তৃণমূল কংগ্ৰেছত যোগদান কৰিলে প্ৰাক্তন সাংসদ তথা সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ পদত্যাগী সভানেত্ৰী সুস্মিতা দেৱে ৷ তৃণমূলৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ উপস্থিতিত কংগ্ৰেছী নেত্ৰীগৰাকীয়ে আজি নতুন ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰে ৷ ৰাজনৈতিক মহলৰ চৰ্চা অনুসৰি সুস্মিতা দেৱক ৰাজ্যসভালৈ প্ৰেৰণ কৰাৰ লগতে ত্ৰিপুৰাৰ বিশেষ দায়িত্ব দিয়া হ’ব ৷ লগতে বৰাক উপত্যকাত তৃণমূলৰ সংগঠন শক্তিশালী কৰাৰ ওপৰতো সুস্মিতা দেৱৰ জড়িয়তে চেষ্টা চলাব মমতা বেনাৰ্জী নেতৃত্বাধীন দলটোৱে ৷
ইয়াৰ পূৰ্বে সুস্মিতা দেৱে এ আই চি চিৰ সভানেত্ৰী ছোনিয়া গান্ধীয়ে পত্ৰ লিখি দলৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল ৷