন পুৰনি বাতৰি কাকতে সলনি কৰিছিল লাভলীনাৰ জীৱন
তেতিয়া তাই ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী ৷ দেউতাক টিকেন বৰগোহাঁই ঘৰৰ পৰা দূৰৈৰ বগীজানত এখন ক্ষুদ্ৰ চাহ বাগিছাৰ এটা সৰু চাকৰি কৰি আছিল ৷ মাজে মাজে ঘৰলৈ আহে ৷ কোনদিনা আহিব সেইকথা লাভলীনাহঁতে আগতীয়াকৈ গম নাপায়, কাৰণ ঘৰত তেতিয়া কোনো মোবাইল ফোনৰ ব্যৱস্থা নাছিল ৷ কিশোৰী লাভলীনাই সদায় বাটলৈ চায় ৰয় দেউতাক আহিছে নেকি বুলি ৷ দেউতাক কামৰ পৰা ঘৰলৈ আহিলে হাতত মিঠাইৰ টোপোলা এটা লৈ আহে ৷ সেইদিনা আছিল দেওবাৰ ৷ দেউতাকে মিঠাই বান্ধি অনা বাতৰি কাকতখন মিঠাই খোৱাৰ পাছত টেবুলতে আছিল ৷ দেউতাকে দেখিলে বাতৰি কাকত খনত কাৰোবাৰ এটা প্ৰবন্ধ প্ৰকাশ পাইছে বিশ্ব খ্যাত বক্সাৰ মহম্মদ আলিৰ বিষয়ে ৷ দেউতাকে লাভলীনাক লিখনিটো পঢ়িবলৈ দিলে ৷ লাভলীনাই অতি মনোযোগেৰে সেই লেখনিটো পঢ়ি মহম্মদ আলিৰ বিষয়ে জানিব পৰাৰ লগতে বক্সিঙৰ প্ৰতি আকৰ্ষিত হ’ল ৷ সেয়াই আছিল লাভলীনাৰ বক্সিং সম্পৰ্কে প্ৰথম ধাৰণা ৷ দেউতাকেও উৎসাহ দিলে বক্সাৰ হ’বলৈ ৷ কিন্তু বৰপথাৰত নাছিল বক্সিঙৰ প্ৰশিক্ষণৰ কোনো সুবিধা ৷ এনে সময়তে প্ৰশান্ত কুমাৰ দাসৰ তত্ত্বাৱধানত বৰপথাৰত আৰম্ভ হৈছিল মুৱাই-থাই আৰু কিক্ বক্সিঙৰ প্ৰশিক্ষণ ৷ দেউতাকে দিয়া উৎসাহ আৰু মনোবলক সাৰথি কৰি গভীৰ আত্মবিশ্বাসেৰে লাভলীনাই আৰম্ভ কৰিলে মুৱাই-থাই আৰু কিক্ বক্সিঙৰ প্ৰশিক্ষণ ৷ লগতে মণিপুৰী সমৰ কলা ঠাং’টাৰ প্ৰশিক্ষণো গ্ৰহন কৰিলে ৷ ছাইত যোগদান কৰাৰ পাছত বক্সিঙৰ বিশেষ প্ৰশিক্ষণ নথকাকৈয়ে কলকাতাত অনুষ্ঠিত নেচনেল গেমছত যোগদান কৰি সোনৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছিল লাভলীনাই ৷
মুৱাই-থাই বা কিক্ বক্সিঙৰ প্ৰশিক্ষণৰ সময়তো লাভলীনাই নিজা জোতা বা খেলৰ পোচাকৰ সমস্যাত ভুগিছিল ৷ কিন্তু সীমিত সা সুবিধা লাভলীনাৰ প্ৰতিভা বিকাশত হেঙাৰ হব পৰা নাছিল ৷ সেই সময়ত দেউতাক টিকেন বৰগোহাঁয়ে চাকৰি কৰি লাভ কৰিছিল মাত্ৰ ২৫০০ টকাৰ মাহিলী দৰমহা ৷ সেই টকাৰে কোনোমতে পৰিয়ালটো চলিবলৈও নহৈছিল ৷ গতিকে দেউতাকক কিবা খেলৰ সামগ্ৰী বিচাৰিবলৈ সুবিধাই নাছিল ৷ অৱশ্যে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণলৈ নিৰ্বাচিত হোৱাৰ পাছত প্ৰশিক্ষণৰ সামগ্ৰী বা আন কোনো ক্ষেত্ৰতে লাভলীনাৰ কোনো সমস্যা হোৱা নাছিল ৷ যাৰ ফলত কঠোৰ অনুশীলনৰ মাজেৰে লাভলীনাই নিজকে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকাই তুলিবলৈ সক্ষম হৈছে ৷ কোনো প্ৰতিকূল পৰিৱেশে বিচলিত কৰিব নোৱাৰা ছোৱালীজনীৰ জীৱন এনে আৰু বহু কাহিনীৰে ভৰি আছে ৷
লাভলীনা বৰগোহাঁইৰ নীৰৱ , কঠিন , কষ্টকৰ জীৱন সংগ্ৰামৰ কাহিনী-২
লাভলীনা বৰগোহাঁইৰ নীৰৱ , কঠিন , কষ্টকৰ জীৱন সংগ্ৰামৰ কাহিনী-১
(৭)
টকিঅ’ত কেনে আছে লাভলীনা
টকিঅ’ত উপস্থিত হোৱাৰ পাছত বৃহস্পতিবাৰে লাভলীনাৰ লগত কথা হ’লো ৷গভীৰ আত্মবিশ্বাসী লাভলীনা ৷ সকলো সামাজিক মাধ্যমৰ পৰা এতিয়া বহু দূৰত থাকি কেৱল অনুশীলন কৰি গৈছে ৷ ইতিমধ্যে টকিঅ’ৰ গেম ভিলেজত বহু খেলুৱৈ কৰ’নাত আক্ৰান্ত হোৱাৰ পাছত লাভলীনাহঁতৰ দলটোৱে বহু সাৱধানতা অৱলম্বন কৰিব লগীয়া হৈছে ৷ পুৱা লঘু আহাৰ গ্ৰহন কৰিলে ৷ অট্ছ , গাজৰ , ফুলকবি বিন আদি বইল পাছলি কণী আদি আজি ব্ৰেকফাষ্ট কৰিছে ৷ লাভলীনাক শুভেচ্ছা জনায় ইতিমধ্যে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকনৰ নেতৃত্বত #Go_for_Glory_Lovlina শীৰ্ষক এক প্ৰেৰণাদায়ক অভিযান আৰম্ভ হৈছে ৷ গুৱাহাটীৰ লাষ্ট গেটৰ পৰা বিধায়ক গৰাকীৰ উদ্যোগত হোৱা চাইকেল ৰেলীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী , বিৰোধী দলপতি দেৱব্ৰত শইকীয়া , অগপৰ সভাপতি কৃষিমন্ত্ৰী অতুল বৰা, বহুকেইজন মন্ত্ৰী, অখিল গগৈকে ধৰি বহু বিধায়ক , ক্ৰীড়া সংগঠক, সাংবাদিক আদিয়ে যোগদান কৰাৰ খবৰে লাভলীনাক বিশেষভাবে উৎসাহিত কৰিছে ৷ এতিয়া লাভলীনাৰ একমাত্ৰ লক্ষ্য অলিম্পিকত পদক লাভ কৰা ৷ লাভলীনাই মোৰ লগত হোৱা কথাবতৰাত অসমৰ ৰাইজে জনোৱা শুভেচ্ছাৰ কাৰণে কৃতজ্ঞতা জনায় আৰু অসমৰ জনগণৰ আশাক বাস্তৱ ৰূপ দিবলৈ এশ শতাংশ উজাৰি দিম বুলি কয় ৷
অসংখ্য কাহিনী, ঘটনা- পৰিঘটনাৰ মাজেৰে লাভলীনা আহি আজি এই অৱস্থাত উপনীত হৈছেহি ৷
