দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত পোহৰলৈ আহিছে RBS পেপাৰ্চৰ বহু চাঞ্চল্যকৰ তথ্য।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ কম্পেনী RBS ৰিয়েল্টৰ্চ প্ৰাইভেট লিমিটেডে কিদৰে চৰকাৰী আইন,বিধি ভৰিৰে মোহাৰি বিঘাই বিঘাই মাটি ক্ৰয় কৰিছিল সেয়া ইতিমধ্যে আপোনালোকৰ সন্মুখত উন্মোচিত হৈছে।এই ভূমি ক্ৰয় যে অনিয়মৰ মাজেৰে সম্পন্ন হৈছিল সেয়াও ভালদৰেই জানিছিল সেই সময়ৰ চৰকাৰী বিষয়াসকলে।যাৰ বাবে সমগ্ৰ ভূমি আবন্টন আৰু ক্ৰয় বিক্ৰয় প্ৰক্ৰিয়াৰ তথ্য আৰম্ভণিৰে পৰা গাপ দিব বিচৰা হৈছিল।
২০০৬ চনত কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ ৰাজহ চক্ৰৰ নমলী জলাহ উদয়ন ফিছাৰী ডেভেলপমেণ্ট ফাৰ্ম আৰু ৱেলফেয়াৰ এক্টিভিটিজ স্কুলৰ নামত আবন্টন দিয়া হৈছিল মুঠ ১৭ বিঘা ২ কঠা ৫ লেচা মাটি।আবন্টনৰ এবছৰৰ ভিতৰতে সমুদায় মাটি ক্ৰয় কৰিছিল ৰিণিকি ভূঞা শৰ্মাৰ কম্পেনী RBS ৰিয়েল্টৰ্চ প্ৰাইভেট লিমিটেডে।আবন্টন আৰু ক্ৰয় বিক্ৰয়ৰ এই অনৈতিক প্ৰক্ৰিয়া আৰম্ভণিৰে পৰা গাপ দিব বিচাৰিছিল উত্তৰ গুৱাহাটীৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ে।সেই কথা প্ৰমাণ হৈছে ২০১৩ চনত উত্তৰ গুৱাহাটী ৰাজহ চক্ৰ বিষয়াই দিয়া এক আৰ টি আই আবেদনৰ উত্তৰত।
২০১৩ চনত এক আৰ টি আই আবেদনৰ জৰিয়তে ২০০১ চনৰ পৰা ২০১৩ চনলৈ উত্তৰ গুৱাহাটী ৰাজহ চক্ৰত কোন প্ৰতিষ্ঠান আৰু ব্যক্তিক ভূমি আবন্টন দিয়া হৈছিল,সেয়া জানিব বিচৰা হৈছিল।উত্তৰ গুৱাহাটীৰ চক্ৰ বিষয়াই ইয়াৰ উত্তৰ দিছিল ২০১৩ চনৰ ২৪ মে’ত।এই উত্তৰত কোৱা হৈছিল যে শিলা সেন্দুৰীঘোপা মৌজাৰ নমলি জলাহ গাঁৱত তিনিটা প্ৰতিষ্ঠানকহে মাটিৰ পট্টন দিয়া হয়।উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ শিলা সেন্দুৰীঘোপা মৌজাৰ নমলি জলাহ গাঁৱত ৯২ আৰু ৯৩ নং পট্টাত গুৱাহাটী ৰিচার্জ চেণ্টাৰৰ হৈ ডাঃ নৱ গোস্বামীক আবন্টন দিয়া হৈছিল মুঠ ৫২ বিঘা ভূমি।আনহাতে মেচাৰ্ছ জেৰিকো ডিতাৰজেন্টক দিয়া হৈছিল ২০ বিঘা ভূমি।চক্ৰ বিষয়াৰ এই উত্তৰত ক’তো উদয়ন ফিচাৰী ডেভেলপমেণ্ট ফাৰ্ম আৰু ৱেলফেয়াৰ এক্টিভিটিজ স্কুলক ভূমি আবন্টন দিয়াৰ তথ্য নাই।অথচ ২০০৬ চনৰ ১৪ আগষ্টত উদয়ন ফিচাৰী ডেভেলপমেণ্ট ফাৰ্মক ৭ বিঘা ২ কঠা ৫ লেচা আৰু ২০০৬ চনৰ ২৭ ছেপ্টেম্বৰত ৱেলফেয়াৰ এক্তিভিটিজ স্কুলক ১০ বিঘা চৰকাৰী মাটি দিয়া হৈছিল।এই চৰকাৰী ভূমি এবছৰৰ ভিতৰতে ক্ৰয় কৰে মেচাৰ্ছ RBS ৰিয়েল্টৰ্চ প্ৰাইভেট লিমিটেডে।ৰিণিকি ভূঞা শৰ্মাৰ কোম্পেনীয়ে বিধি বহিৰ্ভূতভাবে যে ১৭ বিঘা ২ কঠা ৫ লেচা মাটি ক্ৰয় কৰিছিল, তাত কোনো সন্দেহ নাই।সেইবাবেই মাটি ক্ৰয় কৰাৰ পাছতে আবন্টনৰ সকলো নথি নোহোৱা কৰি দিয়া হৈছিল।২০১৩ চনত উত্তৰ গুৱাহাটীৰ চক্ৰ বিষয়াই দিয়া এই উত্তৰেই তাৰ প্ৰমাণ।কিন্তু দ্য ক্ৰছ কাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত পোহৰলৈ অহা ৰাজহ বিভাগৰ নথিত এই কথা অতি স্পষ্ট ভাষাৰে উল্লেখ আছে যে উদয়ন ফিচাৰী ডেভেলপমেণ্ট ফাৰ্মৰ সভাপতি ৰমেন চন্দ্ৰ মহন্তক ৭ বিঘা ২ কঠা ৫ লেচা আৰু ৱেলফেয়াৰ এক্তিভিটিজ স্কুলক ১০ বিঘা মাটি ২০০৬ চনত আবন্টন দিয়া হৈছিল।সমুদায় মাটি এবছৰৰ ভিতৰত ক্ৰয় কৰিছিল RBS ৰিয়েল্টর্চে।এই গুৰুত্বপূৰ্ণ তথ্য তেতিয়াই চৰকাৰী কাৰ্যালয়ৰ পৰা নোহোৱা কৰি দিয়া হৈছিল।কোন কোন চক্ৰ বিষয়া এই অবৈধ ক্ৰয় বিক্ৰয়ৰ লগত জড়িত আছিল,কোনে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা নোহোৱা কৰিছিল ক্ৰয় বিক্ৰয়ৰ নথি,সেই সন্দৰ্ভতো অব্যাহত আছে আমাৰ অনুসন্ধান।
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.