চৰকাৰী মাটি বিক্ৰীৰ অভিযোগত আৰক্ষীৰ গোচৰ ৰুজু:- RBS ৰ বিৰুদ্ধে কৰিবনে?

Share This Article

দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত পোহৰলৈ আহিছিল আৰ বি এছ পেপাৰ্ছ ৷ আৰ বি এছ পেপাৰ্ছত ফাদিল হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ কোম্পানী আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডৰ বৃহৎ ভূমি কেলেংকাৰি৷ উত্তৰ গুৱাহাটী আৰু পলাশবাৰীত সংঘটিত হৈছিল এই ভূমি কেলেংকাৰি ৷ বে আইনীভাৱে মুখ্যমন্ত্ৰীৰ আৰ বি এছে ক্ৰয় কৰিছিল বিঘাই বিঘাই চৰকাৰী ভূমি৷ কিন্তু এই বৃহৎ দুৰ্নীতি ফাদিল হোৱাৰ পাছতো মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই কেলেংকাৰিৰ তদন্ত ঘোষণা কৰিবলৈ সাহস কৰা নাই ৷ আজি আপোনালোকৰ সন্মুখত উন্মোচিত কৰিবলৈ লৈছো অনুৰূপ আন এক ভূমি কেলেংকাৰি ৷এই ভূমি কেলেংকাৰিৰ সাদৃশ্য আছে আৰ বি এছৰ ভূমি কেলেংকাৰিৰ লগত৷ভিজিলেন্সত গোচৰ ৰুজু হৈছিল এই ভূমি কেলেংকাৰিৰ বিৰুদ্ধে৷আৰ বি এছৰ লগত সাদৃশ্য থকা এই ভূমি কেলেংকাৰিৰ সবিশেষ-

আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডে উত্তৰ গুৱাহাটী আৰু পলাশবাৰীত সংঘটিত কৰিছিল এক বৃহৎ ভূমি কেলেংকাৰি ৷ এই কেলেংকাৰি দীৰ্ঘদিন ধৰি গাপ দিবলৈ চেষ্টা চলোৱা হ’ল ৷ কিন্তু অনুৰূপ এক ভূমি কেলেংকাৰিৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল ভিজিলেন্স এণ্ড এন্টি কৰাপশ্যনত ৷পলাশবাৰী বা উত্তৰ গুৱাহাটী ৰাজহ চক্ৰত এই কেলেংকাৰি সংঘটিত হোৱা নাছিল ৷ এই কেলেংকাৰিৰ স্থান আছিল খোদ গুৱাহাটী মহানগৰ ৷২০০৫ চনৰ ৬ মে’ আৰু ২০০৫ চনৰ ১২ ডিচেম্বৰত দুটা নিৰ্দেশযোগে এটা প্ৰতিষ্ঠানক আৱন্টন দিয়া হৈছিল ৭ বিঘা ভূমি ৷মহানগৰীৰ বেতকুছিত আৱন্টন দিয়া হৈছিল এই ৭ বিঘা ভূমি ৷নৰ্থ ইষ্ট এগ্ৰিকালচাৰেল ছীড ফাৰ্ম এণ্ড ৰিচাৰ্ছ চেন্টাৰে লাভ কৰিছিল এই ভূমিখিনি৷ আৱন্টনৰ এবছৰ নহওতেই আৱন্টিত ৭ বিঘা মাটিয়েই বিক্ৰী কৰি দিয়ে প্ৰতিষ্ঠানটোৱে ৷ ক্ৰয় কৰে মেচাৰ্চ প্ৰদীপ কুমাৰ আগৰৱালাৰ হৈ পদীপ কুমাৰ আগৰৱালাই ৷ ৰিণিকি ভূঞা শৰ্মা জড়িত আৰ বি এছৰ ভূমি কেলেংকাৰিৰ ক্ষেত্ৰতো একেটাই ঘটনা ঘটিছিল ৷ উত্তৰ গুৱাহাটীৰ নমলী জলাহত উদয়ন ফিচাৰী আৰু ৱেলফেয়াৰ এক্টিভিটীজ স্কুলৰ নামত আৱন্টন দিয়া হৈছিল ১৭ বিঘা ২ কঠা ৫ লেচা ভুমি ৷ এই মাটিও আৱন্টনৰ এবছৰৰ ভিতৰত বিক্ৰী হৈছিল ৷ অবৈধ ক্ৰেতা আছিল ৰিণিকি ভূঞা শৰ্মাৰ আৰ বি এছ ৷ একেখন বেতকুছি গাঁৱতে ২০০৬ চনৰ এপ্ৰিল মাহত নীলাচল ক’ল্ড ষ্টোৰেজ কাম গুডাম আৱন্টন দিয়া হয় ৩ বিঘা ২ কঠা মাটি ৷ এই মাটিৰ নামজাৰিতে কৰা হয় জালিয়াতি ৷ জালিয়াতিৰে এই মাটি পুণৰ নৰ্থ ইষ্ট এগ্ৰিকালছাৰেল ছীড ফাৰ্ম এণ্ড ৰিচাৰ্ছ চেন্টাৰৰ নামত নামজাৰি কৰা হয় ৷ এই মাটিও আৱন্টনৰ এবছৰৰ ভিতৰতে বিক্ৰী কৰি দিয়ে কে আৰ চি ৱেৰহাউচৰ ইশ্বৰী প্ৰসাদ চৌধুৰী নামৰ এজন ব্যক্তিক ৷ এই অবৈধ ক্ৰয়ৰ লগতো সাদৃশ্য আছে আৰ বি এছৰ অবৈধ ভূমি ক্ৰয়ৰ ৷ নৰ্থ ইষ্ট এগ্ৰিলাকচাৰেল ছীড ফাৰ্ম আৰু ৰিচাৰ্চ চেন্টাৰে আৱন্টিত মাটি বিক্ৰী কৰিলে এবছৰৰ ভিতৰত ৷ অৰ্থাৎ ২০০৬ চনত ৷ ২০০৬ চনৰ পৰা ২০১৯ চন ৷ ২০১৯ চনৰ ১৮ জানুৱাৰীত ৰাজহ বিভাগৰ প্ৰধান সচিব ৰাজেশ প্ৰসাদৰ পত্ৰ অসম আৰক্ষীৰ ভিজিলেন্স এণ্ড এন্টি কৰাপশ্যনলৈ ৷ নৰ্থ ইষ্ট এগ্ৰিকালচাৰেল ছীড ফাৰ্ম এণ্ড ৰিচাৰ্ছ চেন্টাৰক আৱন্টন দিয়া মাটি চৰকাৰী নিৰ্দেশ উলংঘা কৰি বিক্ৰী কৰা হৈছে বুলি অৱগত কৰে ৰাজেশ প্ৰসাদে ৷ তদন্তকাৰী বিষয়াই ২০১৯ চনৰ মে’ত দাখিল কৰে এজাহাৰ ৷ এজাহাৰত তদন্তকাৰী বিষয়াই অভিযোগ উত্থাপন কৰি কয় যে ১৯৮৯ চনৰ ৩ অক্টোবৰৰ অসম চৰকাৰৰ জাননী নং আৰ এছ এছ ৪৭/৮৯/৭ আৰু ২০০৬ চনৰ ৬ ডিচেম্বৰৰ জাননী নং আৰ এছ এছ ১৪৬৭/২০০৬/৪ উলংঘা কৰি মাটিৰ এই ক্ৰয় বিক্ৰয় হৈছে ৷ কি আছে এই দুখন জাননীত ?

