বিনা যুদ্ধই আমেৰিকাই পাকিস্তানক গতালে নেকি আফগানিস্তান ?

Share This Article

৯/১১ ৰ আক্ৰমণৰ পাছত আমেৰিকাই বিচাৰিছিল তালিবানে ওচামা বিন লাডেনক আমেৰিকাৰ হাতত অৰ্পন কৰক ৷ তালিবানে নামানিলে ৷ তেওলোকে বিচাৰিলে আলোচনা ৷ তালিবানে কাটাৰত আমেৰিকাৰ লগত এক আলোচনাত মিলিত হ’ব বিচাৰিছিল ৷ আলোচনালৈ আমেৰিকা নগ’ল ৷ তাৰ পাছতে আৰম্ভ হ’ল আফগান যুদ্ধ ৷ যি যুদ্ধক আমেৰিকাই বিশ্ববাসীৰ সন্মুখত উপস্থাপন কৰিছিল আফগানিস্তানৰ মুক্তিৰ যুদ্ধ হিচাপে ৷ কিন্তু ২০ বছৰৰ সুদীৰ্ঘ যুদ্ধৰ পাছতো আফগানিস্তানৰ মুক্তি সম্ভৱ নহ’ল ৷ দেশখনৰ পৰা আমেতৰিকাৰ সেনা প্ৰত্যাহাৰৰ পাছতে আফগানিস্তানৰ ক্ষমতা তালিবানৰ হাতলৈ গুছি গ’ল ৷ ইয়াৰ লগে লগে  প্ৰশ্ন উঠিছে – ২০ বছৰ যুদ্ধ চলাই যোৱা আমেৰিকাই এইবাৰ বিনাযুদ্ধে  আফগানিস্তানক পাকিস্তানৰ হাতত তুলি দিলে নেকি ?

জৰ্জ বুশ্বৰ পৰা ওচামা বিন লাডেনলৈ সকলোৱে আফগান যুদ্ধক দেশখনৰ মুক্তিৰ যুদ্ধ হিচাপে বিশ্বৰ সন্মুখত  তুলি ধৰিবলৈ চেষ্টা কৰিছিল ৷ কিন্তু বাস্তৱ সত্যটো হ’ল – কোনো এজন ৰাষ্ট্ৰপতিৰ আমোলতে আফগানিস্তান ৰাষ্ট্ৰ গঠনৰ চেষ্টা কৰা নহ’ল ৷ সামান্য অৰ্থসাহায্যৰ বাদে মুক্তিৰ কোনো পথ তৈয়াৰ কৰা নহ’ল ৷ এতিয়া আফগানিস্তানত  সেনা নিয়োগৰ নামত হোৱা ব্যয় যেতিয়া আমেৰিকাই বহন কৰিব নোৱাৰা হ’ল , হঠাৎ সেনা প্ৰত্যাহাৰ কৰি আঁতৰি গ’ল ৷ প্ৰবল অৰ্থনৈতিক চাপৰ বাবে ডোনাল্ড ট্ৰাম্পৰ সময়ৰ পৰাই যুদ্ধ সামৰাৰ কুচকাৱাজ আৰম্ভ হৈছিল ৷ এতিয়া যুদ্ধৰ খৰচ বহন কৰাটো অসম্ভৱ হৈ পৰাত জ’ বাইডেনৰ চৰকাৰে ল’লে সকলো সেনা ঘূৰাই নিয়াৰ সিদ্ধান্ত ৷ কিন্তু ২০ বছৰ আগতে যি আছিল আজিও একেদৰেই থাকি গ’ল আফগানিস্তানৰ নীৰিহ নাগৰিকসকল ৷ৰাজনৈতিক আৰু প্ৰশাসনিক পৰিস্থিতিৰ কোনো সলনি নহ’ল ৷

আফগানিস্তানৰ শেহতীয়া আশ্ৰফ ঘানিৰ চৰকাৰ আৰু তাৰ আগৰ হামিদ কাৰজাইৰ চৰকাৰৰ আমোলতো আফগানিস্তানৰ প্ৰশাসন আছিল সম্পূৰ্ণৰূপে দুৰ্নীতিগ্ৰস্থ ৷ সাধাৰণ মানুহৰ উন্নতিৰ কথা কোনেও চিন্তা কৰা নাছিল ৷ সেইবাবেই আজিও দেশখনত নিবনুৱাৰ হাৰ ২৭ শতাংশ আৰু দৰিদ্ৰতাৰ হাৰ ৪৫ শতাংশ ৷ যাৰ বাবে চৰকাৰৰ বিৰুদ্ধে সাধাৰণ মানুহৰ ক্ষোভ দিনে দিনে ঘণীভুত হৈ আহিছিল ৷ আফগানিস্তানৰ প্ৰতিখন প্ৰদেশ পৰিচালিত হয় ‘প্ৰদেশ প্ৰভু’ৰ নিৰ্দেশ মৰ্মে ৷ তেওলোকৰ থাকে নিজা সেনা বাহিনী ৷এই সেনা বাহিনীক পৰাজিত কৰিয়েই কাবুল দখল কৰিবলৈ সক্ষম হ’ল তালিবানে ৷

