সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

চুপাৰীত লাগিব S O P

শীঘ্ৰেই বৰাকৰ থলুৱা চুপাৰীৰ এছঅ’পি ঘোষণা হ’ব – এই কথা সদৰী কৰিলে বিধায়ক সুজামুদ্দিন লস্কৰে।
খুব কম দিনৰ ভিতৰতে বৰাকৰ থলুৱা চুপাৰী বহিঃ ৰাজ্যলৈ সৰবৰাহ হ’ব । চৰকাৰে এই বিষয়ে এছঅ’পি প্ৰস্তুত কৰিছে । অহা দুই এদিনৰ ভিতৰত ওলাব নতুন এই এছঅ’পি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত অবশেষত বৰাকৰ থলুৱা চুপাৰী ক্ৰয় , বিক্ৰয় আৰু সৰবৰাহ কৰাত সৃষ্টি হোৱা জটিলতা আতঁৰিছে। এই কথা কলে হাইলাকান্দি জিলাৰ কাটলিছৰাৰ বিধায়ক সুজামুদ্দিন লস্কৰে । বিধায়কৰ মতে , দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত সাক্ষাতৰ পিছত এই বিষয়ে থকা সকলো জটিলতাৰ অবসান ঘটিল।মুখ্যমন্ত্ৰীয়ে শিলচৰৰ কেবিনেট বৈঠকৰ পিছত বৰাকৰ থলুৱা চুপাৰীক লৈ নতুন এছঅ’পি ঘোষণা কৰা হ’ব বুলি জনাইছে বিধায়ক সুজামুদ্দিন লস্কৰে। উল্লেখ্য, বাৰ্মিজ চুপাৰীৰ সৰবৰাহ বন্ধ কৰিবলৈ ৰাজ্য চৰকাৰে কঠোৰ স্থিতি অবলম্বন কৰাৰ পিছত থলুৱা চুপাৰী সৰবৰাহৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সৃষ্টি হৈছিল। আনকি আৰক্ষীয়ে থলুৱা চুপাৰী সৰবৰাহত বাধা সৃষ্টি কৰিছিল বুলিও অভিযোগ উত্থাপিত হৈছিল।

Leave A Reply

Your email address will not be published.