উত্তৰ প্ৰদেশ নিৰ্বাচনৰ আগে আগে বাৰাণসীত মোডীঃ কিন্তু কিয়?

Share This Article

আজি বাৰাণসীত কাশী বিশ্বনাথ ধামৰ প্ৰথম পৰ্যায় উদ্বোধন কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বাৰাণসীত সমবেত জনতাক সম্বোধন কৰি বাৰাণসীৰ সভ্যতাৰ ঐতিহ্যক প্ৰশংসাৰে উপচাই মোদীয়ে কয় যে বহু চুলতানৰ উত্থান আৰু পতন হল কিন্তু বেনাৰস একেই থাকিল। আক্ৰমণকাৰীসকলে এই চহৰখন (কাশী) আক্ৰমণ কৰিছিল আৰু ধ্বংস কৰিবলৈ চেষ্টা কৰিছিল। ঔৰঙ্গজেবৰ অত্যাচাৰ আৰু সন্ত্ৰাসৰ ইতিহাস তাৰ সাক্ষী। ঔৰঙ্গজেবে তৰোৱালৰে সভ্যতা সলনি কৰিবলৈ চেষ্টা কৰিছিল আৰু সংস্কৃতিক ধৰ্মান্ধতাৰে চূৰ্ণ-বিচূৰ্ণ কৰিবলৈ চেষ্টা কৰিছিল কিন্তু এই দেশৰ মাটি বিশ্বৰ আন দেশতকৈ পৃথক। উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোডীক বাৰাণসীত অৱতৰণ কৰাৰ সময়ত আদৰণি জনায় উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। চহৰখনৰ ৩৩৯ কোটি টকাৰ এটা প্ৰকল্পৰ আধাৰশিলা মোডীয়ে ২০১৯ চনৰ ৮ মাৰ্চ তাৰিখে স্থাপন কৰিছিল আৰু কোভিড মহামাৰীয়ে বাধাৰ সৃষ্টি কৰা স্বত্বেও পৰিকল্পনা অনুসৰি তিনি বছৰতকৈও কম সময়ৰ ভিতৰতে ইতিমধ্যেই প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈছে। সন্ধিয়া বিভিন্ন বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলৰ সৈতে ৰো-ৰো জাহাজত গংগাৰ আৰতিৰ সাক্ষী হব নৰেন্দ্ৰ মোদী। ইয়াতেই উল্লেখ কৰিব লাগিব যে মঙলবাৰে বিজেপিৰ ১২ জন মুখ্যমন্ত্ৰী আৰু ৯ জন উপ মুখ্যমন্ত্ৰীৰ এক সন্মিলনত ভাষণ দিব মোদীয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.