নব্বৈৰ দশকতো প্ৰদেশ প্ৰভুৰ সেনা বাহিনীক পৰাজিত কৰিয়েই ক্ষমতালৈ আহিছিল তালিবান ৷ একবিংশ শতিকাৰ প্ৰথমভাগত আমেৰিকাৰ সেনাৰ প্ৰৱেশৰ লগে লগে এই প্ৰভুসকলৰ ক্ষমতা লোপ পায় ৷ পৰৱৰ্তী সময়ত হামিদ কাৰজাইৰ চৰকাৰ গঠনৰ লগে লগে প্ৰদেশ প্ৰভুসকল পুণৰ চৰকাৰৰ কাষ চাপি আহে ৷ পুণৰ গঢ়ি তোলে নিজৰ সেনা বাহিনী আৰু চৰকাৰী বাহিনীৰ সহযোগত শাসন চলাবলৈ লয় ৷ এই প্ৰভুসকল আগৰ পৰাই তলিবান বিৰোধী আৰু মুজাহিদীনৰ সমৰ্থক আছিল ৷ যাৰ বাবে অতি সহজে চৰকাৰৰ বিশ্বাসী হৈ উঠে ৷ আশ্ৰফ ঘানিয়ে এই প্ৰভুসকলক অধিক ক্ষমতা দিবলৈ চেষ্টা কৰিছিল ৷ যাতে তালিবানৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তুলিবলৈ সক্ষম হয় ৷ কিন্তু কাৰ্যত: কোনো এখন প্ৰদেশেই প্ৰতিৰোধ গঢ়ি তোলা দেখা নগ’ল ৷ এয়াও এক ৰহস্যৰ বিষয় হৈ পৰিছে ৷

বিশ্লেষকসকলৰ মতে , আফগানিস্তানৰ কোনো এখন চৰকাৰেই গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰ নহয় ৷ ঘানি চৰকাৰো নহয় ৷ আমেৰিকাৰ পৃষ্ঠপোষকতাতহে তেও ৰাষ্ট্ৰপতিৰ আসনত বহিছিল ৷ যাৰ বাবে সাধাৰণ মানুহৰ মন হৈ উঠিছিল আমেৰিকা বিদ্বেষী৷ তেওলোক তালিবানৰ সমৰ্থক নহয় , আমেৰিকাৰো নহয় ৷কিয়নো আমেৰিকাৰ আক্ৰমণত দেশখনৰ হাস্পতাল পৰ্যন্ত ধ্বংস হৈ গৈছে ৷ বহু নীৰিহ লোক মৃত্যুমুখত পৰিছে ৷ আগগানিস্তান চৰকাৰে কেতিয়াও ইয়াৰ বিৰোধিতা কৰা নাই ৷ আমেৰিকাই সৃষ্টি কৰা পৰিস্থিতিৰ বাবেই তালিবানে আকৌ মূৰ দাঙি উঠাৰ সুযোগ লাভ কৰে ৷ একেসময়তে পাকিস্তান , চীনৰ সমৰ্থনো লাভ কৰে তালিবানে ৷তালিবানক চীনে প্ৰস্তাব দিয়ে যে যদিহে আফগানিস্তানত থকা বেইজিঙৰ বিনিয়োগ সুৰক্ষিত থাকে তেনেহ’লে তালিবান চৰকাৰক সমৰ্থন দি যাব চীনে ৷ইপিনে , ক’ৰোণা পৰিস্থিতিত ভাঙি পৰিছে আমেৰিকাৰ অৰ্থনীতি ৷ যুদ্ধৰ পৰ্বতসম ব্যয় বহন কৰি থকাতো কোনো কাৰণতে সম্ভৱ  নহয় ৷ তালিবানেও আল কায়দাক ভৱিষ্যতে সুৰক্ষা নিদিয়াৰ প্ৰতিশ্ৰুতি দিছে ৷ আল কায়দাৰ এতিয়া আৰু বিশেষ শক্তি অৱশিষ্ট ৰৈ যোৱা নাই ৷ গতিকে আফগানিস্তানৰ পৰা আমেৰিকাৰ নতুনকৈ পাবলগীয়া একো নাই ৷ গতিকে তেওলোকে আফগানিস্তান পৰিত্যাগৰ সিদ্ধান্তত চূড়ান্ত মোহৰ মাৰিলে ৷

ইয়াতেই আন্তৰ্জাতিক ৰাজনীতিৰ এটা গুৰুত্বপূৰ্ণ টাৰ্ণিঙ আহি পৰে ৷ বিশ্বৰ দুই মহাশক্তিমান ৰাষ্ট্ৰ চীন আৰু আমেৰিকা সদায় বিপৰীত মেৰুত থাকে ৷ চীন যদি তালিবানৰ সমৰ্থক আছিল , আমেৰিকাই তালিবানৰ বিৰুদ্ধে ২০ বছৰে অব্যাহত ৰাখিছিল যুদ্ধ ৷ একেসময়তে চীনেও আঁৰৰ পৰা কূটনৈতিক আৰু অৰ্থনৈতিক যুদ্ধ এখন সমান্তৰালভাৱে চলাই গ’ল ৷ অৱশেষত তালিবানৰ হাতত আফগানিস্তানক তুলি দিয়াৰ ফলাফল হ’ল চীনৰ ওচৰত আমেৰিকাৰ পৰাজয় ৷ কোৱা হয় , তালিবানৰ হাতত থকা বিপুল অৰ্থ আৰু অস্ত্ৰ- শস্ত্ৰও চীন আৰু পাকিস্তানৰেই প্ৰদত্ত ৷ গতিকে , আমেৰিকাই এইবাৰ বিনা যুদ্ধই চীন – পাকিস্তানৰ হাতত আফগানিস্তানক গতাই দিয়া ঘটনা ভাৰতৰ বাবেও গভীৰ উদ্বেগৰ কাৰণ হৈ উঠিছে ৷

 

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.