এইবাৰ অলিম্পিকত ভাৰতীয় বক্সাৰ সকলকলৈ দেশৰ জনগণ বিশেষভাবে উৎসাহিত আৰু বক্সিঙৰ পৰা চাৰিটা পদক আহিব পাৰে বুলি বিশেষজ্ঞ সকলে মতামত প্ৰকাশ কৰিছে ৷ । কেইবাজনো শক্তিশালী খেলুৱৈৰে গঠিত হৈছে টকিঅ’ অভিমুখী ভাৰতীয় দল। মেৰীকম, লাভলীনাৰ লগতে পুৰুষৰ শাখাত অমিত পংগালৰ পদক লাভ কৰাৰ সম্ভাৱনা আছে । তদুপৰি সম্ভাৱনাৰ তালিকাত আছে মনিষ কৌশিক, বিকাশ কৃষণ আদিও ৷ টকিঅ’ অলিম্পিকত এইবাৰ ভাৰতবৰ্ষৰ ৯ গৰাকীকৈ বক্সাৰ ৰিঙত নামিব ৷
লাভলীনাই প্ৰথম বিদেশত প্ৰতিযোগিতাত অংশ লৈছিল ২০১৩ চনত ৰাছিয়াত ৷ বিদেশত থকা সময়বোৰতো লাভলীনাৰ অসংখ্য আমোদজনক পৰিৱেশৰ সন্মুখীন হোৱাৰ অভিজ্ঞতা আছে ৷ ২০১৮ চনত ইটালীত থাকোতে এবাৰ লাভলীনা মূল দলটোৰ পৰা হেৰাই গৈ বিচ্ছিন্ন হৈ পৰিছিল ৷ ক’লৈ যাব কোনো উৱাদিহ পোৱা নাছিল৷ কেইবাঘণ্টাৰ পাছতহে আকৌ দলৰ সদস্য সকলক পাবলৈ সক্ষম হৈছিল ৷ তেনেদৰে ভিয়েটনামত বিশ্ব বক্সিং প্ৰতিযোগিতাত যোগদান কৰিবলৈ যাওঁতে লাভলীনাৰ বেমাৰ হোৱাৰ পাছতো পদক আজুৰি আনিছিল ৷এনে বহু কাহিনী আমি পৰবৰ্তী খণ্ড সমূহত আগবঢ়াই যাম ৷
(৮)
সাতোৰ শিকিবলৈ পুখুৰী খন্দা ছোৱালীজনী
তেতিয়া লাভলীনা সপ্তম শ্ৰেণীৰ ছাত্ৰী৷ দেউতাক কৰ্মসূত্ৰে দূৰৈত থাকে বাবে ঘৰত দুই জ্যেষ্ঠ ভগ্নী আৰু মাকৰ সৈতে লাভলীনা থাকে৷ গতিকে পুৰুষবিহীন ঘৰখনত সকলো পুৰুষৰ কাম ছোৱালী তিনিজনী আৰু মাকেই কৰিবলগীয়া হয়৷ চাউল মিলত ধান কুটাই অনাৰ পৰা ঘৰৰ খৰি-খেৰ গোটোৱালৈকে সকলো কাম লাভলীনা আৰু দুই জে্যষ্ঠ ভগ্নী লিছা আৰু লিমাই কৰিবলগীয়া হয়৷ লাভলীনাহঁতৰ সাতোৰ শিকিবলৈ মন৷ কিন্তু ঘৰত নিজাকৈ এটা পুখুৰীৰ অভাৱ৷ নগৰীয়া মধ্যবিত্ত পৰিয়ালৰ ছোৱালী হোৱাহেঁতেনে দেউতাকে কোনো চুইমিং ট্ৰেইনিং চেণ্টাৰত লাভলীনাহঁতক নাম লগাই দিলেহেঁতেন৷ লগতে দামী দামী চুইমিং কষ্টিউম্৷ কিন্তু বৰপথাৰ বাৰমুখীয়া গাঁৱত চুইমিং কষ্টিউম্ পিন্ধি চুইমিং পুলত সাতোৰ শিকা দূৰৈৰ কথা, লাভলীনাহঁতৰ নিজা এটা পুখুৰীও নাছিল৷ কিন্তু দৃঢ়মনা লাভলীনা আৰু দুই জ্যেষ্ঠ ভগ্নীয়ে সাঁতোৰ শিকিবলৈ দৃঢ় প্ৰতিজ্ঞ আছিল৷ গতিকে তিনিও ভগ্নী লগ হৈ ঘৰৰ পিছফালে নিজেই পুখুৰী খান্দিবলৈ লাগিল৷ দেউতাক টিকেন বৰগোহাঁয়ে আমাক জনোৱা অনুসৰি ঘৰৰ সেই পুখুৰী খন্দাৰ উদ্দেশ্য মাছ পোহা নাছিল, আছিল ছোৱালী তিনিগৰাকীৰ সাঁতোৰ শিকাৰ ইচ্ছা৷ আৰু সেই ইচ্ছাক বাস্তৱায়িত কৰিবলৈ তিনিজনী ছোৱালীয়ে প্ৰায় অসাধ্য সাধন কৰি ঘৰৰ পিছফালে পুখুৰীটো খান্দি উলিয়াইছিল আৰু তিনিজনী ছোৱালী সাঁতোৰত পাৰ্গত হৈ উঠিছিল৷ সেইজনীয়ে লাভলীনা, যাক কোনো প্ৰতিবন্ধকতাই বাধা দি ৰাখিব নোৱাৰে৷
