সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিজেপিৰ নয়নৰ মণি শুকুৰৰ কুকীৰ্তি !

এইবাৰ অসম আৰক্ষীৰ আলহী হ’ল সামাজিক মাধ্যমৰ ভাইৰেল শুকুৰ আলী।

এইবাৰ শুকুৰ আলীৰ নামত দুৰ্নীতিৰ অভিযোগ ।
শুকুৰ আলী নামিছে

- Donation -

এইবাৰ দৰিদ্ৰ লোকৰ গৃহ ধন আত্মসাৎ কৰাত ।

ধন আত্মসাৎ কৰাত ব্যস্ত হৈ পৰিছে দা শুকুৰ আলী৷

এইগৰাকী শুকুৰ আলীক উজনি অসমৰ শদিয়াৰ পৰা নামনি অসমৰ ধুবুৰীলৈকে সকলোৱে চিনি পায় ৷

শুকুৰ আলীয়ে প্ৰথমে ৪ নং ধুবুৰী লোকসভা সমষ্টিৰ পৰা সাংসদ পদৰ প্ৰাৰ্থী হৈছিল আৰু তাৰ পিছত গৌৰীপুৰ আলমগঞ্জ ৰঙামাটি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা আগবঢ়াইছিল৷

কিন্তু দুয়োটা নিৰ্বাচনত মুখথেকেঁচা খাইছিল ৷

শুকুৰ আলীয়ে কেতিয়াবা অভিনয় কৰি কেতিয়াবা ইংৰাজী ভুলে শুদ্ধই কৈ, কেতিয়াবা আকৌ ভাষণ দি সামাজিক মাধ্যমত চৰ্চিত হৈ থাকিব বিচাৰে ৷

কিন্তু নিজকে জনপ্ৰিয় কৰি ৰাখিব বিচৰা শুকুৰ

এইবাৰ জনপ্ৰিয় হৈছে দৰিদ্ৰ মানুহৰ ধন আত্মসাৎ কৰি।
শুকুৰ আলীয়ে শাসকীয় চৰকাৰৰ লগত সুসম্পৰ্কৰ সুবাদত দেৱীতোলা উন্নায়ন খণ্ডৰ মদাতী V C D Cৰ চেয়াৰমেন হিচাপে নিযুক্তি পাইছিল ৷

মদাতী V C D Cৰ চেয়াৰমেন পদ লাভ কৰি শুকুৰে পাহৰি গ’ল মদাতীৰ ৰাইজৰ কথা ৷

শুকুৰ আলী প্ৰধান মন্ত্ৰী আৱাস যোজনা গৃহৰ টকা,পি এম কিষাণৰ টকা, জৱ কাৰ্ডৰ টকা , গ্ৰাম্য সখি চাকৰিৰ নামত শুকুৰ আলীয়ে হৰলুকি কৰাৰ গুৰুতৰ অভিযোগ হিতাধিকাৰীৰ।

এইবাৰ শুকুৰৰ নামত অভিযোগ তুলিছে স্বয়ং মদাতী V C D Cৰ দৰিদ্ৰ সীমা ৰেখাৰ তলত বসবাস কৰা পুৰুষ আৰু মহিলাই ৷

Leave A Reply

Your email address will not be published.