 

১৯৮৯ চনৰ জাননী মতে আৱন্টিত চৰকাৰী ভূমি ৫ বছৰলৈ বিক্ৰী কৰিব নোৱাৰিব ৷ আনহাতে ২০০৬ চনৰ জাননী মতে আৱন্টিত ভূমি ১০ বছৰলৈ বিক্ৰী কৰিব নোৱাৰিব ৷ এই দুয়োখন জাননী উলংঘা কৰি আৱন্টিত মাটিৰ ক্ৰয় বিক্ৰয় হোৱাৰ অভিযোগ উত্থাপন কৰি তদন্তকাৰী বিষয়াই এজাহাৰ দাখিল কৰে ৷ অসম আৰক্ষীৰ ভিজিলেন্স এণ্ড এন্টি কৰাপশ্যনে এজাহাৰ গ্ৰহন কৰি ০০০৭/২০১৯ নং গোচৰ ৰুজু কৰে ৷ এই গোচৰ ভাৰতীয় দণ্ডবিধিৰ ১১৯ ,১২০(বি), ১৬৭ ,৪২০ ,৪৬৮ , ৪৭১ আৰু দুৰ্নীতৈ নিবাৰক আইনৰ ১৩ (১)(ক) ধাৰাৰ অধীনত ৰুজু কৰা হয় ৷

 

২০০৬ চনত চলা চৰকাৰী ভূমিৰ এই অবৈধ ক্ৰয় বিক্ৰয়ৰ বিৰুদ্ধে গোচৰ ৰুজু হয় ২০১৯ চনত বিজেপি চৰকাৰৰ আমোলত ৷ একেই ২০০৬ চনত উত্তৰ গুৱহাটীত ৰিণিকি ভূঞা শৰ্মাৰ কোম্পেনী  আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিপ্ত হৈছিল চৰকাৰী ভূমিৰ অবৈধ ক্ৰয়ত ৷ সেইবাবেই এতিয়া প্ৰশ্ন উঠিছে কিয় গোচৰ ৰুজু নহয় ৰিণিকি ভূঞা শৰ্মাৰ কোম্পেনীৰ বিৰুদ্ধে ? মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক হস্তক্ষেপৰ বাবেই গোচৰৰ সন্মুখীন হোৱাৰ পৰা বাচি আছে নেকি ৰিণিকি ভূঞা শৰ্মাৰ কোম্পেনী আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেড ?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.