পুৰুষ নথকা ঘৰখনত ছোৱালী তিনিজনীয়ে সমৰকলা শিকাৰো আছে আন এক কাহিনী৷ গাঁওখনৰ বহুতেই টিকেন বৰগোহাঁইৰ ল’ৰা সন্তান নথকা কথাটো উনুকিয়ায় যদিও টিকেন-মামণিৰ কাৰণে তিনিজনী ছোৱালী ল’ৰাতকৈ কোনো গুণেই কম হ’ব নোৱাৰিব৷ দেউতাক দূৰত থকাৰ সময়ত সেইবাবেই মাক মামণি বৰগোহাঁয়ে তিনিওগৰাকী কন্যাক ল’ৰাৰ সমকক্ষ কৰি গঢ়ি তোলাৰ পণ লৈছিল৷ যিকোনো বিপদে-আপদে যাতে ল’ৰা নথকাটো কেতিয়াও অনুভৱ নহয়, সেইবাবে সৰুৰে পৰা ছোৱালী তিনিজনীক ল’ৰাৰ দৰে ডাঙৰ-দীঘল কৰিছিল৷ সেইবাবেই লাভলীনাই পুৰুষৰ সাজপাৰ পিন্ধি অধিক ভাল পায়৷ হাফ পেণ্ট, স্প’ৰ্টিং লাভলীনাৰ প্ৰিয় পোচাক৷ সৌভাগ্যৰ বিষয় লাভলীনাহঁতৰ ঘৰখনত আজি আৰু সেই দৰিদ্ৰতাৰ কোনো ছাঁ নাই৷ দুয়োগৰাকী কন্যাৰ চাকৰিৰ পাছতেই ক্ৰমাৎ অনাটনবিলাক আঁতৰি গ’ল৷ আৰু আজিৰ দিনটোত বেচ স্বচ্ছলতাৰ মাজত জীৱন নিৰ্বাহ কৰিছে লাভলীনাহঁতৰ পৰিয়ালটোৱে৷ আজিৰ দিনটোত লাভলীনাহঁতৰ ঘৰখনত এক উখল-মাখল পৰিবেশ৷ কেৱল বৰপথাৰ বা গোলাঘাটৰ পৰাই নহয়, বিভিন্ন ঠাইৰ পৰা শুভাকাংক্ষী লোকৰ সোঁত বৈছে বৰমুখীয়াৰ লাভলীনাহঁতৰ ঘৰলৈ৷ কিন্তু মূল পথৰ পৰা লাভলীনাহঁতৰ ঘৰলৈ সোমোৱা পথটো এতিয়াও পকী হোৱা নাই৷ তথাপি যেন লাভলীনাহঁতৰ ঘৰখন সকলোৰে বাবে তীৰ্থস্থানৰ দৰেই হৈ পৰিছে৷ ইতিমধ্যে প্ৰথম ৰাউণ্ডৰ খেলত লাভলীনিই বাই পাইছে বিপক্ষ খেলুৱৈয়ে নাম প্ৰত্যাহাৰ কৰাৰ কাৰণে ৷ ২৭ জুলাইত প্ৰি কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হব ৷ প্ৰতিপক্ষ জাৰ্মানীৰ ৩৫ বছৰীয়া নাদিম এপেজ ৷ আনহাতে অহা ৭ আগষ্টত লাভলীনাই যোগদান কৰা বক্সিঙৰ ৬৭ কেজি বেল্টাৰ ৱেইট শাখাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ’ব৷ সেই দিনটোলৈ অপেক্ষা কৰা গাঁওবাসীয়ে লাভলীনাৰ সফলতা কামনা কৰি গোসাঁই ঘৰত এগছি বন্তি জ্বলাইছে ৷(আগলৈ)
(লেখক গোলাঘাটৰ ডি আৰ কলেজৰ সহযোগী অধ্যাপক)